মহাদেৱৰ অতিকৈ প্ৰিয় হয় এই বিধ নৈবদ্য : Religious Studies - SMJ24 - Social Media Journalism

FB_IMG_1594289349588

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Advertisement

Sunday, August 1, 2021

demo-image

মহাদেৱৰ অতিকৈ প্ৰিয় হয় এই বিধ নৈবদ্য : Religious Studies

PhotoGrid_1627791471119

শাওণ মাহত ভগৱান শিৱৰ শ্ৰী চৰণত এইবিধ নৈবেদ্য অৰ্পণ কৰিলে, যাৰ দ্বাৰা সকলো মনৰ কামনা পূৰ্ণ হয়। অৰ্থাৎ মনে বিচৰা ধৰণে ফলপোৱা যায়। ( Religious Studies )

শাওণ মাহ অতি প্ৰৱিত্ৰ মাহ হিচাপে গণ্য কৰা হয়। এই শাওণ মাহত হিন্দু সকলৰ আৰাধ্য দেৱতা ভগৱান শিৱৰ আৰাধনাৰ মাহ বুলি কোৱা হয়। আমি সকলোৱে জানো যে, শিৱ পূজা কৰোঁতে বেলপাত দিব লাগে। সেই কথা নজনাৰ ফলত আমি মনে বিচৰা ধৰণৰ ফল নাঁপাও। সঠিক ভাৱে বেলপাত দিলেহে মন বিচৰা ফল পোৱা যায়। 


প্রথম কথা হল বেলপাত চুৰ্তথী, অষ্টমী, নৱমী, চতুৰ্দশী, পূৰ্ণিমা আৰু অমাৱশ্যাত চিঙিব নালাগে। ইয়াৰ উপৰিও সোমবাৰে কেতিয়াও বেলপাত চিঙিব নালাগে। ভগৱান শিৱক বেলপাত অৰ্পণ কৰিবৰ বাবে, এদিন আগতেই বেলপাত চিঙি ৰাখিব পাৰি। শাস্ত্ৰ মতে বেলপাত বাহী নহয়। এবাৰ পূজা কৰা বেলপাতো পুনৰ ধূই পূজাত দিব পাৰে।


দ্বিতীয়তে বেলপাত কেতিয়াও অপ্ৰয়োজনীয় ভাৱে চিঙিব নালাগে। যিমান প্ৰয়োজন, সিমানহে চিঙিব লাগে।বেলপাত চিঙাৰ আগত আৰু পাছত বেলগছক কেতিয়াও সেৱা জনাবলৈ নাপাহৰিব। ( Religious Studies )


এতিয়া জানো আহক বেলপাত কেনেদৰে অৰ্পণ কৰিলে আমাৰ মনৰকামনা পূৰ্ণ হয়। 

শাস্ত্ৰ অনুসৰি প্ৰতিটো সোমবাৰে, ২১খিলা বেলপাত চন্দনৰে ঔম নমাহ শিৱায় লিখি শিৱ লিংগত অৰ্পণ কৰিলে, ভক্তৰ মনৰ কামনা পূৰ্ণ হয়।যদি আপুনি শাওণ মাহৰ প্ৰতিটো দিনতে এনে কৰিব পাৰে তেন্তে সেয়া আৰু উত্তম কিন্তু মনত ৰাখিব, বেলপাত সমূহ যাতে, ৩পতীয়া হয় আৰু ফটা চিঙা নহয়।।


ঔঁ নমঃ শিৱাই…

এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com


PhotoGrid_1609034312524

বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াই আমালৈ প্ৰেৰণ কৰিছে।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।Religious Studies )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages