এই বেয়া গুণ থকা ব্যক্তিয়েহে জীৱনত সফলতা লাভ কৰে : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, December 14, 2021

এই বেয়া গুণ থকা ব্যক্তিয়েহে জীৱনত সফলতা লাভ কৰে : Assamese Fact

Assamese Fact


 সৰুৰে পৰা আমাক ভাল মানুহ হবলৈ শিকোৱা হয়। সদায় আমাক ডাঙৰৰ পৰা ভালটো শিকিবলৈ কোৱা হয়। উদাহৰণ দিয়া হয় যে , শৰ্মা দাৰ লৰা জনৰ ভাল চাকৰি হল তেওঁৰ পৰা কিবা এটা শিকা। অমুকৰ লৰাজনে ঘৰৰ কথামতে ইঞ্জিনীয়াৰিংৰ প্ৰস্তুতি চলাই আছে তেওঁৰ দৰে ঘৰৰ কথা মানিবলৈ শিকা।  মুঠতে যিয়ে যিদৰে কয় সেইদৰেই কৰা কিয়নো তুমি এতিয়া বহুত সৰু আৰু এই পৃথিৱীৰ বিষয়ে তুমি একো নাজানা। আজিৰ এই লিখাটো পঢ়ি হয়তো বহুতে অলপ বেয়া পাব। কিন্তু আজি আমি এই লেখাটোৰ জৰিয়তে কিছুমান সত্য কথা জানিম যিবোৰ সৰুতেই কিছুমান মিছা কথাৰে ঢাকি দিয়া হৈছিল। সেই মিছা কথাৰ চাদৰ খনৰ আঁৰত সৃষ্টি হয় এজন "Middle Class" ব্যক্তি। এনেকুৱা বহুতো কথা আছে যাক ভাল বুলি মনা হয় কিন্তু সেইবোৰ মানিলে ব্যক্তি জনক এজন মধ্যবিত্তহে কৰিব। ( Assamese Fact )


সমাজৰ দৃষ্টিত বেয়া হবলৈ শিকি লওক। আজিলৈকে সমাজৰ কিছুমান নিয়ম মানি যিদৰে গাড়ীৰ চাবি পকাই দিয়াৰ দৰে তোমাৰ দ্বাৰা কৰোৱা হয় সেইবোৰ কাম কৰিবলৈ বন্ধ কৰা। পইচা যদি ইমানেই মূল্যবান তেন্তে কিয় কোনেও মালিক হবলৈ নকয়?  প্ৰতিজন ব্যক্তিয়ে চাকৰি পাবৰ বাবে কিয় শাৰী পাতি থাকে? কিবা এটা ডাঙৰ কৰিবৰ বাবে অলপ বেলেগ কিবা কৰিব লাগে। এইটো কথা সকলোৱে জানে কিন্তু জনাৰ পিছতো কিয় সকলোৱে এই কাম কৰে যিবোৰ কাম আমাৰ এই মানুহৰ ভিৰ টোয়ে কৰি থাকে? ঘৰৰ মানুহে শাক পাচলিৰ বজাৰত বিলাহীৰ দাম ৫ টকা কমাবলৈ আধা ঘন্টা সময় নষ্ট কৰি দিব কিন্তু ঘৰলৈ আহি নিজৰ সন্তানক এইটো নকয় যে টকা বহুত জৰুৰী হয়। সকলো সঁচা গম পাইও এইটো নকয় যে ' মই কোৱা নাই যে তুমি চাকৰি কৰিব নালাগে মাত্ৰ যি কৰা সম্পূৰ্ণ নিষ্ঠাৰে কৰিবা।'  কিন্তু তেওঁ এইষাৰ কথা কোৱাৰ সলনি কব যে অমুকৰ লৰাটোলৈ চোৱাচোন অমুক পৰীক্ষাত কিমান ভালদৰে পাছ কৰিলে। আমাক সকলোৱে কয় যে সকলোৰে লগত মিলি থাকিবা , পৃথিৱী খনৰ লোকবোৰ যেনেকুৱা তেনেকৈয়ে থাকিবা। 


কিন্তু প্ৰকৃতাৰ্থত এই পৃথিৱীখন যেনেকুৱা তেনেকুৱা হোৱাৰ কোনো প্ৰয়োজন নাই। যিটো স্তৰত পৃথিৱীৰ বাকীবোৰ লোক আছে সেইটো স্তৰত থকাৰ কোনো প্ৰয়োজন নাই বৰঞ্চ তাতকৈ ওপৰত থকাৰ প্ৰয়োজন আছে। আৰু নিজকে ওপৰত ৰাখিবলৈ ভিৰৰ মাজত থকাৰ প্ৰয়োজন নাই তাৰ বাবে মাথোঁ অকলে তপস্যা কৰাৰ প্ৰয়োজন। মানুহে তোমাক কব যে তুমি বৰ লাজ কৰা, কাৰো লগত কথা নাপাতা । তুমি তেওঁৰ কথাত গুৰুত্ব নিদি তেওঁক কৈ থাকিব দিয়া। মানুহে কব যে এইটো কাম কৰি নো কি লাভ হৈছে তোমাৰ?যদি তুমি নিজৰ পথত শুদ্ধ আৰু মানুহে তোমাক বেয়া বুলি কয় তেন্তে চকু তল কৰাৰ সলনি চকু দাঙি চলাৰ সময় আহিল। এনেধৰণৰ কথাত যদি তোমাক কোনোবাই বেয়া বুলি কয় তেন্তে তুমি বেয়া হৈ নোযোৱা। যদি তোমাক কোনোবাই বেয়া বুলি কৈছেও তেন্তে তুমি বেয়া নোহোৱা মাত্ৰ তুমি তেওঁৰ দৰে নোহোৱা। ( Assamese Fact )


যদি তুমি তোমাৰ জীৱনৰ লক্ষ্যৰ বাবে কাম কৰি আছা আৰু তোমাক কোনোবাই বেয়া বুলি কৈছে তেন্তে কবলৈ দিয়া। যদি তুমি তোমাৰ সপোন পূৰণ কৰিবলৈ ৰাতি ৩ বজালৈকে সাৰে আছা আৰু ৰাতিপুৱা দেৰিকৈ শুই উঠিছা তাৰ বাবে তোমাক যদি কোনোবাই বেয়া বুলি কৈছে তেন্তে কবলৈ দিয়া। যদি তুমি পোৱা ৫ বজাত উঠিলে তোমাক কোনোবাই ভাল বুলি কয় তেন্তে তুমি বেয়া হৈয়ে থাকা। এই বেয়াৰ মাজত বহুত ভাল লুকাই আছে। নিয়ম সেইসকলৰ বাবে বনোৱা হৈছে যিয়ে সেইটো স্তৰত জীয়াই থাকিব আৰু মৰিব খোজে। কিছু ক্ষেত্ৰত নিয়ম উলংঘা কৰিব শিকা। বেয়া হোৱাৰ অৰ্থ এইটো নহয় যে গালি দিবা, মাৰ-পিত কৰিবা, কাৰোবাৰ অপমান কৰিবা। বেয়া হোৱাৰ অৰ্থ হৈছে যে তুমি যি হব বিচাৰিচা , যি কৰিব বিচাৰিছা সেইটো কৰি যোৱা। পৃথিৱীখনে তোমাক কিদৰে হোৱাটো বিচাৰে তেনেকুৱা কেতিয়াও নহবা। নিজে কি হব খুজিছা সদায় সেইটোত মনোযোগ দিয়া। জংঘলত জিজোপা গছ পোন হৈ থাকে সেইজোপা গছ প্ৰথমে কাটি পেলোৱা হয়। আজিৰ পৃথিৱীত যিজন ব্যক্তি সকলোতকৈ সাধাৰণ , সহজ সৰল হয় তেওঁ প্ৰথমেই প্ৰবঞ্চনাৰ বলি হব লগা হয়। যদি কোনোবা এটা সাপৰ বিষ নাথাকেও তেতিয়াও কিন্তু সি ফেছফেছাই থাকে। কিয়নো যদি কোনোবাই অলপ কৈ হলেও গম পায় যে সাপডালৰ বিষ নাই তেতিয়া তাক তাতেই মাৰি পেলাব। যদি আপুনি কিবা এটা কামত ভুল দেখিছে তেন্তে তাক ভুল বুলি কবলৈ শিকক। কাৰোবাৰ কথাত আহি তাক শুদ্ধ বুলি নকব। কিয়নো ভুল সদায় ভুলেই । আপোনাৰ বাবে কি ভাল কি বেয়া সেইয়া আপোনাতকৈ বেছি আৰু আন কোনেও নাজানে। যদি কোনোবাই আপোনাৰ আত্ম সন্মানৰ ওপৰত আঙুলি উঠাইছে তেন্তে তেওঁৰ চকুত আপুনি বেয়া হৈ যাওক আৰু তেওঁৰ পৰা দূৰ হৈ যাওক। কাৰো সন্মুখত আঁঠু কঢ়াৰ প্ৰয়োজন নাই। যদি তোমাৰ লক্ষ্যত, তোমাৰ অধ্যবসায়ত সাহস আছে  তেন্তে সন্মুখৰ ব্যক্তিজনে নিজে আহি তোমাৰ সন্মুখত আঁঠু লব আৰু তোমাক ক্ষমা খুজিব।


পৃথিৱীত বহুত মানুহ থাকে কিন্তু সকলোৰে ব্যক্তিত্ব বেলেগ বেলেগ হয়। যদি কোনোবাই তুমি তেওঁৰ দৰে নোহোৱা বাবে , তুমি তেঁও কোৱাৰ দৰে নকৰাৰ বাবে তোমাক বেয়া বুলিছে তেন্তে তাত কোনো আপত্তি থাকিব নালাগে। এই পৃথিৱীত যেতিয়াই কোনো এজন ব্যক্তি ডাঙৰ মানুহ হৈছে, সফল হৈছে সদায় মনত ৰাখিবা যে তেওঁ কেতিয়াবা নহয় কেতিয়াবা নিশ্চয় গালি খাইছে। সেই ব্যক্তিজন নিজৰ জীৱনত এটা সময়ত বেয়া নিশ্চয় হৈছে। কাৰণ তেওঁ সেই তেনেধৰণৰ ভাল মানুহ নাছিল যিটো ৰূপত তেওঁক অন্য লোকসকলে চাব বিচাৰিছিল। প্ৰতিজন সফল ব্যক্তি আনৰ চকুত এদিন নহয় এদিন বেয়া হৈছে কিয়নো তেওঁ আনে বিচৰাৰ দৰে হোৱা নাছিল। যদি তোমাৰ বেলেগৰ লগত ফুৰিব যোৱাৰ মন নাই তেন্তে নাযাবা  যদি কোনো এটা সম্পৰ্কত সন্মানতকৈ বেছি অপমান পাইছা তেন্তে সেই সম্পৰ্কত জোৰ কৰি নাথাকিবা। হয়তো সম্পৰ্ক ভাগি যোৱাৰ পাছত তোমাক সকলোৱে বেয়া বুলি কব কিন্তু কোনোবাই বেয়া বুলি কলেইটো তুমি বেয়া হৈ নোযোৱা। কিয়নো যেতিয়া বৰষুণ হয় তেতিয়া আধা মানুহে ফুৰ্তি পায় আৰু আধা মানুহে গালি দিয়ে। 


যদি তোমাৰ বাবে পঢ়াতকৈ বেছি চাকৰি কৰাটো জৰুৰী তেন্তে চাকৰি কৰা। যদি চাকৰিতকৈ বেছি জৰুৰী নিজৰ ব্যৱসায় প্ৰতিষ্ঠা কৰাটো তেন্তে সেইটো কৰা। কোনো এটা কাম আনৰ হেঁচাত আহি নকৰিবা। আজিলৈকে পৃথিৱীত এনেকুৱা একো বস্তু নাই যাৰ বিষয়ে মানুহে বেয়াকৈ নোকোৱাকৈ আছে। প্ৰতিটো বস্তুৰ মাজতে মানুহে বেয়াটো বিচাৰি ফুৰে। গতিকে যিয়ে তোমাৰ বিষয়ে বেয়াকৈ কৈছে কবলৈ দিয়া চিন্তা নকৰিবা। আপোনাৰ লক্ষ্য কেনেকুৱা তাৰ ওপৰতহে প্ৰভাৱ পৰিব। আপোনাৰ লক্ষ্য কি তাৰ বাহিৰে এই পৃথিৱীত কোনো শক্তি নাই যিয়ে ভাল বেয়াৰ বিচাৰ কৰিব পাৰে। ভাল আৰু বেয়াৰ সকলোৰে বেলেগ বেলেগ মতামত থাকে। যদি আপুনি নিজৰ চকুত ভাল তেন্তে সেইয়া আপোনাৰ বাবেই ভাল। যদি আনৰ চকুত আপুনি বেয়া কিন্তু নিজৰ ঠাইত আপুনি শুদ্ধ তেন্তে সেয়াই ঠিক। ভাল হব বিচাৰিছে যদি নিজৰ অন্তৰৰ পৰা ভাল হওক। নিজৰ জীৱনৰ নিয়ম নিজেই বনাওক কিয়নো  জীৱনটো তোমাৰ, লক্ষ্য তোমাৰ , নাম তোমাৰ , কিবা পাবলগা থাকিলেও তুমি পাবা আৰু কিবা হেৰুৱাব লগা হলেও তুমি হেৰুৱাবা।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


( Assamese Fact )

No comments:

Post a Comment

Advertisement

Pages