বস্তু শাস্ত্ৰৰ মতে যাত্ৰা শুভ আৰু অশুভ হোৱাৰ সংকেত : Assamese Fact - SMJ24 - Social Media Journalism

FB_IMG_1594289349588

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Advertisement

Tuesday, August 31, 2021

demo-image

বস্তু শাস্ত্ৰৰ মতে যাত্ৰা শুভ আৰু অশুভ হোৱাৰ সংকেত : Assamese Fact

PhotoGrid_1630412618067

মানিলে ধান, নামানিলে পতান। বিশ্বাস অনুসৰি আমাৰ পৃথিৱীত এনে কিছুমান বস্তু আছে যিবোৰ ঐশ্বৰিক শক্তি আছে আৰু এনেকুৱা বস্তু ঘৰত এক বিশেষ নিয়মত ব্যৱহাৰ কৰিলে মানুহৰ সকলো আশা আকাংক্ষা পূৰণ হয়।Assamese Fact )

pexels-pavel-danilyuk-7406148
যেতিয়া আমি ঘৰৰ পৰা ওলাই যাঁও, আমি তেতিয়া প্ৰায়ে ভাৱো যে, যিটো কাম লৈ আমি ঘৰৰ পৰা ওলাই গৈছো সেইটো সম্পূর্ণ হব লাগে। আৰু কোনো বাধা বিঘিনি মাজত থাকিব নালাগে। কেতিয়াবা ঘৰৰপৰা ওলাই যোৱাৰ পাছত, আমি কিছুমান বস্তু দেখিবলৈ পাওঁ, যিবোৰ আমাৰ বাবে অশুভ হব পাৰে। 


বাস্তু শাস্ত্ৰৰ মতে, যেতিয়া আমি কোনো জৰুৰী কামৰ বাবে ঘৰৰ পৰা বাহিৰত ওলাও, তেতিয়া এনে কিছুমান লক্ষণে দেখা দিয়ে যিয়ে আমাক প্ৰভাৱিত কৰে। তাৰে কিছুমান লক্ষণ শুভ আৰু কিছুমান অশুভ। 


তাৰে কেইটামান ভাল লক্ষণ হৈছে, 


১/গাইজনীয়ে পোৱালীটোক গাখীৰ খোৱাই থকাৰ দৃশ্য। যদি আপুনি ঘৰৰপৰা ওলাই আহোতে,

pexels-omar-ramadan-6584816
এজনী গাইয়ে নিজ পোৱালীটোক গাখীৰ খোৱাই থকা দেখা পায়, তেন্তে ই আপোনাৰ বাবে শুভ লক্ষণ। ইয়াৰ অৰ্থ এয়ে যে, আপুনি ঘৰৰপৰা ওলাই যোৱাৰ উদ্দেশ্যটো নিশ্চিত ভাৱে সফল হব। Assamese Fact )


২/ঘৰৰপৰা ওলাই আহোতে যদি হাচি আহে, যেতিয়া আমি বাহিৰলৈ যাওঁ, আৰু সেই সময়তে আমাৰ হাচি আহে, ইয়াক অশুভ বা বেয়া বুলি গণ্য কৰা হয়। কিন্তু বাস্তু শাস্ত্ৰৰ মতে, যদি একেৰাহে দুবাৰ হাচি আহে, তেন্তে ইয়াক শুভ লক্ষণ বুলি গণ্য কৰা হয়। ইয়াৰ দ্বাৰা এই ইংগিত পোৱা যায় যে, আহি থকা সময় শুভ হয়। 


৩/যদি পাৰ চৰাইয়ে আপোনাৰ গাত বিষ্ঠা ত্যাগ কৰে!  ঘৰৰপৰা বাহিৰত ওলোৱা সময়ত যদি পাৰ চৰাইয়ে আপোনাৰ গাত বিষ্ঠা ত্যাগ কৰে, তেন্তে আপুনি হয়তো ভাৱিব পাৰে যে, কাপোৰ বোৰ লেতেৰা হৈ পৰিছে আৰু আস্বস্তি হৈ পৰে। কিন্তু বাস্তু শাস্ত্ৰৰ অনুসৰি যদি ঘৰৰপৰা ওলাই আহোতে পাৰ চৰাইয়ে আপোনাৰ গাত বিষ্ঠা ত্যাগ কৰে, তেন্তে ইয়াক অতি শুভ বুলি গণ্য কৰা হয়। ইয়াৰ দ্বাৰা অদূৰ ভৱিষ্যতে ধন লাভ কৰাৰ ইংগিত পোৱা যায়। 


৪/যদি ঘৰৰপৰা ওলাই আহোতে দেখা পায় ফুলৰ মালা! কোৱা হয় যে, যদি আমি ঘৰৰপৰা ওলাই আহোতে দেখা পাওঁ ফুলৰ মালা, তেন্তে ই এই ইংগিত দিয়ে যে, আমাৰ সৈতে কিবা শুভ ঘটনা ঘটিবলৈ গৈ আছে। 


এইসমূহ নিয়ম বাস্তু শাস্ত্ৰৰ অনুসৰি, অতিজৰেপৰা চলি আহিছে। আধুনিক যুগত ইয়াক বহুতে বিশ্বাস নকৰে যদিও, আন বহুতে ইয়াক পৰম্পৰাগত ভাৱে বিশ্বাস কৰি আহিছে। (সংগ্ৰহিত)

এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


Assamese Fact )


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। 

No comments:

Post a Comment

Advertisement

Pages