প্ৰেম,বিবাহ,বিচ্ছেদ…আৰু তাৰ পিছত ? ( খণ্ড ৫ ) Assamese Storyboard - SMJ24 - Social Media Journalism

FB_IMG_1594289349588

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Advertisement

Thursday, August 12, 2021

demo-image

প্ৰেম,বিবাহ,বিচ্ছেদ…আৰু তাৰ পিছত ? ( খণ্ড ৫ ) Assamese Storyboard

PhotoGrid_1628432704839

  

আজি-কালি তাই চুটি পালেও ঘৰলৈ যাবলৈ মন নকৰে।ককায়েক জনেও বিয়াখন পতা ছমাহেই হ'ল( Assamese Storyboard )।সকলোৱে তাইক মৰমেই কৰে কিন্তু তাই বুকুৰ মাজত বেলেগ মৰমৰ সপোন কঢ়িয়াই ফুৰে।মাকে বৌৱেকক মৰম কৰা দেখিলে তাইৰ এৰি থৈ অহা শাহুৱেক জনীলৈ বৰকৈয়ে মনত পৰে।

আনফালে চুবুৰীয়াৰ ফুচ-ফুচনিয়ে তাইক শান্তি নিদিয়ে।কোনোবাজনে সাহস কৰি সুধিয়েই পেলাই,-- চাকৰিও হ'ল বিয়াখন নুখুওৱা নেকি?


তাইৰ কবলৈ মন যায়,হেৰ,এজনী মানুহৰ কিমানখন বিয়া খাবলৈ মন কৰা।কথা বতৰা বেলেগ নাই যদি নুসুধিবি,বিয়াৰ কথানো কেলেই লাগে।তাতকৈ যদি সুধিলি হেতেন তোৰ বুকুৰ মাজৰ বিয়া নামৰ বিষটো আগতকৈ ভাল পাইচনে?কিন্তু তাই তেনেকৈ কব নোৱাৰে।বিয়া নামৰ বিষটো যে তাইৰ বুকুৰ পৰা আহি গলত সোপা মাৰি ধৰে।চকুৰ পানী ওলাই ধৰা পৰাৰ ভয় হয় তাইৰ। সেয়ে আজিকালি ঘৰ খনলৈ আহিব খুজিও ৰৈ যায়। চকুপানী ওলোৱাৰ ভয়ত ঘৰলৈ অহা তাইৰ ভৰি দুখন থমকি ৰয়


খুৰীয়েকৰ ছোৱালী মাইনুৰ বিয়াত আহিও তাই সেই একে পৰিস্থিতিৰে মুখা-মুখী হ'ল।মানুহে একো নুসুধিলেও তাইক একো নকলেও বুকুৰ মাজত থকা আশা সপোনৰ অপূৰ্ণতাই তাইক শান্তি নিদিয়ে।মাইনুক তাই বহুত ভাল পায়।কাকো তাই হিংসাও নকৰে কিন্তু নিজৰ অপৰিপুৰ্ণতাই তাইক ভিতৰি ভিতৰি বহুত দুখী কৰি তোলে।দুৰ্বল হৈ পৰে তাই সপোন ভঙাৰ যন্ত্ৰনাত।সেয়ে ঘৰ খনলৈ অহা পাতলাই দিছে।তাতকৈ গাৰ্গী আৰু জুৰিৰ সৈতে সময় কটাইয়ে তাইৰ বহুত ভাল লাগে।( Assamese Storyboard )


তাই দুখ কৰিলে সিহঁ‌তৰ মৰম মৰম যেন লগা শাসন বিলাকে তাইক জীয়াই থকাৰ শক্তি দিয়ে,জীৱনটোক নতুনকৈ চোৱাৰ প্ৰেৰণাই তাইক শক্তিশালী কৰি তোলে।লাহে লাহে তাইৰ কান্দিবলৈ শক্তি কমি আহে।তাতকৈ দুখবোৰ ওলমি থাকিলেও হাঁ‌হি এটি পিন্ধি লৈয়েই জীৱনটোত আগবাঢ়ি যাব খোজে।

সম্বন্ধবোৰ আকৌ আহিবলৈ লৈছিল।তাইৰ বিশেষ কোনোবা জনৰ বাবে তাই কেৱল এ,টি,এম কাৰ্ডখন হব খোজা নাছিল সেয়ে প্ৰস্তাব বোৰক নাকচ কৰি গৈছিল।প্ৰায়বিলাক সম্বন্ধই দিয়া প্ৰশ্নটো তাইৰ মুৰত পাক ঘুৰণি খাই ৰৈছিল, বিয়াৰ পিছত এ,টি,এম খন দিবানে?
তাইতো নিবিচাৰে তাইৰ বিশেষজনে তাইক কেৱল এ,টি,এম বুলি ভাবক।তাই বিচাৰে কেৱল তাই তাইৰ আপোনজনৰ বুকুত ঘৰ কৰি ৰৈ যাবলৈ চিৰদিনলৈ।কিন্তু বাস্তৱ পৃথিৱীখনত তাইৰ বাবে সেয়া সম্ভব হৈ নুঠে।কাৰণ তাই যে ডিভোৰ্চী।ডিভোৰ্চীৰ জানো ভালপোৱাৰ অধিকাৰ থাকে?


ভালপোৱা বিলাক বুকুৰ মাজতেই ৰৈ যায় তাইৰ।নোপোৱাৰ বেদনাতকৈ পাই হেৰুৱাৰ বেদনাই আকৌ খুলি খুলি অন্তৰ খহাই।

-এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - https://বিচ্ছেদৰ-পিছত.in

( Assamese Storyboard )


(ধাৰাবাহিক খন প্ৰতি দিনেদিনৰ ঠিক ১ বজাত প্ৰকাশ পায়। সেয়ে  নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )

আগলৈ…



PhotoGrid_1628433313861


আমালৈ গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages