শিশু কিয় বিকলাংগ হৈ জন্ম গ্ৰহণ কৰে : Assamese Fact - SMJ24 - Social Media Journalism

FB_IMG_1594289349588

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Advertisement

Monday, August 23, 2021

demo-image

শিশু কিয় বিকলাংগ হৈ জন্ম গ্ৰহণ কৰে : Assamese Fact


PhotoGrid_1629694917665

গৰ্ভৱতী অৱস্থাত থাকোঁতে সকলো মহিলাই এইটোৱে বিচাৰে যে তেওঁলোকৰ শিশুটো সুন্দৰ হওক সুস্থ পুষ্ট হওক।Assamese Fact )

pexels-meruyert-gonullu-7698659
যদি আপোলোকেও নিজৰ শিশুটি শাৰীৰিক আৰু মানসিক ভাবে সুস্থ হোৱাটো বিচাৰে বা সুস্থ হৈ জন্ম হোৱাটো বিচাৰে। তেতিয়া আপোনালোকে আগৰ পৰাই ইয়াৰ বাবে কিছুমান সতৰ্কতা অবলম্বন কৰিব লাগিব।গৰ্ভৱতী অৱস্থাত গৰ্ভৱতী মহিলাৰ খোৱা বোৱাৰ প্ৰভাৱ শিশুটোৰ ওপৰতো পৰে। আজি আমি কম যে গৰ্ভত শিশু কিয় বিকলাংগ হয় আৰু গৰ্ভৱতী মহিলাৰ সেই সমূহ কি ভুল যাৰ ফলত শিশু বিকলাংগ হৈ জন্ম হয়। যেতিয়া আপোনালোকে প্ৰথম বাৰৰ বাবে মা হ'বলৈ উলাই  তেতিয়া আপোনালোকে সকলো কথা নাজানে বা সকলো জানিবলৈ অসুবিধা হয়। অৰ্থাৎ আপোনালোকক ক'বলৈ কোনো নাথাকিব ও পৰে।যাৰ ফলত গৰ্ভৱতী মহিলাই কিছুমান ভুল কৰে। সেই কাৰণে শিশু বিকলাংগ জন্ম হোৱা দেখা পোৱা যায়। যেনে শিশুৰ  মূৰটো বহুত ডাঙৰ,বেকা ,হাত ভৰি বেকাৰ আদি।গতিকে এতিয়া জানো আহঁক সেই কাৰণবোৰৰ বিষয়ে যি কাৰণে শিশু বিকলাংগ জন্ম হ'ব পাৰে।


গৰ্ভৱতী অৱস্থাত থাকোঁতে মাকৰ দেহত কেলছিয়াম আৰু ভিটামিনৰ অভাৱ হোৱা : গৰ্ভৱতী অৱস্থাত থাকোঁতে মহিলা সকলৰ দেহত কেলছিয়াম আৰু ভিটামিন ডিৰ বহুত আৱশ্যকতা আহি পৰে।যদি গৰ্ভৱতী মহিলাৰ দেহত কেলছিয়াম আৰু ভিটামিন ডিৰ অভাৱ হৈ যায়।

pregnant-2763931_640
তেতিয়া গৰ্ভত থকা শিশুৰ হাড়ৰ যি বৃদ্ধি হয় সেইয়া সঠিক ৰূপে হ'ব নোৱাৰে। সেই কাৰণে আপোনালোকৰ হ'ব লগা শিশুটিৰ হাত বা ভৰি বিকলাংগ হোৱা সম্ভাৱনা থাকে। সেই কাৰণে ডাক্তৰে  গৰ্ভৱতী মহিলাক গৰ্ভৱতী অৱস্থাত কেলছিয়াম টেবলেট খাবলৈ দিয়ে।ডাক্তৰে আপোনালোকক যিয়ে খাবলৈ দিয়ে সেইয়া লাগিলে ফ্ল'ৰিক এচিড হওক, কেলছিয়াম হওক নাইবা আয়ৰণৰ টেবলেতেই হওক আপোনালোকে সেইবোৰ খাব লাগে। ইয়াৰ ওপৰিও গৰ্ভৱতী মহিলাই প্ৰাকৃতিক ৰূপে ভিটামিন ডি ল'ব লাগে।যিটো আমি সূৰ্যৰ পৰা পাওঁ।গৰ্ভৱতী মহিলাই সদায় ৰাতিপুৱা প্ৰথম ৰ'দতো ল'ব লাগে।যাতে গৰ্ভৱতী মহিলাৰ শৰীৰে ভিটামিন ডি ল'ব পাৰে আৰু শিশুৰ বিকাশ শুদ্ধ ৰূপে হয়।Assamese Fact )


গৰ্ভৱতী অৱস্থাত পেইন কিলাৰ লোৱ : গৰ্ভৱতী অৱস্থাত বহুত বাৰ মহিলাৰ কঁকালৰ বিষ,মূৰ বিষ আদি হয়। এনেকুৱা বহুত মহিলাই ডাক্তৰক নুসুধাকৈ পেইন কিলাৰ খাই । আপোনালোকক ইয়াত ক'ব বিচাৰো যে পেইন কিলাৰ অনিষ্টকাৰী ঔষধ। এনেকুৱাত পেইন কিলাৰ খালে শিশুটোৰো অনিষ্ট হ'ব পাৰে। সেই কাৰণে ডাক্তৰৰ পৰামৰ্শ নোলোৱাকৈ পেইন কিলাৰ খাব নালাগে।পেইন কিলাৰত এনেকুৱা পদাৰ্থ থাকে যিটো গৰ্ভৱতী অৱস্থাত শিশুৰ বাবে বহুত অনিষ্টকাৰী আৰু ই শিশুক বিকলাংগ ও কৰি তুলিব পাৰে।


ভাইৰেল  ইন্ফেকচন পৰা আতঁৰি থাকিব লাগে : গৰ্ভৱতী মহিলাই ভাইৰেল ইন্ফেকচন পৰা আতঁৰি থাকিব লাগে। কোনো গৰ্ভৱতী মহিলাই নিবিচাৰে যে তেওঁলোকৰ ইন্ফেকচন হওক।সেয়ে গৰ্ভৱতী মহিলাই তেওঁলোকৰ পৰা আঁতৰি থাকিব লাগে যাৰ ভাইৰেল  ইন্ফেকচন আছে।গৰ্ভৱতী  অৱস্থাত মহিলাই বেছিকৈ মানুহ ভিৰ হোৱা ঠাইলৈ যাব নালাগে। তাত কোনোবা ব্যক্তিৰ  থাকিব ও পাৰে। তাৰ ফলত গৰ্ভৱতী মহিলা ভাইৰেল  ইন্ফেকচন  হ'ব আৰু শিশুটো তাৰ পাছত বিকলাংগ হৈ পৰিব পাৰে।ইন্ফেকচনৰ ফলত শিশুটোৰ শুনা বা কোৱাত কিবা প্ৰভাৱ পৰিব ও পাৰে। ল'ৰাটো বুবা বা কলা হ'ব পাৰে।



শব্দ প্ৰদূষণৰ পৰা দূৰত থাকক : গৰ্ভৱতী অৱস্থাত শব্দ প্ৰদূষণৰ পৰা দূৰত থাকিব লাগে।গৰ্ভৱতী অৱস্থাত বহুত চিঞৰ বাখৰ অৱস্থাত থাকিলে শিশুটো  কাণে নুশুনা জন্ম হ'ব পাৰে। কিছুদিনৰ আগতে পৰীক্ষা এটাৰ দ্বাৰা গম পোৱা গৈছে যে শব্দ প্ৰদূষণৰ পৰা শিশুটো কাণে নুশুনা জন্ম হ'ব পাৰে।যাৰ ফলত শিশুটোৰ কোৱা ক্ষমতাটো প্ৰভাৱ পৰে  । কাৰণ শিশুটোৱে নুশুনিলে ক'ব কেনেকৈ ভালদৰে।



পেটত দুখ পালে : গৰ্ভৱতী অৱস্থাত মহিলাসকলে ধ্যান ৰাখিব লাগে যে যাতে তেওঁলোকে পেটত দুখ নাপায়। লগতে এনেকুৱা কাম কৰিব নালাগে যাৰ ফলত পেটত অধিক হেঁচা পৰে। পেটত দুখ পালে বহুত বাৰ শিশুৰ অংগবোৰত বেয়া প্ৰভাৱ পৰে। যাৰ ফলত শিশু বিকলাংগ হোৱাৰ সম্ভাৱনা থাকে। 



বেছিকৈ চাহ, ঠাণ্ডা আৰু কফি খালে : গৰ্ভৱতী অৱস্থাত মহিলাসকলে চাহ, ঠাণ্ডা আৰু কফি খাব পাৰে কিন্তু বেছিকৈ চাহ, ঠাণ্ডা আৰু কফি খালে প্লেচনটাচ বন্দি সমস্যা হ'ব পাৰে তাৰ ফলত শিশুটোৰ বিকাশত সমস্যা সৃষ্টি হয়। যদি শিশুটোৰ বিকাশত সমস্যা সৃষ্টি হয় তেতিয়া শিশুটোৱে বিকলাংগ হৈ জন্ম ল'ব পাৰে।


এনেকুৱা কিছুমান কাৰণৰ ফলতেই শিশু  বিকলাংগ হৈ জন্ম গ্ৰহণ কৰিব পাৰে। ইয়াৰ বাহিৰে অন্য কাৰণো আছে যেনে- গৰ্ভৱতী যদি ভালকৈ নহয় বা অন্য কাৰণো হ'ব পাৰে বা দৰবৰ বেয়া প্ৰভাৱো হ'ব পাৰে। যদি গৰ্ভৱতী অৱস্থাৰ আগত গৰ্ভৱতী মহিলাৰ কিবা বেমাৰ আছিল তাৰ ফলতো হ'ব পাৰে।

এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


Assamese Fact )


No comments:

Post a Comment

Advertisement

Pages