আমাৰ চকুতো আমাৰ শৰীৰৰ সকলো প্ৰয়োজনীয় বস্তুৰ ভিতৰত এটা। ইয়াৰ অবিহনে আপুনি বা আমি একো কাম কৰিব নোৱাৰোঁ।(Assamese Fact )
কিন্তু আপোনালোকৰ ভিতৰত কিছুমান মানুহ এনেকুৱা আছে চাগে যাৰ চকু ৰশ্মি কমি গৈছে। বহুতেটো চচমা পিন্ধিবলৈও ল'লে। আপোনালোকে এইটো বিচাৰে চাগে যে আপোনালোকৰ চকুৰ ৰশ্মি বাঢ়ি যাওঁক।
এটা ল'ৰাৰ চকুৰ ৰশ্মি সৰুৰে পৰা কম আছিল। তাৰ পাছত সি এনেকুৱা কিছুমান উপায় অৱলম্বন কৰিলে। যাৰ ফলত এতিয়া সেই ল'ৰাটোৰ চকু ৰশ্মি বহুত সালসলনি ঘটিল। ইউটিউবত ভিডিঅ' চাওঁতে দেখে চাগে তাত Quality থাকে। এতিয়া যদি আপোনালোকৰ চকুটোৱে ৩৬০p চাই আছে।যদি আপোনালোকে আমি কোৱা কামবোৰ কৰে তেতিয়া আপোনালোকৰ চকুৱে ৩৬০p পৰা ১০৮০p ললৈ চাব বা তাৰ ক্ষমতা বাঢ়ি যাব।দুটা চকুৰ সমান ৰশ্মি তেতিয়া এটা চকুলৈ আহি যাব। তেতিয়া আপোনালোকে এই পৃথিৱীখনক আৰু ভালকৈ স্পষ্টকৈ চাব পাৰিব।৩৬০p পৰা ১০৮০p এইটো আমি এটা উদাহৰণহে দিছোঁ। সঁচা কথা ক'বলৈ গ'লে আমাৰ চকুৱে ৫৭৬MP হয়।
আমি চকুৱে দি যিমান স্পষ্টকৈ দেখো সিমান স্পষ্টকৈ এটা কেমেৰাই আমাক দেখাব নোৱাৰে। আমাৰ চকুৰ সচাঁ বন্ধু হ'ল মমবাতি। কাৰণ এডাল মমবাতিয়ে আমাৰ চকুৰ ৰশ্মি সম্পূৰ্ণ ৰূপে বঢ়াই তুলিব পাৰে। মমবাতিৰ যি প্ৰকাশ বা ৰশ্মি আচলতে সি কাম কৰে। চকুৰ ৰশ্মি ঘূৰাই আনিবলৈ বা আপোনালোকৰ এতিয়া চকুৰ ৰশ্মি যিমান আছে তাক বঢ়াবলৈ একমাত্ৰ এইটোৱে উপায়। যি আপোনাৰ বাবে বহুত ভাল উপায় হিচাপে পৰিগনিত হ'ব। ইয়াৰ বিষয়ে আপোনালোকে চাগে ক'ৰবাত দেখিছে বা শুনিছে।
এই উপায়টো কৰিবলৈ আপোনালোকে এডাল মমবাতি নিজৰ চকুৰ পৰা ১.৫ পৰা ২ ফুট আঁতৰত ৰাখিব লাগিব। তাৰ পিছত বহি লৈ সেই জ্বলি থকা মমবাতিডাল আপোনালোকে চাব লাগে। আপোনালোকে সেইডাল চাই থাকিব লাগিব তেতিয়ালৈকে যেতিয়ালৈকে আপোনাৰ চকুৰে চকু পানী বৈ নাহে। এনেদৰে আপোনালোকে নিজৰ চকুৰ ৰশ্মি বহুত কম সময়ৰ ভিতৰতে বঢ়াব পাৰিব। আপোনালোকে যদি সদায় ২ পৰা ৩ বাৰ কৰে তেতিয়া কিছু সপ্তাহৰ পিছতেই দেখিব যে আপোনালোকে বহুত স্পষ্টকৈ দেখিছে।এই উপায়টোৱে আপোনাৰ চকু ৰশ্মি বঢ়োৱাৰ লগতে আপোনাৰ Concentration বা একাগ্ৰতা ক্ষমতাও বঢ়িব।
মমবাতিডাল চোৱা সময়ত আপোনালোকৰ চকু আৰু মগজুৰ শক্তি সমানে একেলগে বাঢ়ে। ইয়াত সকলোতকৈ প্ৰয়োজনীয় কথা এইটো যে যেতিয়া আপোনালোকে সেই মমবাতিডাল চাই থাকে তেতিয়া আপোনালোকে চকু টিপ নামাৰিব আৰু তেতিয়ালৈকে চাই থাকিব যেতিয়ালৈকে আপুনি বা আপোনালোকে চাব পাৰে। শেষত আপোনাৰ চকুৱে দি চকু পানী বৈ আহিব। চকুৱে দি চকু পানী বৈ আহিলে জানিব যে এই উপায়টোৱে কাম কৰিবলৈ আৰম্ভ কৰিছে।
(Assamese Fact )
আপোনালোকে নাজানে চাগে পেঞ্চিলেও আপোনাৰ চকু সৱল কৰি ৰখাত সহায় কৰে। পেঞ্চিলডাল আপোনালোকে নিজৰ হাতত লৈ অলপ দূৰত থ'ব লাগে আৰু তাৰ পাছত সেই পেঞ্চিলডাল চাই চাই লাহে লাহে নিজৰ চকুৰ ওচৰলৈ আনিব লাগে। এনেদৰে ৫ পৰা ৬ বাৰ কৰিব লাগে। এই উপায়টো কৰা ফলত আপোনালোকৰ চকুৰ ৰশ্মি বঢ়ে। ইয়াৰ পৰা আপোনালোকৰ সন্মুখলৈ চোৱা ক্ষমতা বাঢ়ে।
আপোনালোকে যদি এই উপায়টো দিনত 2 বাৰো কৰে তেতিয়া আপোনালোকৰ সন্মুখলৈ চোৱা শক্তি বা ক্ষমতা বাঢ়ি যাব। এই উপায়টো কৰাৰ ফলত আপোনালোকৰ সন্মুখলৈ চোৱা শক্তিটো বাঢ়ি যাব । কিন্তু দূৰলৈ চাব পৰা শক্তিও বঢ়াব লাগে। ইয়াৰ কাৰণে আপুনি নিজৰ এটা আঙুলি বাহিৰলৈ উলিয়াই লওঁক আৰু সেইটো চাওঁক তাৰ পাছত তৎক্ষণাত আকৌ বেলেগ এটা বস্তু চাই দিয়ক যিটো বহুত দূৰত আছে। আকৌ সেই একেদৰে আঙুলিটো চাওঁক আকৌ দূৰলৈ চাওঁক এনেকে সদায় প্ৰায় ১ মিনিট মান ৰাতিপুৱা সময়ত কৰিব লাগে। ইয়াৰ ফলত আপোনালোকৰ বা আপোনাৰ দূৰলৈ আৰু ওচৰলৈ চোৱা ক্ষমতা বা শক্তি বাঢ়ে।
যদি আপোনালোকে নিজৰ চকুটো সৱল কৰি ৰাখিব বিচাৰে তেতিয়া আপোনালোকে প্ৰকাশৰ বিপৰীত বস্তু চাব লাগিব ।যেনে - আন্ধাৰ। আপোনালোকে জানে চাগে আমাৰ মগজুৱে ভবা কাম কৰে আৰু সদায় কৰিয়ে থাকে আৰু যেতিয়া আমি ভাবিবলে বন্ধ কৰোঁ অলপ শান্ত হৈ থাকোঁ তেতিয়া মগজুৱে আৰাম পায় আৰু তাৰ শক্তি বৃদ্ধি হয়। ঠিক সেইদৰে আপোনাৰ বা আমাৰ চকুৱেও সদায় যিটি বস্তু চাই থাকে আৰু যেতিয়া আমি তাক শান্ত কৰো অৰ্থাৎ আন্ধাৰ লৈ চাওঁ তেতিয়া আমাৰ চকুৰ ৰশ্মি বাঢ়ে। আন্ধাৰ লৈ চোৱাতো বহুত সৰু কথা । আপোনালোকে নিজৰ চকুটো হাতেৰে ধাকি দিয়ক।ধকা পাছত আন্ধাৰ হৈ পৰিব। সচা কথা কবলৈ গ'লে এই আন্ধাৰক আপোনালোকে কেতিয়াও ধ্যান দিব চোৱা নাই। আমাৰ চকুত Photo Receptor Cells থাকে। যাৰ ফলত আমি দেখো। হাতেৰে ধাকি দিয়া পাছত আপোনালোকে যি আন্ধাৰ দেখে সেই আন্ধাৰে আপোনালোকৰ বা আমাৰ Photo Receptor Cells ক শক্তিশালী কৰি তোলে আৰু এই কথাটো বৈজ্ঞানিক সকলে সঁচা বুলি কৈছে।যেতিয়া Photo Receptor Cells শক্তিশালী হয় তেতিয়া আপোনালোকে বহুত স্পষ্টকৈ দেখা পাব ।
আপোনালোকে এইটো ভাবিব পাৰে এই আন্ধাৰকটো আমি সকলোৱে দেখো বা চাওঁ যেতিয়া আমি শুৱলে যাওঁ। আচলতে এই আন্ধাৰক আপোনালোকে বা আমি মন দি নাচাওঁ। সেই কাৰণে ইয়াৰ ফল আমি নাপাওঁ। আপোনালোকে ইয়াক ধ্যান দিব চাওঁক তেতিয়াহে আপোনালোকে ইয়াৰ লাভ পাব।
ইয়াৰ উপৰিও আপোনালোকে চকু মুদা আৰু মেলা উপায়টোও কৰিব পাৰে অৰ্থাৎ এবাৰ মেলি আকৌ লগা লগ মুদি দিয়া ।এইটো আমি সোনকালেই সোনকালেই কৰিব লাগিব। ইয়াৰ ফলত আপোনালোক চকুত বহুত গতিবিধি হোৱা দেখা যায়।যাৰ ফলত আপোনালোকৰ চকুৰ ভিতৰৰ তেজ চলাচল প্ৰক্ৰিয়া ভাল হৈ পৰে।যেতিয়া আপোনালোকে বহুত দেৰি সন্মুখলৈ চাই থাকে ।যেনে- পঢ়োতে বা কম্পিউটাৰত কাম কৰোঁতে আপোনালোকে বহুত কমকৈ চকু মুদে। সেই কাৰণে পঢ়োতে বা কম্পিউটাৰত কাম কৰোঁতে ১মিনিট হ'লেও সময় উলিয়াই এই উপায়টো কৰি চাব বা কৰিব ।যাতে আপোনালোকৰ চকু ভালে থাকে আৰু বেয়া নহয়।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
( Assamese Fact )
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত
No comments:
Post a Comment