এগৰাকী সুন্দৰী, তিনিটা ৰহস্যময় হত্যাকাণ্ড ( খণ্ড ৭ ) : Assamese Storyboard - SMJ24 - Social Media Journalism

FB_IMG_1594289349588

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Advertisement

Thursday, August 12, 2021

demo-image

এগৰাকী সুন্দৰী, তিনিটা ৰহস্যময় হত্যাকাণ্ড ( খণ্ড ৭ ) : Assamese Storyboard

202108061628231306665

 

মনোজৰ সম্পূৰ্ণ বিশ্বাস আছিল যে এইজনী নেহাই!! সেই কাৰণে সি পিছে-পিছে দৌৰিবলৈ ধৰিলে!! তাৰ হৃদয়খনে আনন্দতে নাচি উঠাৰ দৰে হৈছিল( Assamese Storyboard )!! সি ভাবিছিল সি তাৰ ভাল পোৱা আকৌ ঘূৰাই পালে!!

দৌৰি গৈ সি তাইৰ ওচৰ পালে আৰু তাইৰ কান্ধত হাত দি ক'লে-


"নেহা তুমি ইয়াত??"


ছোৱালীজনীয়ে পিছলৈ ঘূৰি চালে আৰু মনোজে আচৰিত হৈ চালে!! নেহাই আছিল............!! কিন্তু তাই  আগৰ দৰে নাছিল। সলনি হৈ গৈছিল!! তাই হালধীয়া ৰঙৰ টপ আৰু জিন্স পিন্ধি আছিল!! হাতত বহুত ফাইল লৈ আছিল!!


চকুত চচমা কাণত টপৰ  লগত মিলাই ফুলি আৰু বহুত বেছি মেকআপ কৰি আছিল!!! আগতকৈ চেহেৰাটো উজ্বল হৈ উঠিছিল আৰু তাই অলপ আগতকৈ শকত হৈছিল!!!


তাই আগতকৈ বহুত ধুনীয়া হৈ পৰিছিল আৰু এনেকুৱা লাগিছিল যেন তাইৰ ওপৰত কোনোবাই যাদুৰ মাৰি লগাই তাইক আৰু ধুনীয়া কৰি দিলে!!



তাই তাক চাই ক'লে-

"তুমি কোন হয়??"


মনোজ চক্ খাই উঠিল!!নেহাই কিয় এনেকুৱা কৰিছে!! 


প্ৰথমতে সি ভাবিছিল হয়তো নেহাই তাক চিনি পোৱা নাই!!


 সি অলপ চক্ খোৱা দৰে সুধিলে-

"কি??" এনেকুৱা কিয় কৰিছা !! তুমি মোক কি চিনি নাই পোৱা নি??"


"ইমান সোনকালে কোনোবাই কাৰোবাক পাহৰিব পাৰে নেকি??"আৰু এইবোৰ কি?? তুমি তাৰ পৰা একো নোকোৱাকৈ গুচি আহিলা !! মই তোমাক কিমান বিচাৰিলোঁ!!



মই বহুত চিন্তা কৰি আছিলো তোমাৰ বাবে!!


যি হ'লেও মোক কৈ আহিব পৰা.........!! আৰু বৃস্তি ক'ত আছে???খুৰা-খুৰী ক'ত??"একেটা উশাহতে সি সকলো সুধি পেলালে!!


আচৰিত কথা এটা আছিল যে সি ভাবিছিল যে তাই যদি তাৰ সন্মুখত আহে তাইৰ ডিঙি চেপি দিব আৰু তাৰ লগত বিশ্বাস ঘাটকতা কৰা বাবে শাস্তি দিব!!



কিন্তু তাইক ওচৰত পায় তাৰ খং নাইকীয়া হৈ গ'ল!!


 তাই যিটো উত্তৰ দিলে সি আচৰিত হৈ পৰিল!!


ছোৱালীজনীয়ে আচৰিত হৈ কৈছিল-"নাজানো তুমি এইবোৰ কি কৈ আছা??"


তুমি মোক বাৰে বাৰে নেহা বুলি কিয় কৈ আছা....??

মই নেহা নহয়......... আৰু মই কোনো নেহাকো চিনি নাপাওঁ!! নাজানো তুমি কি অদৰকাৰী কথা কৈ আছা!!


মনোজে কেনেকৈ মানি ল'ব যে তাই নেহা নহয়.......!! 

সি ক'লে-"অনুগ্ৰহ কৰি নেহা এনেকুৱা নকৰিবা!! আৰু যদি মোৰ ওপৰত কিবা খঙ উঠি আছে মোক যি ক'ব আছে কোৱা!!( Assamese Storyboard )


তুমি মোক একো নোকোৱাকৈ গুচি আহিলা? আৰু এতিয়া কিয় খঙ কৰি আছা মোক কোৱা চোন!!"এনেকৈ কৈ সি নেহাক বুজাবলৈ তাইৰ হাতত ধৰিব খোজিলে......!! তেতিয়া নেহাই জোৰে হাতখন আঁতৰাই ক'লে-


"চুপ থকা তুমি!!"আৰু বেছি অদৰকাৰী কথা নক'বা!! নহ'ল মই চিঞৰি চিঞৰি সকলোকে মাতি দিম!! এবাৰ ক'লো নহয় নুশুনা নি? মই নেহা নহয়!! 


এইবাৰ মনোজৰো খঙ উঠিল!!সি আকৌ ভাবিলে যে নেহা সঁচাই  বিশ্বাস ঘাটক!!


সি বুজি পোৱা নাছিল যে তাই ইমান মিছা কিয় কৈ আছে!! এতিয়া তাৰো বহুত খঙ উঠিল আৰু সি নেহাক ক'লে-

 

"হয় নেকি !! তুমি যদি নেহা নহয় তেতিয়া কোনো তুমি??"


মই তোমাক ক'ব নিবিচাৰোঁ তথাপিও কৈছোঁ মোৰ নাম 

কাবেৰী..............!!!!


সি ভাবিলে ইমান মিছা ক'ব পাৰে প্ৰথমতে মোক নোকোৱাকৈ গুচি আহিলে আৰু এতিয়া এইবোৰ নাটক কৰিছে ...!!!


তাৰ পাছত তাৰ কান্ধত কোনোবাই হাত দিলে আৰু সি ঘূৰি চাই দেখিলে যে তাৰ অফিচৰে প্ৰকাশ..!!


"কি হ'ল?" কি কথা অ'? মই আঁতৰৰ পৰা চাই আছিলোঁ!!"


"মই ভাবিছিলো কোনোবা তোমাৰ চিনাকি!! তুমি ছোৱালীজনীক চিনি পোৱা নি??"


"বহুত ওপৰৰ ছোৱালী অ' !! প্ৰকাশে কথাৰ সুৰটো বেলেগ ধৰণে ক'লে!


"কি?"


"অ' হয় এনেকুৱাই হয়!!"


"এতিয়া তুমি চাবা!! ইয়াৰ পৰা আহিব !!যোৱা সময়ত তুমি চাবা!!"


মনোজে ও আচল কথাটো উলিয়াব বিচাৰি আছিল!!


মনোজে প্ৰকাশক সুধিলে-"তুমি এই ছোৱালীজনীৰ কথা কি জানা?আৰু তাই নাম কি?"


"তাই নাম কাবেৰী বুলি জানো.........!! তাইক আমাৰ মেনেজাৰ ছাৰে বহুত ভাল পাই!!"


"কিছুমানে কয় তাইৰ বোলে আমাৰ মালিকৰ লগতো অবৈধ্য সম্পৰ্ক আছে??"


"কি???"


"হয়!!"


মনোজে এইবোৰ শুনি আচৰিত হ'ল!!


"কি কৈ আছা তুমি??''


"সঁচা কথা কৈছোঁ !!মাজে -মাজে তাই আমাৰ মেনেজাৰ জনক লগ কৰিব আহে!!"


এঘন্টা পাছত সি কাম কৰি আছিল আৰু প্ৰকাশে আহি তাক খবৰ দিলে!!ব'লা সোনকাল গৈ চোৱা!!


সিহঁতি বাহিৰলৈ গৈ দেখিলে তাই তাৰ পৰা গ'ল আৰু এখন গাড়ী ৰৈ আছিল!! 


তাই গাড়ীত বহিলে!! গাড়ী কোনে চলাইছিল নেদেখিলে!! কিন্তু যেতিয়া সি গাড়ী  পৰা নামি দৰ্জাখন খুলিলে!!মনোজে দেখিলে বহুত ধুনীয়া এটা ল'ৰা!!

 দুয়োটা গাড়ীত বহিলে আৰু তাৰ পৰা গুচি গ'ল!!


এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - www.মোহময়ী-হত্যাকাৰী.in


(ধাৰাবাহিক খন প্ৰতি দিনে দিনৰ ঠিক ১২ বজাত প্ৰকাশ পায়। সেয়ে  নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )

আগলৈ…



PhotoGrid_1625978901013

গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল । 
( Assamese Storyboard )

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages