ধনতেৰচত ধন সম্পত্তিৰ আগমনৰ বাবে কৰিবলগীয়া কাম : Assamese Fact - SMJ24 - Social Media Journalism

FB_IMG_1594289349588

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Advertisement

Monday, November 1, 2021

demo-image

ধনতেৰচত ধন সম্পত্তিৰ আগমনৰ বাবে কৰিবলগীয়া কাম : Assamese Fact

.com/img/a/

ধনতেৰচত এই বস্তুৰ দানে জীৱনলৈ আনে সলনি।ধনত্ৰয়োদশী বা ধনতেৰচ প্ৰতি বছৰৰ কাতি মাহৰ কৃষ্ণ পক্ষৰ ত্ৰয়োদশীত পালন কৰা হয়। এই উৎসৱক ধনৰ কাৰক হিচাপে মনা হয়। ( Assamese Fact ) ধনতেৰচৰ দিনা ভগৱান ধনন্তৰীক বিশেষ পূজা অৰ্চনা কৰা হয়। 


১/ধনতেৰচৰ দিনা আবেদন, বৰ্তন, বাহন, মাটি বাৰী ক্ৰয় কৰাটো বহুতো শুভ বুলি মনা হয়। ইয়াৰ উপৰিও এয়া মনা হয় যে ধনতেৰচৰ দিনা দান আদি কৰিলেও মা লক্ষ্মী প্ৰসন্ন হয়। কিন্তু এইদিনা কেইটামান কথা ধ্যান ৰাখি হে দান কৰিব লাগে। এইবোৰ বস্তুৰ দান ফলদায়ক বুলি প্ৰমাণিত হয়। 


২/কোৱা হয় ধনতেৰচৰ দিনা যিদৰে বস্তু ক্ৰয় কৰা হয়, ঠিক তেনেদৰে বস্তু দান কৰাৰো বহুতো মহত্ব আছে। দান কৰাৰ সময়ত ধ্যান ৰাখিবলগীয়া কথা এয়া যে, সূৰ্য্য অস্ত আগে দান কৰাটো উচিত। ইয়াৰ উপৰিও এয়া মন দিব, ধনতেৰচৰ দিনা কাকো বগা বস্তু যেনে, গাখীৰ, দৈ, বগা মিঠাই, ইত্যাদি দান নকৰিব। এনে কৰাটো অশুভ মনা হয়। সেইদৰে ধনতেৰচৰ দিনা কেতবোৰ বস্তু দান কৰাটো ভাল আৰু শুভ মনা হয়।


৩/খাদ্য বা অনাজ। 

মান্যতা অনুসৰি ধনতেৰচৰ দিনা খাদ্য অনাজ দান কৰিলে ঘৰৰ ভৰাঁল সদায়ে পূৰ্ণ হৈ থাকে। ( Assamese Fact ) যদি আপুনি কাকো অনাজ দান কৰিব পৰা নাই, তেন্তে দৰিদ্ৰক ভোজন কৰোৱাব পাৰে। ইয়াত মিঠাইও অন্তর্ভুক্ত কৰিব। সামৰ্থ অনুযায়ী দিব পাৰে। 


৪/কোৱা হয় ধনতেৰচৰ দিনা লোহা দান কৰিলে ভাগ্য সলনি হৈ পৰে। দুৰ্ভাগ্য সৌভাগ্যলে পৰিৱৰ্তন হৈ পৰে। যিকোনো ৰৈ থকা কাম হবলৈ ধৰে আৰু ব্যক্তিজন লাহে লাহে ধনবান হৈ পৰে। 


৫/ধনতেৰচৰ দিনা নতুন ঝাড়ু কিনা পৰম্পৰা আছে। কিন্তু কিনাৰ লগতে ঝাড়ু দান দিয়াটো বহুতো শুভ মনা হয়। কোৱা হয় কোনো মন্দিৰত যদি নতুন ঝাড়ু দান কৰিব পাৰে, তেন্তে অত্যন্ত শুভ মনা হয়।(সংগ্ৰহিত).


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Assamese Fact ) Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages