আৰক্ষীয়েও এই অপৰাধীৰ তিনিমাহে উলিয়াব পৰা নাই কোনো শুংসূত্ৰ : Assamese News - SMJ24 - Social Media Journalism

FB_IMG_1594289349588

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Advertisement

Sunday, August 1, 2021

demo-image

আৰক্ষীয়েও এই অপৰাধীৰ তিনিমাহে উলিয়াব পৰা নাই কোনো শুংসূত্ৰ : Assamese News

PhotoGrid_1627813521248

ভালদৰে মন কৰক ছবিত দেখা এই ব্যক্তি তিনিজনলৈ।ছবি খনত দেখা ক্ৰমে ম° আচিফুল আলি,ম° হাছমত আলি আৰু ম° ইনামুল হুছেইন নামৰ এই ব্যক্তি তিনিজন হৈছে যোৰহাট জিলাৰ তিতাবৰ মহকুমৰ মেলামাটিৰ কুখ্যাত অপৰাধী।আজিও পলাতক এই তিনি অপৰাধীয়ে বিগত ২৩ এপ্ৰিলৰ দিনটোতেই মেলামাটিৰ প্ৰণৱ শইকীয়া জাতীয় বিদ্যালয়ৰ পৰিচালন সঞ্চালক ৰাতুল দত্তক প্ৰানে মৰাৰ চেষ্টা কৰে আৰু তেখেতৰ এখন হাতৰ তিনিটাকৈ আঙুলি সম্পূৰ্ণকৈ কাটি পেলাই।ইয়াৰ পিছতেই,কথমপি প্ৰাণ ৰক্ষা পৰা ভুক্তভোগীৰ এজাহাৰৰ ভিত্তিত ভাৰতীয় দন্দ বিধি আইনৰ ধাৰা ক্ৰমে ১৪৩/৩২৫/৩২৬/৩০৭/৩৭৯ ত অভিযুক্ত হৈ আজিও পলাতক অৱস্থাত আছে এই তিনি অপৰাধী।( Assamese News )

PhotoGrid_1627818436416

সৰ্বসাধাৰণৰ বাবে অতিকৈ দুৰ্ভাগ্যৰ বিষয় যে,ইমান এটা জঘন্য কাণ্ড সংঘটিত হোৱা আজি তিনিটা মাহতকৈও অধিক কাল ওকলি গল যদিও এই পাষণ্ড কেইটাক আটক কৰিবলৈ সক্ষম হোৱা নাই অসমৰ আৰক্ষী বিভাগ।উল্লেখ্য যে, চুৰি,মাৰপিট আদি অপৰাধত লিপ্ত হৈ পূৰ্বেও এই অপৰাধিয়ে জেলৰ ভাত খাই আহিছে।গতিকে দিনক দিনে ডাঙৰতকৈ ডাঙৰ অপৰাধ কৰিবলৈ সাহস বৃদ্ধি পাই অহা এই তিনি অপৰাধীক আৰক্ষীয়ে অতি তৎপৰতাৰে আতক কৰি উচিৎ শাস্তি নিদিলে, ভবিষ্যতে যে অপৰাধ মূলক কাৰ্য্যকলাপ আৰু অধিক বৃদ্ধি পাব সেয়া নিশ্চিত।( Assamese News )

PhotoGrid_1627818534783

যিহেতু ৰাজ্যৰ গৃহ বিভাগটো মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধীনত আছে,আৰু বৰ্তমান তেখেতে অপৰাধ মূলক কাৰ্য্যকলাপ সমূহ কঠোৰ ভাবে দমন কৰাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰি অহা দেখিবলৈ পোৱা গৈছে।সেয়ে,ৰাইজৰ বৃহৎ স্বাৰ্থত তিতাবৰ মহকুমৰ মেলামাটিৰ এই পলাতক অপৰাধী কেইটাক কৰায়ত্ত কৰাৰ বিষটোত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক দৃষ্টিগোচৰ কৰিবলৈ আমি আহ্বান জনালো।

PhotoGrid_1627818628333

লগতে অসম বাসী ৰাইজক আমি জনাও যে,এই তিনি অপৰাধীক যতেই দেখে ততালিকে ৯৮৫৪৭৯৯৫৭৭ আৰু ৯১০১১০৭১১২ ত কল কৰি খবৰ দিয়ক। যদি কোনো লোকে এই সম্ভেদ আমাক দিব পাৰে,তেন্তে সম্ভেদ দিওঁতাক নগদ - ২০,০০০ ( বিশ হেজাৰ ) টকাৰে পুৰস্কৃত কৰা হব।আৰু সম্ভেদ দিওতাৰ পৰিচয় গোপনে ৰখা হব।সকলোকে আহ্বান জনাওঁ, প'ষ্টটো পাৰে মানে শ্বেয়াৰ কৰক,যাতে মানুহক হত্যা কৰিবলৈ তিলমানো কুণ্ঠাবোধ নকৰা এই পাষণ্ড কেইটাক ধৰিবলৈ সহায়ক হয়,ধন্যবাদ।( Assamese News )

No comments:

Post a Comment

Advertisement

Pages