বহুত মানুহে অভিযোগ কৰি থাকে যে মই সুখত থাকিব নোৱাৰোঁ। সোনকালেই খঙ উঠে খিংখিঙিয়া স্বভাৱ,মগজু বেয়া হৈ থাকে মন বেয়া হৈ থাকে। একো কাম কৰি ভাল নালাগে । আনন্দ নালাগে। এইবোৰ হোৱাৰ কাৰণ কি? (Assamese Fact )
সকলো থকাৰ পাছতো আপোনালোকৰ তাত কিয় একো নাই। সকলো লগত থকাৰ পাছতো কিয় আপুনি অকলশৰীয়া অনুভৱ কৰে।এই সকলোবোৰ কিয় আপোনালোকৰ বা আপোনাৰ লগত হৈ আছে।এইবোৰ কিয় হয় আৰু ইয়াৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰি আমি আজি আপোনালোকক এই বিষয়ে কম। আপোনালোকে যদি জীৱনত সুখত থাকিব বিচাৰে তেতিয়া এইসমূহ কাম কৰক বা এইসমূহ কথা মানক।
১.ব্যায়াম- আপোনালোকে অলপ হ'লেও ব্যায়াম কৰিবলৈ চেষ্টা কৰক। আমাৰ শৰীৰটো এনেকুৱা এটা যন্ত্ৰ যাক আমি কষ্ট কৰোৱাব লাগিব। আপোনালোকৰ বা আমাৰ মগজুৱে কেতিয়াও কষ্ট কৰিব নিবিচাৰে। মগজুৱে ক'ব পাগল নেকি কষ্ট নকৰিবি নহ'লেবা ভাগৰি যাবি। কিন্তু আমাৰ শৰীৰটোৰ বাবে এটাই ভাল যে আমি কিবা নহয় কিবা কৰি থাকিব লাগে।যেতিয়া এটা মেচিন বহুত দিন চলোৱা নহয় তাত মামৰে ধৰা দেখা যায়। গাড়ী এখনো সদায় থৈ দিলে বেয়া হৈ যায়। সেইকাৰণে গাড়ীখন মাজে মাজে চলাই থাকিব লাগে বা মানুহে চলাই থাকে ।ঠিক তেনেদৰে শৰীৰটোকো কষ্ট কৰোৱাব লাগে। ব্যায়াম কৰা ফলত এনেকুৱা কিছুমান কেমিকেল বাহিৰলৈ উলাই যায় ।যাৰ ফলত আমি সুখ অনুভৱ কৰোঁ। আপোনালোকে দেখিছে চাগে যেতিয়া দিনটো বহুত কষ্ট কৰা হয় ৰাতি এটা বেলেগ ধৰণৰ সুখৰ অনুভৱ হয়। নিজেইহে আনন্দ অনুভৱ কৰিব পাৰি তাক আনে জোৰ কৰি দিব নোৱাৰে বা পাব নোৱাৰি। আপোনালোকৰ নিজৰ অনুভৱ হ'ব লাগিব যে হয় আজি এইটো ভাল হ'ল তেতিয়াহে আপুনি বা আপোনালোকে সুখ বা আনন্দ অনুভৱ কৰিব পাৰিব। ব্যায়ামৰ ফলত শৰীৰটো ভাল হৈ থাকে আৰু আপোনালোকে আনন্দ অনুভৱ কৰে। যদি আপোনালোকে একো নকৰে বহি থাকে শুই থাকে অকল বহি বহি কাম কৰি থাকে তেতিয়া আপোনালোকৰ শৰীৰটোৰ ভিতৰৰ তেজ চলাচল প্ৰক্ৰিয়া ভাল নহ'ব। তাৰ ফলত বিভিন্ন সমস্যা দেখা পোৱা যায়। যিমান পাৰে অৰ্থাৎ অলপ হ'লেও ব্যায়াম কৰক।
২. বেয়া বা হানিকাৰক কথা - যি সকল ব্যক্তিয়ে সদায় বেয়া বা হানিকাৰক কথা কয় বা পাতে, চিন্তা কৰে,ভাবে আৰু যিবোৰ বস্তু বেয়া বা হানিকাৰক সেইবোৰ বস্তুৰ পৰা আতঁৰি থাকিব লাগে। লাগিলে কোনোবা বন্ধুয়ে হক। যদি তাৰ লগত থাকি আপোনাৰ বা আপোনালোকৰ ভাল নালাগে অলপ কথাতে খঙ উঠে , কাজিয়া হয় তেনেকুৱা মানুহৰ পৰা দূৰত থাকক। কাৰণ কিছুমান বন্ধুত্ব বা সম্পৰ্ক অশান্তিৰ কাৰণ হৈ পৰে। কাৰোবাৰ স্বভাৱেও আপোনালোকক দুখ দিব পাৰে যেনে সি বা তাই মোৰ লগত কিয় কথা নাপাতিলে , মোক নামাতিলে,মোক পাট্টা নিদিলে আদি এনেকুৱা কিছুমান কথাত। যদি আপোনালোকৰ লগতো এনেকুৱা হয় তেতিয়া আপোনালোকে বুজিবলৈ চেষ্টা কৰা ভাল আৰু এখোজ পিছোৱাই অহা ভাল । কাৰণ যিয়ে আপোনাক গুৰুত্ব নিদিয়ে তাৰ লগত থকা কি লাভ। লাহে লাহে সকলো ঠিক হৈ যাব। যদি কিবা ভাল বস্তু নাপায় তেতিয়া বেয়া বস্তুবোৰো লগত নাৰাখিব সেইবোৰৰ পৰাও দূৰত থাকিবলৈ চেষ্টা কৰক। নিজেই নিজেই সকলো বস্তু ভাল হ'বলৈ ধৰিব।
( Assamese Fact )৩. ভাৱনা- কেতিয়াও নিজকে ভাৱনা মাজত সোমোৱাই নাৰাখিব। প্ৰকৃত সত্য কি চাবলৈ চেষ্টা কৰক আৰু সত্যত থাকক। বস্তুৰ পিছত নদৌৰিব যে এইটো লাগে ,সেইটো লাগে ইমান পইচা লাগে এইবোৰ ভাবি নাথাকিব। আমি আপোনালোকক এইটো কোৱা নাই যে বস্তু ন'লব বা পইচা ইনকম নকৰিব।জীৱনত সকলোবোৰ কৰক পইচা ইনকম স্ফুৰ্তি কৰক আনন্দ কৰক , পাৰ্টি কৰক যি ভাল পায় সকলোবোৰ কৰক। কাৰণ এইটো জীৱন গ'লে আৰু পোৱা নাযায়। সকলো ক্ষেত্ৰতে পইছায়ে সকলো সুখ দিব নোৱাৰে।পইছায়ে ৯৯.৯ শতাংশ সুখ দিব পাৰে। কিন্তু সকলো ক্ষেত্ৰত নহয় ।কাৰণ আজি আপুনি ১০ হাজাৰ দৰমহা পাই আছে কাইলৈ ক'ব ২০ হাজাৰ হ'ব লাগিছিল। ২০ হ'লে ক'ব ৩০ হ'ব লাগিছিল এনেকৈয়ে আপুনি কৈ থাকিব কেতিয়াও আপুনি সুখত বা তাক লৈ সুখী হ'বলে নোৱাৰে। মানুহৰ ওচৰত যি থাকে তাতকৈ বেছি বিচাৰে এই কথাটো এক প্ৰকাৰে ভালো কাৰণ ইয়াৰ দ্বাৰা আমি আগবাঢ়ি যাবলৈ সাহস পাওঁ। কিন্তু আৰু বেছি লাগে কেনেকৈ বেছি হ'ব এইবোৰ চিন্তা ধাৰাৰ ফলতেই মানুহ সুখত থাকিব নোৱাৰে। উদাহৰণস্বৰূপে যেতিয়া আমি জোতা পিন্ধো, সি ভৰি কেইটা সুৰক্ষিত কৰি ৰাখে। কিন্তু যেতিয়া আমি পিন্ধা জোতাজোৰ সৰু বা ডাঙৰ হয় সেইজোৰে আমাক কাটে বা আঘাত দিয়ে। ঠিক সেইদৰে জীৱনটো যেনেকে চলি আছে চলি থাকিবলৈ দিয়ক। কাৰণ প্ৰয়োজনতকৈ বেছি বিচাৰিলে সদায় কষ্টহে পায়।
৪. আশা- আনৰ পৰা বা আনৰ ওপৰত আশা কমকৈ কৰক বা কৰিবলৈ এৰি দিয়ক। মানুহে আশা কৰিবলৈ এৰি দিব নোৱাৰে । কিন্তু কম কৰিব পাৰে।আনৰ ওপৰত আশা যিমানেই কৰিব সিমানেই নিজেই কষ্ট পাব। আমি এটা সম্পৰ্কত যেতিয়া থাকোঁ তেতিয়া ভাবো সেই মানুহজনে মোৰ কাৰণে এইটো কৰিব সেইটো কৰিব।যেতিয়া এইবোৰ নহয় তেতিয়া আপোনালোকৰ বহুত দুখ লাগে আৰু আপোনালোকেই আঘাত পায় বা পাব । সেই কাৰণে আনৰ ওপৰত আশা বা আনৰ পৰা কিবা পাম বুলি আশা কৰিবলৈ এৰি দিয়ক। কাৰণ যি হয় ভালৰ কাৰণে হয়। কিছুমান বস্তুৱে আমাক আগবাঢ়ি যোৱাত সহায় কৰে আৰু কিছুমান আমাক আগবাঢ়ি যাবলৈ নিদিয়ে। কিছুমান বস্তু বেয়া থাকে। কিন্তু আমি ভাল বুলি ভাবো । পাছত গৈ আমি গম পাওঁ যি হ'ল ভাল হ'ল ।
মানুহে ভগৱানক দেখা নাই তথাপিও বিশ্বাস কৰে আৰু তাৰ ফলত নিজৰ মনত শান্তিও অনুভৱ কৰে ন। আমি আপোনালোকক ক'ব বিচাৰিছোঁ যে সুখ এটা অনুভৱহে। সুখত থাকিব বিচাৰে যদি অনুভৱ কৰিব পাৰিব লাগিব। সুখৰ পিছত দৌৰিলে কেতিয়াও সুখত থাকিব নোৱাৰে। বেছি আশা কৰিলেও আশা পূৰণ নহয়। কিছুমান ভাল মানুহ আমি তেতিয়াহে লগ পাওঁ যেতিয়া আমি পাম বুলি আশা নকৰোঁ। বহুত ভাল কাম আপোনাৰ লগত তেতিয়া হয় যেতিয়া আপুনি আশা নকৰে। সেই কাৰণে বেছি আশা নকৰিব কাৰণ বেছি আশা কৰিলে সুখ নহয় দুখহে পাব।
এইসমূহ কথা বা কাম আপোনালোকে যদি কৰে তেতিয়া অলপ হ'লেও সুখত থাকিব পাৰিব।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
( Assamese Fact )
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত
No comments:
Post a Comment