মহিলাসকলৰ কাম কৰি থকা অৱস্থাত কিবা নহয় কিবা সমস্যা হয় থাকে লাগিলে সেইয়া কঁকালৰ বিষ হওক, আঁঠুৰ বিষ হওক, পিঠিৰ বিষ ইত্যাদি। ( Assamese Health Tips )
পুৰুষসকলেও তো গোটেই দিন কাম কৰি থাকে কিন্তু তেওঁলোকৰ কিয় একো সমস্যা নহয়? পুৰুষসকলৰো সমস্যা হয় কিন্তু তেওঁলোকে অনুভৱ কৰিব নোৱাৰে। ইয়াত পুৰুষ মহিলাক তুলনা কৰি কোৱা হোৱা নাই , ইয়াত সম্পূৰ্ণ বৈজ্ঞানিক কথা কোৱা হৈছে। পুৰুষ সকলৰ তুলনাত মহিলা সকলৰ গাঁঠিৰ বিষৰ সমস্যা বেছি হয়। ইয়াৰ কাৰণ হৈছে আমাৰ হৰমন। গাঁঠিৰ বিষৰ বাবেও কৰবাত নহয় কৰবাত এই হৰমন দায়ী।
আহকচোন আজি আমি এই গাঁঠিৰ বিষৰ বিষয়ে আলোচনা কৰো।
গাঁঠিৰ বিষ (Arthritis) ??
এইটো জৰুৰী নহয় যে গাঁঠিৰ প্ৰতিটো বিষ 'Arthritis' হব। কিন্তু প্ৰায়ে ই Arthritis ৰ দিশে ইংগিত দিয়ে।
'Arthritis' বহুত প্ৰকাৰৰ হয়।সকলোতকৈ কমন Arthritis হৈছে 'Osteo Arthritis' আৰু 'Rheumatoid Arthritis' যাক RA বুলিও কোৱা হয়। গৱেষণাৰ মতে RA ৰ সমস্যা পুৰুষৰ তুলনাত মহিলাসকলৰ ৩ গুণ বেছি থাকে। ইয়াত আপোনাৰ হাত ভৰিৰ আঙুলি ফুলি যায়, গাঁঠিৰ বিষ হয় আৰু ভাগৰ অনুভৱ হয়।
পুৰুষ সকলে সাধাৰণতে ভাবে যে মহিলাসকলে ভাগৰ অনুভৱ কৰি খং কৰা বুলি। মহিলাসকলে এই সমস্যাটোক বাকীবোৰ সমস্যাৰ দৰে বুলি ভাবি গুৰুত্ব নিদিয়ে। ইয়াৰ বিষয়ে আলোচনা কৰাৰ আগতে জানি লওঁ আহক যে এই গাঁঠি হয় কি? মূৰৰ পৰা ভৰিলৈকে আমাৰ শৰীৰতো হাড়েৰে গঠিত। হাড়ে আমাৰ শৰীৰৰ অংগ সমূহক সযতনে ৰখাৰ কাম কৰে। এজন প্ৰাপ্তবয়স্ক লোকৰ শৰীৰত মুঠ ২০৬ ডাল হাড় থাকে আৰু ৩২ তা দাঁত থাকে। আটাইতকৈ দীঘল হাড় হয় জাংৰ। ই আমাৰ শৰীৰৰ মজবুত হাড়ৰ ভিতৰত এডাল । ই শৰীৰৰ উজনতকৈ ৩০ গুণ ওজন উঠাব পাৰে। এই হাড়বোৰ যত এডালে আন ডালৰ লগত লগ খাই তাক গাঁঠি বুলি কোৱা হয়। সময়ৰ লগে লগে এই গাঁঠিবোৰ বেয়া হব ধৰে, কমজুৰি হব ধৰে আৰু সেইবাবেই আমাৰ গাঁঠি সমূহৰ বিষ হয়। আমাৰ শৰীৰত যদি গাঁঠি নাথাকিল হয় তেন্তে আমি খোজ কাঢ়িব নোৱাৰিলোঁ হয়। যদি আঙুলিৰ গাঁঠি সমূহে ভালদৰে কাম নকৰে তেতিয়া আমি কোনৰো এটা বস্তু ধৰি ৰাখিবই নোৱাৰিম। আমাৰ শৰীৰৰ ভিতৰত এক Immune system থাকে।
কৰনা মহামাৰীৰ বাবে Immunity শব্দটো আমি সকলোৱে প্ৰায় হাজাৰ বাৰৰ ওপৰত শুনিছোঁ। যদি আমাৰ শৰীৰত কোনো বেক্টেৰিয়া বা ভাইৰাছে এতেক কৰে তেতিয়া আমাৰ immune system এ তাৰ লগত যুঁজিব পাৰে। ( Assamese Health Tips )
কেতিয়াবা আমাৰ শৰীৰৰ immune system এ জোখতকৈ বেছি কাম কৰে যে শৰীৰত থকা কিছুমান জৰুৰী বস্তুৰ ওপৰত ভয়ানক বুলি ভাবি তাৰ ওপৰত আক্ৰমণ কৰে। ইয়াক কোৱা হয় 'Auto immune Disease 'RA ও হৈছে এক প্ৰকাৰৰ 'Auto Immune disease'ইয়াত আমাৰ immune system এ গাঁঠি সমূহৰ আশে পাশে থকা লাইনত আক্ৰমণ কৰে। এই Lining বোৰে নিজক বছাবলৈ ফুলিব ধৰে। এই ফুলাটো যিমানেই বাঢ়িব ধৰে সিমানেই আক্ৰমণ বাঢ়ি যায়। সেই বাবে গাঁঠি সমূহ বেয়া হব ধৰে আৰু হাড়বোৰৰ আকাৰ সলনি হৈ যায়। ইয়াৰ পৰা বাচিবলৈ আমি কি কৰিব পাৰো?
কেলচিয়াম হৈছে হাড়ৰ জৰুৰী অংগ। কেলচিয়ামৰ অভাৱৰ বাবেই হাড়বোৰ কমজুৰ হব ধৰে। ইয়াৰ উপৰিও আমাৰ মেগনেছিয়াম আৰু ভিটামিন D ৰ প্ৰয়োজন। ব্যায়াম কৰাটো ও কিন্তু আমাৰ হাড় বোৰৰ বাবে জৰুৰী। তাৰূপৰিও যদি আপুনি ভালকৈ টোপনি মাৰে আৰু ওজনৰ ওপৰত ধ্যান দিয়ে তেন্তে এই গাঁঠিৰ বিষৰ সমস্যাৰ পৰা হাত সাৰিব পাৰিব। কিন্তু মহিলাসকলৰ পুৰুষৰ তুলনাত এই সমস্যা ৩ গুণ বেছি হয়। কিছুমান মহিলাৰ এই সমস্যা গৰ্ভাৱস্থাৰ সময়ত হয় আৰু কিছুমানৰ Menopause ৰ সময় চোৱাত। ইয়াত হৰমন উপৰ তল হৈ থাকে। পুৰুষৰ তুলনাত মহিলাসকলৰ immune system বেছি সক্ৰিয় হয়। সেইবাবে মহিলাহকলকৰ Arthritis , Asthma, Allrgy ৰ সমস্যা বেছি হয়। তাৰূপৰিও মহিলাৰ শৰীৰত Fat বেছি থাকে। আমি প্ৰায়ে কওঁ যে pregnancy ৰ সময়ছোৱাত মহিলা সকলৰ শৰীৰৰ আকাৰ সলনি হৈ যায়। এই পৰিবৰ্তন এই বাবেই হয় যাতে শৰীৰত সন্তানটিৰ কাৰণে ঠাই ওলাই। এই ঠাইৰ বাবে Hips ডাঙৰ হব ধৰে। hips বাঢ়ি যোৱাৰ বাবে সম্পূৰ্ণ জোৰ আঁঠুত পৰে।
মহিলাসকলৰ Knee Replacement ৰ আটাইতকৈ বেছি প্ৰয়োজন হয়। কিন্তু আমি যেতিয়া হাড় বা গাঁঠি সমূহৰ কথা কওঁ তেতিয়া আমাৰ মগজুলৈ আঁঠুৰ কথা বেছিকৈ আহে। কিন্তু শৰীৰত হাড় সকলো ঠাইতে থাকে। সেইবাবে RA শৰীৰৰ সকলো ঠাইতে দেখা পোৱা যায়। যিদৰে হৃদপিণ্ডত, মুখত, চকুত ইত্যাদি। সকলোতকৈ সৰু তিনি ডাল হাড় আমাৰ কাণত থাকে। ই ধ্বনিৰ তৰংগক কাণৰ পৰ্দা লৈকে লৈ যোৱা কাম কৰে। সৰুৰে পৰা যৌৱন কাললৈকে হাড় সমূহ ডাঙৰ হৈ থাকে। হাড় সমূহৰ বাহিৰ চোৱাত পেৰিয়ষ্টম নামৰ এক প্ৰলেপ থাকে আৰু ইয়াত তেজৰ কণিকা থাকে আৰু nerve fiber। ইয়াৰ ফলতেই আমি বিষ সমূহ অনুভৱ কৰিব পাৰো। ইয়াৰ আগৰ প্ৰলেপটোক Compact bone বুলি কোৱা হয়। আৰু তাৰ পাছৰতোক কেঞ্চেলেছ ব'ন বুলি কোৱা হয় আৰু ই বহুত পাতল হয়। ই দেখিবলৈ প্ৰায় মৌ মাখিৰ বাহতোৰ দৰে। ই শৰীৰক support দিয়াৰ কাম কৰে। তাৰ মাজত হালধীয়া ৰঙৰ Mero থাকে আৰু ৰঙা ৰঙৰ কেবিটি থাকে। ৰঙা ৰঙৰ মেৰুয়ে সদায় বহুতো ৰক্ত কণিকাৰ সৃষ্টি কৰে। সৰু লৰা ছোৱালীৰ mero সদায় ৰঙা হয় কিয়নো তেওঁলোকক তেজৰ বেছি প্ৰয়োজন হয়। বয়স্ক লোকৰ শৰীৰত ৰঙা mero কিছুমান হাড়ত থাকে। কেৱল সৰু লৰা ছোৱালীয়েই নহয় মহিলা আৰু পুৰুষৰ শৰীৰো ইজনৰ আনজনৰ পৰা ভিন্ন হয়। সেইবাবে দুয়োৰে শৰীৰত ৰোগৰ প্ৰভাৱ বেলেগ হয় আৰু দুয়োৰে চিকিৎসাও বেলেগ হয়। কিন্তু অধিক গৱেষণা পুৰুষৰ ওপৰত হোৱা বাবে মহিলা সকলক পুৰুষৰ দৰেই চিকিৎসা কৰা হয় লাগিলে সেইয়া কাম কৰক বা নকৰক।
পশ্চিমীয়া বিজ্ঞানত বেছিভাগ গৱেষণা পুৰুষৰ ওপৰতেই হৈছে। যদি কোনো মহিলাই ২ বছৰলৈকে দুগ্ধ পান কৰাই তেন্তে RA সমস্যা হোৱাৰ শংকা নিজে নিজে আধা কমি যায়। কিন্তু সকলোৰে শৰীৰ বেলেগ হয় গতিকে সকলোকে বেলগ চিকিৎসাৰ প্ৰয়োজন। যদি কিবা শাৰীৰিক সমস্যাত ভুগিছে তেন্তে তৎক্ষণাত চিকিৎসকৰ ওচৰত যাওক আৰু সঠিক চিকিৎসা কৰাওক।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।
( Assamese Health Tips )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:
Post a Comment