শাওণ মাহৰ এই সপোন হৈছে কিছু বিশেষ। এই সপোন সেইজনেহে দেখা পায়, যাৰ দিন ভাল হবলৈ গৈ আছে। ( Religious Studies )
শাওণ মাহক বহুতো প্ৰৱিত্ৰ মাহ বুলি গণ্য কৰা হয়। এই মাহত ব্যক্তিৰ মনত প্ৰেম ভাৱ যাগে। শাওণ মাহক প্ৰেমৰ প্ৰতীক মনা হয়। এই মাহত মহাদেৱৰ ভক্তসকলে তেওঁৰ ভক্তত মগন হয় থাকে। শাওণ মাহক ভক্তিৰ মাহ বুলিও কোৱা হয়।
এনে কিছুমান বিশেষ সপোন থাকে যি, সেইসকলেহে দেখা পায়, যি সকলোতকে প্ৰবিত্ৰ আৰু দেৱী দেৱতাৰ প্ৰিয় হয়। এই সপোন সেইসকলে দেখা পায়, যিসকলৰ জীৱনৰ গতি সলনি হবলৈ গৈ আছে। গতিকে জানো আহক সেই বিশেষ সপোন সমূহৰ বিষয়ে-
১/এই মাহত শিৱ লিংগ সপোনত দেখা মানে, আপোনালোকে ভাৱিব লাগে, মহাদেৱে আপোনাক বহু কিবা কব বিচাৰিছে। এনে সপোন সেইজনেহে দেখা পায়, যি সঠিক পথত জীৱনৰ গতিত আগুৱাই যাব লগা থাকে। যদি আপুনি সপোনত শিৱ লিংগ দেখে, তেন্তে আপুনি শিৱ লিংগত পূজা কৰিব লাগে।এনে সপোন দেখিলে, সেই কথাও জনা যায় যে, পূৰ্ৱ জনমত আমাৰ শিৱ পূজন কৰিবলৈ ইচ্ছা থাকি গল।
২/গংগাৰ ধাৰাক দেখা পোৱা,শাওণ মাহত সপোনত যদি গংগাৰ ধাৰা দেখা পায়, তেতিয়া এই কথা বুজা যায় যে, আপুনি এজন প্ৰৱিত্ৰ ব্যক্তি হয়। আপোনাৰ মুক্ষৰ প্ৰাপ্তি হব পাৰে। সপোনত বৈ যোৱা গংগাক দেখা, ঝৰ্নাৰ পৰা পানী খোৱা দেখা, এই সকলোবোৰ ধনী হোৱাৰ সংকেত হয়। কোৱা হয় যে, সপোনত যদি শাওণ মাহত গংগাক দেখা হয়, সেই ব্যক্তিজন কিছু বেলেগ হয়। আৰু সঠিক পথেৰে ধনী হয়। ( Religious Studies )
৩/নাগ নাগিনৰ জোৰা,যদি শাওণ মাহত সপোনত নাগ নাগিনৰ জোৰাক দেখা পায়, তেতিয়া সেয়া বহুতো প্ৰবিত্ৰ মনা হয়। এনে সপোন সেইজনেহে দেখা পায়, যি সফলতাৰ দিশে আগবাঢ়িছে। শাওণ মাহত সপোনত যদি নাগ নাগিনৰ জোৰাক দেখা মানে, সেয়া প্ৰেমৰ প্ৰতীক মনা হয়। এনে সপোনে এই কথা বুজাই যে,আপোনাৰ বৈবাহিক জীৱন সুখময় হব।
৪/ধাৰ্মিক অনুষ্ঠান,শাওণ মাহৰ সপোনত যদি, ধাৰ্মিক অনুষ্ঠান ধাৰ্মিক যাত্রা, আৰু দেৱী দেৱতাক সপোনত দেখা পায়, তেতিয়া তেনে সপোনক বহুতো প্ৰবিত্ৰ বুলি কোৱা হয়। এনে সপোন কেৱল সেইজনেহে দেখা পায়, যি এক প্ৰবিত্ৰ মনুষ্য হয়। এনে সপোনে এই কথা বুজাই যে, আপুনি সোনকালে সফলতা অৰ্জন কৰিব। শাওণ মাহৰ সপোনত যদি আপোনাক কোনোবাই কপাঁলত তিলক লগাই, তেতিয়া সেয়ায়ো সফলতাৰে চিহ্ন হয়।।
৫/শাওণ মাহৰ সপোনত যদি টুৰটুৰাই থকা ভেকুলী, আৰু পানীত ঘূৰি ফুৰা মাছক দেখা পালে, তেন্তে আপোনাৰ ভাগ্য উজ্জ্বলিবলৈ আগুৱাই গৈ আছে। এনে সপোনে, সুখ সমৃদ্ধি, টকা পইচা সকলো দিব পাৰে।। (কথাখিনি সংগ্ৰহিত)
ঔঁ নমঃ শিৱাই…
এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com
বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াই আমালৈ প্ৰেৰণ কৰিছে।আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Religious Studies )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page



No comments:
Post a Comment