নাৰীয়ে আৰু কিমান কৰিব লাগিব সহ্য ( খণ্ড ৩৬ ) : Assamese Storyboard - SMJ24 - Social Media Journalism

FB_IMG_1594289349588

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Advertisement

Tuesday, August 24, 2021

demo-image

নাৰীয়ে আৰু কিমান কৰিব লাগিব সহ্য ( খণ্ড ৩৬ ) : Assamese Storyboard

PhotoGrid_1627416454181


  -"মাজনী,....মাজনী.."

        বাপেকৰ মাতত খপজপকৈ শোৱাৰ পৰা উঠি চকুহাল মোহাৰি মোহাৰি মানসী ৰুমৰ পৰা ওলাই আহিল( Assamese Storyboard )

-"কি হ'ল দেউতা?"

-"খুড়াদেউয়ে কি কৈছে এইবোৰ?"

-"কি কৈছে দেউতা?"

-"তুমি বোলে কোনোবা ল'ৰা এজনক ভাল পোৱা?"


      "অহহ্ চুৱাচেলেকাই ৰাতিপুৱাই ৰাতিপুৱাই চোৱা চেলেকিবলৈ আহিলেই মানে" ভোৰভোৰাই মানসীয়ে মুখৰ ভিতৰতে কথাটো ক'লে।

-"কি হ'ল একো নোকোৱা কিয়?"

-"খুড়া ৰাতিপুৱাতে আপুনি খলুৱামী কৰিবলৈ আহিলেই ন'।"

-"মাজনী,,,,,,,, যিটো সুধিছাঁ সেইটো কোৱা? কথাটো হয় নে নহয়?"

-"হয় দেউতা,,,,  মই তোমালোকক ক'ম ক'ম বুলি ভাবিয়েই আছিলোঁ এতিয়া গম পালা যেতিয়া ভালেই হ'ল।"

-"মই তোমাক কলেজলৈ প্ৰেম কৰিবলৈ পঠাইছো নে পঢ়িবলৈ?"

-"পঢ়িবলৈ কিন্তু মোৰো ফিলিংচ বুলি কথা এষাৰ আছে মোৰো এখন অন্তৰ আছে। হিয়াত এবুকু মৰম আছে। ভাল লগা বেয়া লগা আছে। আৰু মোৰ ৰিদিপ্তক ভাল লাগে। আৰু এটা কথা দেউতা প্ৰেম কৰাটো একো অপৰাধ নহয় মই মোৰ পঢ়া ক্ষতি কৰি প্ৰেম কৰা নাই।"

-"তেন্তে কি তুমি তোমাৰ প্ৰেম নে ফিলিংচ এইসোপা ক্ষতি কৰিহে পঢ়া-শুনা কৰিছা?"

-"নাই কৰা মা......মই সকলো মিলাই কৰিছোঁ।"

-"মাজনী এইবোৰ এতিয়াৰ পৰাই তুমি বন্ধ কৰা....... নহ'লে..."

-"নহ'লে কি দেউতা... নকৰোঁ মই বন্ধ এইবোৰ.. কি কৰিবা তুমি?"

 

         "থাচ্" এটা শব্দ। এটা চৰৰ শব্দ। কাৰোবাৰ গালত পৰা এটা চৰৰ শব্দ। মানসীৰ? হয় তাইৰ গালত মাকে দিয়া এটা চৰৰ শব্দ। "মা".....।


-"লাজ লগা নাই তোৰ বাপেৰৰ লগত এনেকৈ মুখ চলাবলৈ।"

-"নাই লগা....... মোৰ কথা যেতিয়া দেউতাই বুজি নাপায় তেন্তে মই তেওঁৰ লগত কেনেকৈ কথা পাতিব লাগে সেইটো মই কেনেকৈ বুজো? আৰু এটা কথা মই ৰিদিপ্তক ভাল পাওঁ আৰু তাৰ লগতে বিয়া হ'ম।"

-"বিয়া হৈ খাবি কি? খাবলৈ নাপায় পিন্ধিবলৈ নাপায় মৰিবি তই।”

-"মৰিলে মৰিম কিন্তু মই বিয়া হ'মেই তাৰ লগত..... আজিয়েই হ'ম....অ' আজিয়েই হ'ম..... মোৰ মোবাইলটো ক'ত আছে?"


    এইবুলি কৈ তাই মোবাইলটো বিচৰাত লাগিল। "পাগলামি নকৰিবি মাজনী।" "প্লিজ্ মা....”। তাই ৰিদিপ্তলৈ ফোন লগাবলৈ ধৰিলে। ইফালে মাকে কান্দি- কাটি বেহুচ হোৱাৰ দৰে হ'ল। বুকুত ভুকুৱাই ভুকুৱাই কান্দিবলৈ ধৰিলে। "এজনীয়েই ছোৱালী অ' তাকো এতিয়া এইয়া হে ফল পালোঁ,,,,,,, ইমান মৰম কৰাৰ প্ৰতিদান এইয়াই দিলে তাই। কেও-কিছু নথকা এটা ভিকহুৰ জাতলৈ বিয়া হৈ তাই কি পৰ্বতত কাছকণী বিচাৰি উলিয়াব। এইবোৰ চোৱাৰ আগতে মোক মাৰি নিনিলা কিয় প্ৰভু,,,, মোক কিয় জীয়াই থৈছা?"

-"এ্ মা হ'ব আৰু বেছি একটিং বাজি কৰি নাথাকিবা এইবোৰৰ দিন উকলিল এতিয়া আৰু এইবোৰ কৰি একো লাভ নাই ........

..................

“হেল্ল”,,,,, ৰিদিপ্ত,,,,, সোনকালে তুমি আমাৰ ঘৰলৈ আহা।"

-"কিয় মানসী?"

-"আমি আজিয়েই বিয়া হ'ম তুমি খালি সোনকালে আহা।"

-"কিন্তু মানসী এটা ডাঙৰ কথা হৈছে শুনাছোন তুমি।”

-"এইটো কথাতকৈ আৰু একো ডাঙৰ কথা নহয় তুমি খালি সোনকালে আহা( Assamese Storyboard )।"

-"হেল্ল” মানসী শুনাছোন তুলি মই তোমাক বিয়া কৰাব নোৱাৰোঁ  কাৰণ মই.......

হেল্ল”......মানসী,,,,,,,,,, হেল্ল”


       তাই ইতিমধ্যে ফোনটো কাটিলেই কিন্তু সি গমেই পোৱা নাছিল।


==================================

 মায়ে মোক দেখিলে। তেওঁৰ হেনো মোক দেখিয়েই চকুপানী ওলাই আহিছিল। "গাড়ীখন ৰখাওঁকছোন, জল্ডি ৰখাওঁক‌।"

-"কিয় কি হ'ল?"


      মাৰ কথা শুনি দেউতাই গাড়ীখন ৰখালে। একো নোকোৱাকৈ মা গাড়ীৰ পৰা নামি গৈ জাৱৰৰ দ'মটোৰ কাষ পালেগৈ। পিছে পিছে দেউতা। এটা উৎকট আৰু সহিব নোৱাৰা গোন্ধ ওলাই আহিছিল কিন্তু মাৰ সেইবোৰলৈ একো ভ্ৰূক্ষেপেই নাছিল। তেওঁৰ চকু কেৱল সেই কণমানিটোৰ ওপৰতহে আছিল। "কি হ'ল মিনাক্ষী এনেকৈ নামি আহিলা যে?"

"সৌ চাওঁকছোন?" "কি?" "সেই কেচুঁৱাটো চাওঁকছোন।"

তেতিয়াহে দেউতাৰ চকু মোৰ ওপৰত পৰিছিল। 

-"কিন্তু এই কেচুঁৱাটো ইয়াত?"

-"আমাৰ বাবেই চাগৈ কোনোবাই ইয়াত পেলাই থৈ গৈছে। এতিয়া এইবোৰ বাদ দিয়ক ব'লক তাক লৈ আনো।"

-"অ' ব'লা।"


     তাৰ পিছত দুয়ো গৈ সেই অসহনীয় এখন নাৰকীয় ঠাইৰ পৰা মোক আলফুলে তুলি আনিলে। সম্পূৰ্ণ নগ্ন হৈ আছিলোঁ মই। গোটেই গাটো তেজ,, জাৱৰ-জোঁথৰ,, কুকুৰৰ চেলেক আদি পৰি এক বিশেষ ৰঙৰ হৈ পৰিছিল আৰু এক বিশেষ গোন্ধ ওলাইছিল। কিন্তু সেইবোৰ সকলো আওকাণ কৰি দুয়োয়ে মোক লৈ আনিলে এখন হস্পিতাললৈ।


 "গোলাপৰ কলিটি পখিলাই চুমিব 

  মন উৰণীয়া হ'ব।

  আপোনৰ কাৰণে সকলো সহি

  মাৰিব আনন্দৰ হাঁহি।"


:"তাৰ পিছত?"

ৰাবাহিক খনৰ পৰবৰ্তী খণ্ড কালিলৈ দিনৰ ঠিক ১০ বজাত প্ৰকাশ পাব। সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )


✍️✍️...............…...আগলৈ...................✍️✍️

( আজিৰ খণ্ডটো পঢ়ি কেনেকুৱা পালে জনাব।।🙏🙏।।)


PhotoGrid_1626758289269

এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত
 - www.গল্প/উপন্যাস.com
( Assamese Storyboard )

PhotoGrid_1625978901013

গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages