ওঁঠে কয় কেনেকোৱা হব আপোনৰ ভাগ্য আৰু ব্যক্তিত্ব : Assamese Fact - SMJ24 - Social Media Journalism

FB_IMG_1594289349588

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Advertisement

Tuesday, August 17, 2021

demo-image

ওঁঠে কয় কেনেকোৱা হব আপোনৰ ভাগ্য আৰু ব্যক্তিত্ব : Assamese Fact

PhotoGrid_1629187733216

যেতিয়া আমি কোনো ব্যক্তিক প্ৰথম বাৰৰ বাবে লগ পাওঁ তেতিয়া তেওঁৰ আচাৰ ব্যৱহাৰ, স্বভাৱ চৰিত্ৰ আদি জনাটো বহুত কঠিন।Assamese Fact )

model-2322815_640
প্ৰথম বাৰ লগ পাওঁতে কোনো ব্যক্তিৰ বিষয়ে জনাটো বহুত কঠিন। কিন্তু সামুদ্ৰিক শাস্ত্ৰৰ অনুসৰি শৰীৰৰ অংগবোৰৰ গঠনৰ পৰা মানুহৰ বিভিন্ন আচাৰ ব্যৱহাৰ বিষয়ে জনা যায়। আজি আমি আপোনালোকক মানুহৰ ওঁঠৰ আধাৰত মানুহৰ আচাৰ ব্যৱহাৰ , স্বভাৱ চৰিত্ৰ আদি কেনেকুৱা হয় তাৰ বিষয়ে কম। সামুদ্ৰিক শাস্ত্ৰৰ অনুসৰি ওঁঠৰ আকৃতি অনুসৰি মানুহৰ আচাৰ ব্যৱহাৰ , স্বভাৱ চৰিত্ৰ আদি কেনেকুৱা হয় তাৰ বিষয়ে জানো আহঁক-


১ঃ

PhotoGrid_1629185185381
সাধাৰণ ওঁঠ অৰ্থাৎ দুটা ওঁঠ সমান হয় আৰু বেছি শকত বা ক্ষীণ নহয় । তেনেকুৱা ব্যক্তিয়ে নিজৰ কামবোৰ শান্তি, ধৈৰ্য আৰু সুকলমে কৰে। এওঁলোকে আনৰ জীৱনত কি চলি আছে জনাতকৈ নিজেই কেনেকৈ আগবাঢ়িব পাৰি সেইটো বেছি চিন্তা কৰে। জীৱনলৈ যিমান কঠিন পৰিস্থিতি আহিলেও এওঁলোকে অতি সহজে সেই সমূহ সমাধান কৰিব পাৰে। এওঁলোকে আনৰ কথাবোৰৰ সন্মান কৰে কিন্তু কামটো নিজৰ মতেই কৰে। লগতে কৈ কৰাতকৈ কৰি দেখাই ভাল পায়।


এতিয়া এওঁলোকৰ কিছুমান বেয়া গুণৰ বিষয়ে কম।


এওঁলোকৰ যি কাম কৰে বহুত ধৈৰ্যৰে কৰে। কিন্তু যদি কিবা কাম কৰি ভাল নাপায় তাক এনেকে বাহিৰ কৰে যেন পানীত বা চাহত পৰা মাখি । এওঁলোকে যিটি কথাত মিছা মাতে। যিবোৰ কথাত মিছা ক'লে কাৰো হানি নহয় তেনেকুৱা মিছা কথা তেওঁলোকে কোৱা দেখা যায়।


২ঃ

PhotoGrid_1629185230001
যিসকল ব্যক্তিৰ ওপৰৰ ওঁঠটোৰ মাজৰ ভাগটো তললৈ জোঙা দৰে তেনেকুৱা ব্যক্তিৰ ৰচনাত্মক বিধৰ হয়। এনেকুৱা মহিলাৰ এটা নহয় এটা বিশেষ কলা থাকে যাৰ ফলত তেওঁলোকে নিজৰ এটা স্থান প্ৰতিষ্ঠা কৰিব পাৰে যেনে-কলাকাৰ , সংগীতকাৰ আদি। এওঁলোকে  বহুত দিনীয়া কথাও মনত ৰাখে। এওঁলোকে জীৱনত সফলতা অৰ্জন কৰিবলৈ অশেষ চেষ্টা কৰে।


এতিয়া এওঁলোকৰ কিছুমান বেয়া গুণৰ বিষয়ে কম।


এওঁলোকে নিজকে চেষ্ট বুজাবলৈ বহুত চেষ্টা কৰে। বেলেগ ব্যক্তিয়ে এওঁলোকতকৈ বেচি কথা জানিলেও এওঁলোকে নিজকে চেষ্ট বুলি ভাৱে।এই কাৰণে এওঁলোকৰ মনত হিংসা ভাৱনাও দেখা পোৱা যায়।


৩ঃ

PhotoGrid_1629185280593
যি ব্যক্তিৰ ওপৰৰ ওঁঠটো তলৰ ওঁঠটোতকৈ ডাঙৰ  তেওঁলোকক শাস্ত্ৰৰ অনুসৰি ড্ৰামাবাজ অৰ্থাৎ নাটক কৰাত পাকৈত বুলি কোৱা হয়। এওঁলোকে নিজকে বুদ্ধিয়ক বুলি ভাবে আৰু নিজকে নিজেই ভাল পোৱা বিধৰ হয়। এওঁলোকে মানুহৰ মাজত আকৰ্ষিত হয় ভাল পায়।Assamese Fact )


এতিয়া এওঁলোকৰ কিছুমান বেয়া গুণৰ বিষয়ে কম।


এওঁলোকে এটা মানুহৰ কথা আন এটা মানুহক লগাই ভাল পায়। এওঁলোক বহুত লগনীয়া স্বভাৱৰ হয় আৰু যেতিয়া লৈকে মানুহে এওঁলোকৰ কথা শুনে তেতিয়া লৈকে সেইজন মানুহ তেওঁলোকৰ পৰম মিত্ৰ হয় থাকে আৰু যদি নুশুনে সিহঁতৰ শত্ৰু হৈ পৰে। 



৪ঃ

PhotoGrid_1629185345812
যি ব্যক্তিৰ ওপৰৰ  ওঁঠটোতকৈ তলৰ ওঁঠটো ডাঙৰ হয় তেওঁলোকে সাধাৰণ কাম কৰি ভাল নাপায়। চাকৰি হক বা ব্যৱসায়ি হক এওঁলোকে বেলেগে ধৰণে কৰি ভাল পায়। জীৱনৰ আনন্দ কেনেকৈ উপভোগ কৰিব পাৰি এওঁলোককক সুধক।অন্য লোকৰ তুলনাত এওঁলোকক বহুত শক্তিশালী যেন লাগে। শাস্ত্ৰৰ অনুসৰি এওঁলোকে বিভিন্ন কথা জানিব আৰু শিকিব খোজে। জীৱনৰ সকলো ক্ষণৰে এওঁলোকে আনন্দ উপভোগ কৰে।


এতিয়া এওঁলোকৰ কিছুমান বেয়া গুণৰ বিষয়ে কম।


এওঁলোকে নিজৰ কথা কবলৈ থাকিলে বহুত ৰসালকৈ কয়। কিন্তু আনৰ কথা শুনি ভাল নাপায়।এওঁলোকে আনৰ কথা হয়ভয় দিয়ে লাগিলে যিয়ে হ'ক । কাৰণ এওঁলোকে আনৰ কথা নাভাৱে। নিজক কিবা তথ্য লাগিলে বহুতৰ লগত এওঁলোকে আলোচনা কৰে।


৫ঃ

PhotoGrid_1629185386856
দুয়োটা ওঁঠ যাৰ বহুত ডাঙৰ  তেওঁলোকে আনৰ কথা ভাবে আৰু পৰিয়ালৰ মানুহক সুখত ৰখা কথা ভাবে। এওঁলোকে নিজৰ পৰিয়ালৰ মানুহৰ লগত সময় কটায় ভাল পায়। এওঁলোকে আনৰ সুখতে নিজৰ সুখ বিচাৰি পায়।


এতিয়া এওঁলোকৰ কিছুমান বেয়া গুণৰ বিষয়ে কম।


এওঁলোকে নিজৰ মনৰ কথাবোৰ খুলি কাৰো আগত নকয়।এওঁলোকে ভাবে যে মোৰ কথা শুনি সন্মুখৰ ব্যক্তিজনে বেয়া পাব।

(এনে লেখা প্ৰতিদিনে দিনৰ ঠিক ৯:৩০, ১০:৩০, ১১:৩০, ১২:৩০, ১:৩০, ২:৩০ বজাত প্ৰকাশ পায়। সেয়ে  নিৰ্দিষ্ট সময়মতে  লেখা সনূহ পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )

এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in

Assamese Fact )


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে,ধন্যবাদ।

PhotoGrid_1625978901013

আমালৈ গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com

No comments:

Post a Comment

Advertisement

Pages