মা দুৰ্গা দেৱীৰ ব্ৰতৰ কাহিনী : Religious Studies - SMJ24 - Social Media Journalism

FB_IMG_1594289349588

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Advertisement

Wednesday, October 6, 2021

demo-image

মা দুৰ্গা দেৱীৰ ব্ৰতৰ কাহিনী : Religious Studies

.com/img/a/


মা দুৰ্গাৰ ব্ৰত বুধবাৰৰ দিনা কৰা হয়। যি ব্যক্তিয়ে বুধবাৰৰ ব্ৰত কৰে সেইজন তীব্র বুদ্ধিৰ হয় লগতে তেওঁলোকৰ বৌদ্ধিক ক্ষমতাৰো বিকাশ হয়। ( Religious Studies )

তেওঁলোকৰ বুদ্ধিয়ে সদায়ে তেওঁলোকৰ লগ দিয়ে আৰু লগতে তেওঁলোকৰ ধন সম্পত্তিৰ অভাৱ নহয়। এই দিনা সেউজীয়া বস্ত্ৰ পৰিধান কৰাটো অতি শুভ হয়। শুক্ল পক্ষৰ প্ৰথম বুধবাৰৰ পৰা এই ব্ৰত আৰম্ভ কৰিব পাৰি। এই ব্ৰত ২১বা ৪৫ দিন কৰিব পাৰি। যি বুধবাৰে আপুনি ব্ৰত কৰিব, সেইদিনা দেৱী দুৰ্গাৰ ধ্যান কৰি, তেওঁৰ সন্মুখত নিজৰ মনৰ কথা কব আৰু আপুনি কেইটা ব্ৰত কৰিব, তাৰ সংকল্প লব। 


ৰাতিপুৱা দেৱী দুৰ্গাৰ পূজা কৰিব আৰু তেওঁৰ সন্মুখত বন্তি জ্বলাব। সেইদিনা আপুনি দুৰ্গা চালিচা পাঠ কৰিব। এনে কৰিলে দেৱী দুৰ্গা বহু প্ৰসন্ন হয়। ইয়াৰে পাছত দেৱী দুৰ্গাৰ আৰতি কৰিব । শুদ্ধ মনেৰে পূজা কৰিব লাগে। সেইদিনা আপুনি সম্পূর্ণ দিন প্ৰসন্ন হৈ থাকিব লাগে। সেইদিনা গৰুক সেউজীয়া ঘাঁহ খুৱাব লাগে। এয়া আপোনাৰ বাবে অতি ফলদায়ক হয়। সেইদিনা ফলৰ সেৱন কৰিব লাগে। সেউজীয়া ৰংৰ ফল সেৱন কৰাটো অতি উত্তম হয় আৰু সন্ধ্যা আহাৰত মগু দালিৰ খিচিৰি তৈয়াৰ কৰিব লাগে আৰু মগু দালিৰ খিচিৰি তৈয়াৰ কৰি সৰ্বপ্ৰথম দেৱী দুৰ্গাক ভোগ দিব লাগে আৰু দৰিদ্ৰ লোকক খুৱাব লাগে। ( Religious Studies )


এনে কৰিলে বহু পূণ্য লাভ হয়। এনেদৰে ২১বা ৪৫দিনত ব্ৰত পূৰ্ণ হৈ যায়। তেতিয়া উদ্দীপনৰ কথা আহে। উদ্দীপনত আপুনি যজ্ঞ কৰিব পাৰে। যদি যজ্ঞ কৰিব, তেতিয়া সেইদিনা মন্দিৰলৈ গৈ বা কোনো দৰিদ্ৰ লোকক ফল, সেউজীয়া বস্ত্ৰ দান কৰিব লাগে। এনে কৰিলে দেৱী দুৰ্গা প্ৰসন্ন হয় আৰু আপোনাৰ সকলো কাৰ্য্য সিদ্ধি হব আৰু মা দুৰ্গা দেৱীৰ চৰণত বিশেষ ঠাই লাভ কৰিবলৈ সক্ষম হব।

জয় মা দুৰ্গা…

 এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com


PhotoGrid_1609034312524

বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।Religious Studies )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages