এনেদৰে পূজা কৰিলে মালক্ষ্মী হব সন্তুষ্ট : Religious Studies - SMJ24 - Social Media Journalism

FB_IMG_1594289349588

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Advertisement

Monday, October 18, 2021

demo-image

এনেদৰে পূজা কৰিলে মালক্ষ্মী হব সন্তুষ্ট : Religious Studies

 

.com/img/a/

মা লক্ষ্মীৰ  প্ৰিয় বস্তু হৈছে সোণ- ৰূপ,টকা পইচা, ধান- চাউল,চেনী,নিমখ,মিছিৰি, পায়স,গৰু ঘি, বগা মিঠাই,তামোল - পান, নাৰিকল, ৰঙা পদুম ফুল,পদুম ফুলৰ গুটি,ৰঙা বা গুলপীয়া গোলাপ ফুল,সেন্দুৰ বা কুমকুম, সুগন্ধি আতৰ ইত্যাদি আৰু  শ্ৰীযন্ত্ৰ। ( Religious Studies )


19 তাৰিখে সন্ধিয়া 7:05 পৰা পূৰ্ণিমা তিথি পৰিছে আৰু 20 তাৰিখে সন্ধিয়া 8:28 লৈ আছে গতিকে আপোনালোকে 19 তাৰিখে পূজা কৰিলে ভাল। সেইদিনা সন্ধিয়া 7:05 পিছত ঘৰত পায়স বনাব আৰু ঘৰৰ বাহিৰত চন্দ্ৰৰ পোহৰ পৰাকৈ এখন চালনীৰে ঢাকি 4-5 ঘণ্টা ৰাখিব তাৰ পাছত আনি মা লক্ষ্মীৰ ফটো বা মূৰ্তিৰ সন্মুখত ৰাখি পিছত ঘৰৰ সকলোৱে গ্ৰহণ কৰিব , প্ৰবাদ আছে যে শাৰদ পূৰ্ণিমা তিথিত চন্দ্ৰই অমৃত বৰষাই বেমাৰ আজাৰৰ পৰা পৰিত্ৰাণ দিয়ে সেয়ে এনেদৰে পায়স চন্দ্ৰৰ পোহৰত ৰাখি Energized কৰি গ্ৰহণ কৰা হয়। লগতে সেইদিনা নাৰিকলৰ পানীৰে চকু ধুলে চকু ভালে থাকে বুলি  মান্যতা আছে।

থাপনাত মা লক্ষ্মীৰ বহি থকা মূৰ্তি বা ফটো ৰাখিব, ফটোত যদি মাৰ লগত মাৰ বাহন ফেঁচা থাকে আৰু ভাল,মূৰ্তি ৰাখিলে বুঢ়া আঙুলিৰ সমান size ৰ ৰাখিব According to vaastu বুঢ়া আঙুলিত কৈ বেছি ডাঙৰ মূৰ্তি নাৰাখিব।

পূজাৰ বাচন সদায় ৰূপৰ, কাঁহ - পিতল, তামৰ বা আইনাৰ ব্যবহাৰ কৰিব। ষ্টিলৰ বাচন লোহাৰ বুলি গণ্য কৰা হয় গতিকে পূজাত  লোহা বৰ্জনিয়।( Religious Studies )


পূজাত বহাৰ আগতে ঘৰ দুৱাৰ ভালকৈ সাফা কৰি গঙ্গাজল মিহলোৱা পানী গোটেই ঘৰতে ছটিয়াই ঘৰখন সোধন কৰি লব, গঙ্গাজল যিকোনো পূজাৰ দোকানত পাব। তাৰপাছত এখন প্লেটৰ ওপৰত চাউল ৰাখিব তাৰ ওপৰত এটা ঘটিত পানী দি তাত পাৰিলে অলপ গঙ্গাজল দিব।  ঘটিত ৰঙা ৰুলি বা ৰঙা সূতা বান্ধিব তাৰ ওপৰত এখন প্লেটত সোণৰ যি কোনো অলংকাৰ আৰু অলপ পইচা ৰাখিব তাৰপাছত তাৰ ওপৰত অলপ সেন্দুৰ ছটিয়াই দিব। সোণ নিদিলে ৰূপ দিব বা অকল পইচা লগত Golden colour ৰ 10 টকা বা 5 টকা coin দিব পূজাৰ অন্তত এই পইছা খিনি আলমাৰী যত পইচা থই নহলে যাৰ তিজৰী আছে তাত ৰাখিব যাতে মাৰ কৃপা লাভ কৰে, এটা পাত্ৰত সেন্দুৰ আৰু ঘী মিলাই ঘটি আৰু প্লেটখনত তিনিটা তিনিটা সেন্দুৰৰ ফোঁট দি লব।


তাৰপিছত মাৰ প্ৰিয় বস্তু আৰু প্ৰসাদ অৰ্পন কৰি ধূপ চাকি জলাব পাৰিলে অলপ সুগন্ধি আতৰ গোলাপ বা চন্দন আদি ছটিয়াই লব তাৰপাছত বেলেগ এটা ঘটিত পানী লব আৰু তাৰপৰা পানী হাতত লৈ সংকল্প কৰিব positive way ত আৰু মনৰ কথাখিনি মাক কব তাৰপাছত পানীখিনি নিজৰ বহা আসন খনৰ side ত মাটিত দিব তাৰপাছত গণেশ দেৱতাক তিনি বাৰ স্মৰণ কৰিব ওম গণেশায় নমহ , বিষ্ণু  দেৱতাক তিনি বাৰ স্মৰণ কৰিব ওম বিষ্ণুয়ে নমহ তাৰ পিছত শ্ৰী লক্ষ্মী চালিচা বা শ্ৰী সুক্তম পাঠ কৰিব, পাঠৰ অন্তত পূজা কৰোঁতে যদি কিবা ভূল হৈছে তাৰ বাবে মাফ খুজি সেৱা লব আৰু মাৰ অনন্ত কৃপা লাভ কৰিবলৈ সক্ষম হব।

মা লক্ষ্মীয়ে সকলোকে ধনে ধানে উপচাই পেলাওক আৰু কৃপা কৰক তাকেই কামনা কৰিলো

সুকন্যা শৰ্মা

গুৱাহাটী

.com/img/a/

বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় জ্যোতিষী সুকন্যা শৰ্মা ডাঙৰীয়াণীৰ(যোগাযোগ - ৭০০২২৬১৫০৯)।আপোনালোকেও যদি কোনো লেখা বা গল্প আদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ। Religious Studies )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages