বছৰৰ১২ টা মাহৰ ভিতৰত..
শাওঁণ মাহটো শিৱ বাবাৰ আটাইতকৈ প্ৰিয় মাহ। ( Religious Studies )
১/এই শাওঁণ মাহতেই সমুদ্র মন্থন কৰা হৈছিল।
সমুদ্র মন্থন কৰোঁতে ওলোৱা কালকুট বিষ..
মহাদেৱে এই শাওঁণ মাহতেই পান কৰিছিল।।।
২/হলাহল বিষ পান কৰাৰ পাছত..
ভগৱান শিৱৰ দেহত এক সহিব নোৱাৰা উত্তাপৰ সৃষ্টি হৈছিল।।
ব্ৰহ্মা আৰু দেৱতাগণে.. শিৱৰ দেহৰ তাপ কমাবলৈ
তেওঁৰ দেহত জলাভিষেক কৰিছিল।
তেতিয়াৰপৰা শিৱ বাবাক শাওঁণ মাহত জলাভিষেক কৰাৰ নিয়ম আৰম্ভ কৰা হল।।
বল-বমৰ-উদ্দেশ্য এটাই-
নীলকণ্ঠ শিৱ বাবাক জলাভিষেক কৰি..
সন্তোষ প্ৰদান কৰা।।।
৩/শাস্ত্ৰৰ মতে-শাওঁণ মাহৰপৰা পালনকৰ্তা ভগৱান বিষ্ণুৱে চাৰি মাহ কাল নিদ্ৰামগ্ন অৱস্থাত থাকে। গতিকে উক্ত চাৰি মাহ কাল জগত পালনৰ ভাৰ শিৱ বাবাৰ ওপৰত ন্যস্ত থাকে।। ( Religious Studies )
৪/দেৱী সতীয়ে এই শাওঁণ মাহতেই শিৱ বাবাৰ
আৰাধনা কৰি তেওঁক
স্বামী ৰূপে পাইছিল।।
অৰ্থাৎ শিৱ পাৰ্ৱতীৰ শুভ মিলন
এই শাওঁণ মাহতেই হৈছিল।।
৫/পুৰাণৰ মতে মহাদেৱ শিৱবাবাই পাৰ্ৱতী দেৱীক
এই শাওঁণ মাহতেই 'সৃষ্টিৰ ৰহস্য "আৰু
অমৰ কথা শুনাইছিল।।।
সেয়ে মহাদেৱ শিৱ বাবাৰ বাবে
এই শাওঁণ মাহটো অতি প্ৰিয় মাহ।।
এই শাওঁণ মাহতশিৱ লিংগত জলাভিষেক কৰিলে শিৱ বাবা সন্তুস্ত হয়।।
বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াই আমালৈ প্ৰেৰণ কৰিছে।আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Religious Studies )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
 
 


 
 
 
 
 
 
 
 
 
 

 
 
 
 
No comments:
Post a Comment