মহিলাসকলে এই দিনা মূৰ ধুলে ঘৰখন ধনবান হৈ পৰে: Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, December 30, 2021

মহিলাসকলে এই দিনা মূৰ ধুলে ঘৰখন ধনবান হৈ পৰে: Assamese Fact

Assamese Fact

কোন দিনা ঘৰৰ মহিলাই মূৰ ধুলে ঘৰখন ধনবান হয় আৰু লগতে উৎসৱত মূৰ ধুব নোৱাৰিলে তেওঁলোকে কি উপায় কৰিব পাৰে জানো আহঁক।

Assamese Fact )

মান্যতাৰ অনুসৰি পুৰুষ আৰু পৰিয়ালৰ সফলতা ঘৰৰ লক্ষ্মী ওপৰত নিৰ্ভৰ কৰে।ঘৰৰ লক্ষ্মীৰ স্বভাৱ আৰু ব্যৱহাৰ কাৰণেই তেওঁলোকৰ ঘৰখনক সুন্দৰ আৰু ভাগ্যশালী হৈ পৰে। ইয়াত একো সন্দেহ নাই যে আমাৰ দেৱতাসকলেও নিজৰ অৰ্ধাংগিনীকে নিজৰ শক্তি বুলি ভাৱে। ভগৱান বিষ্ণুৱে কাৰণে মা লক্ষ্মী সৰ্বোচ্চ ঠিক তেনেদৰে ভগৱান শিৱও শক্তিৰ অবিহনে আধৰুৱা। আমাৰ সমাজত স্ত্ৰীক অন্নপূৰ্ণা, লক্ষ্মী, সৰস্বতী আৰু স্ত্ৰীয়ে বৈভৱ আনিব পাৰে বুলি কোৱা হয়।


 যদি ঘৰৰ লক্ষ্মীয়ে ধৰ্মৰ অনুসৰি আচৰণ কৰে । তেতিয়া ঘৰখনক মন্দিৰ কৰি তুলিব পাৰে। ঠিক তেনেদৰে বিবাহিত মহিলায়ে  কিছুমান নিয়ম আৰু ধৰ্ম পালন কৰাও জৰুৰী।যদি কোনোবা স্ত্ৰীয়ে এই নিয়মসমূহ পালন নকৰে তেতিয়া হয়তো ইয়াৰ ভোগদান তেওঁৰ স্বামী বা ঘৰ , পৰিয়ালে কৰিব লগীয়া হয়। আজি আমি আপোনালোকক ক'বলৈ উলাইছোঁ বিবাহিত মহিলাই কেতিয়া চুলি বা মূৰ ধুব লাগে আৰু কেতিয়া ধুব নালাগে।


১. অবিবাহিত মহিলাসকলে কেতিয়াও বুধবাৰৰ দিন চুলি বা মূৰ ধুব নালাগে। বিশেষকৈ সেই মহিলাসকলে যাৰ সৰু ভায়েক আছে। শাস্ত্ৰৰ অনুসৰি বুধবাৰৰ দিনা মূৰ ধুৱা মহিলাসকলৰ ভায়েকে কষ্ট সহ্য কৰিব লগা হয়। ভায়েকৰ স্বাস্থ্যজনিত বা বিভিন্ন ধৰণৰ সমস্যা হৈ থাকে। সেই কাৰণে বুধবাৰৰ দিনা মূৰ ধুব নালাগে।


২.আজিকালি যুগ সলনি হৈছে যাৰ ফলত মানুহে শুভ তিথিটো মূৰ ধুৱে বা চুলি কাটে। কিন্তু মান্যতা অনুসৰি মহিলাসকলে শুভ তিথিত চুলি কাটিব বা ধুব  নালাগে। এদিন আগতেই এইসমূহ কৰি ল'ব লাগে। সেইদিনা চুলি কটা বা ধুৱাতো শুভ বুলি ধৰা নহয়। বিশেষকৈ একাদশী, অম্যাৱস্যা আৰু পূৰ্ণিমাত মূৰ ধুব নালাগে। ইয়াৰ ফলত আপোনালোকৰ মূৰত চন্দ্ৰমাৰ বা চন্দ্ৰৰ প্ৰভাৱ পৰে।


৩.এইটো সদায় মনত ৰাখিব যে যিদিনা আপুনি ব্ৰত ৰাখে, সেই দিনা ভুলতো মূৰ নুধুব। যদি আপোনালোকে সোমবাৰে ব্ৰত ৰাখে তেতিয়া তাৰ এদিন আগতেই আপোনালোকে মূৰ ধুই শুদ্ধ হৈ লওঁক।যদি কিবা কাৰণে সেইদিনা মূৰ ধুব লগা হয় তেতিয়া আপোনালোকে চুলিত কেঁচা গাখীৰ লগাই মূৰ ধুব পাৰে।(Assamese Fact )


৪.বিবাহিত মহিলাসকলে বৃহস্পতিবাৰৰ দিনা মূৰ ধুব নালাগে। এই দিনা অকল মহিলাই নহয় পুৰুষসকলেও মূৰ ধুব বা চুলি কাটিব নালাগে। শাস্ত্ৰৰ অনুসৰি বৃহস্পতিবাৰৰ দিনা ঘৰো মুচিব নালাগে।ধৰা হয় যে বৃহস্পতিবাৰৰ দিনা মূৰ ধুলে বা চুলি কটোৱালে ঘৰখনলৈ আৰ্থিক সমস্যা আহি পৰে। আপোনালোকৰ গ্ৰহেও নিজৰ দিশ সলনি কৰিবলৈ ধৰে। এইবোৰ বৃহস্পতি গুৰু কাৰণেই হয়।


৫.যদি আপুনি এটা ল'ৰাৰ মাক বা পুত্ৰ পোৱাৰ কামনা আছে তেতিয়া সেই মহিলাসকলে  শুক্ৰবাৰৰ দিনা মূৰ ধুব লাগে।


৬.শনিবাৰৰ দিনটো শনি দেৱৰ দিন বুলি কোৱা হয়। সেই কাৰণে এইদিনা মূৰ ধুব বা চুলি কাটিব নালাগে আৰু তেলো মূৰত লগাব নালাগে। এইবোৰ কৰিলে শনিৰ কু-দৃষ্টি আপোনাৰ ওপৰত থাকে।যদি শনিবাৰৰ দিনা মূৰ ধুব লাগে তেতিয়া অকমান হালধি আৰু বেচন মিলাই চুলিত সানিব লাগে আৰু তাৰ পাছত মূৰ ধুব লাগে । বহুত জৰুৰী হ'লেহে শনিবাৰৰ দিনা মূৰ ধুব লাগে । নহ'লেবা ধুব নালাগে।


৭.স্ত্ৰী হক বা পুৰুষ শুক্ৰবাৰৰ দিনা চুলি কটাতো অত্যন্ত ভাল বুলি ধৰা হয়। শুক্ৰবাৰৰ দিনা মূৰ ধুৱাতোও শুভ বুলি ধৰা হয়।শুক্ৰবাৰৰ দিনাটো মা লক্ষ্মীৰ দিন সেই কাৰণে এইদিনা মহিলা সকলে চুলি চফা কৰি ৰাখিব লাগে। ইয়াৰ পৰা মা লক্ষ্মীৰ কৃপা আপোনাৰ ওপৰত সদায় থাকিব।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


Assamese Fact )


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত



No comments:

Post a Comment

Advertisement

Pages