কি হয় এই FGM ? জানিলে গা শিয়ঁৰি উঠিব আপোনাৰ : Assamese Article - SMJ24 - Social Media Journalism

FB_IMG_1594289349588

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Advertisement

Sunday, July 4, 2021

demo-image

কি হয় এই FGM ? জানিলে গা শিয়ঁৰি উঠিব আপোনাৰ : Assamese Article

PhotoGrid_1625375566263

নাৰী সমাজৰ আতংকৰ অন্য এক নাম 'এফ জি এম' 

ধৰ্মীয় উন্মাদনা অথবা পৰম্পৰাৰ নামত বিশ্বৰ বিভিন্ন প্ৰান্তত নিতৌ সংঘটিত হৈ আহিছে বিভিন্ন ধৰণৰ অপৰাধ ( Assamese Article )। এনে অপৰাধৰ বাবে দৈনিক প্ৰাণ বিসৰ্জন দিবলগীয়া হৈছে কেইবাশ লোকে। পৰম্পৰা আৰু ধৰ্মীয় গোড়ামীৰ বাবে ভূ-লুণ্ঠিত কৰা হৈছে মানৱতাও। কিন্তু পৰম্পৰাৰ নামত আমাৰ এইখন সমাজতে এনে কিছুমান অপৰাধ সংঘটিত হৈ আহিছে, যি অপৰাধৰ বিষয়ে শুনিলে গাৰ নোম শিঁয়ৰি উঠিব আপোনাৰো। সৱাতোকৈ ডাঙৰ কথা এইখন ভাৰতবৰ্ষতে এনে অপৰাধ সংঘটিত হৈ আহিলেও আমাৰ দেশৰ ন্যায়িক ব্যৱস্থাত ইয়াৰ বাবে নাই কোনো পৃথক ধাৰা। ভাৰতীয় ন্যায়িক ব্যৱস্থাৰ পৰা এতিয়াও দূৰত অৱস্থান কৰা এই অপৰাধ হ'ল 'এফ জি এম'।যাৰ নাম শুনিলে আতংকত কঁপি উঠে বিশ্বৰ নাৰী সমাজ।


বিশ্বৰ কেইবাখনো আগশাৰীৰ দেশত বৰ্তমান এয়া নিষিদ্ধ যদিও ভাৰতকে ধৰি আফ্ৰিকা, আৰৱ আদিত এতিয়াও চলি আছে এই প্ৰথা। 'এফ জি এম' মানে হ'ল- ফিমেল জেনিটেল মিউটিলেশ্যন। অৰ্থাৎ ই এক ধৰণৰ চুন্নত প্ৰক্ৰিয়া। মুছলমান সমাজত প্ৰচলিত পুৰুষৰ চুন্নত প্ৰক্ৰিয়াৰ দৰে 'এফ জি এম' হ'ল মহিলাৰ চুন্নত প্ৰক্ৰিয়া। বিশেষকৈ ছিয়া মুছলমান সমাজত এই প্ৰথা প্ৰচলিত হৈ আছে। ভাৰতৰ মুম্বাই আৰু গুজৰাটৰ ডাউডী বোহৰা মুছলমানসকলৰ মাজত এফ জি এমৰ প্ৰৱণতা অধিক। অৱশ্যে আফ্ৰিকাৰ একাংশ দেশত কট্টৰ খ্ৰীষ্টানসকলৰ মাজতো 'এফ জি এম'ৰ প্ৰথা আছে। কিন্তু ডাঙৰ কথা এয়ে যে পৃথিৱীৰ কোনো ধৰ্মগ্ৰন্থতে 'এফ জি এম'ৰ বিষয়ে উল্লেখ নাই কোনো কথা। পুৰুষৰ চুন্নত প্ৰক্ৰিয়াৰ দৰে 'এফ জি এম' বিজ্ঞানসন্মতভাৱে কৰা নহয়। ই এক অবৈধ প্ৰক্ৰিয়া। যাৰ বাবে চিকিৎসালয় বা চিকিৎসকৰ উপস্থিতি অবিহনে সম্পূৰ্ণ গোপনে কৰা হয় 'এফ জি এম।' অতি বৰ্বৰভাৱে কৰা এই 'এফ জি এম' সাধাৰণতে পাঁচৰ পৰা পোন্ধৰ বছৰীয়া কন্যা শিশু বা কিশোৰীৰ ক্ষেত্ৰত কৰা হয়। 'এফ জি এম'ৰ বাবে পোনতে এটা শিশু অথবা কিশোৰীক উলংগ কৰি শুৱাই লোৱা হয়।


তাৰ পিছত কোনো চেতনানাশক অথবা বিষনাশক প্ৰয়োগ নকৰাকৈ সংশ্লিষ্ট শিশুটিৰ হাত-ভৰি জোৰেৰে ধৰি ৰাখি ক্ষুৰধাৰ ছুৰী অথবা ব্লেডেৰে জননাংগৰ পাহি (ভেজিনা লিপছ্) কাটি দিয়া হয়। তাৰ পিছত সেই অংশটো বিশেষভাৱে চিলাই কৰি দিয়া হয়। চিলাই কৰোতে মাথোঁ এটা কথা লক্ষ্য কৰা হয়, যাতে কিশোৰী বা কন্যা শিশুটিৰ প্ৰস্ৰাৱ কৰিবলৈ জননাংগত সৰু ছিদ্ৰ এটা থাকে। আদিম যুগৰ বৰ্বৰ শাস্তিৰ লেখীয়া এই পৰম্পৰা এইকাৰণে চলি অহিছে যে ইয়াৰ দ্বাৰা এগৰাকী কিশোৰী যৌৱনপ্ৰাপ্ত হোৱাৰ পিছত পৱিত্ৰ হৈ থাকে বুলি গণ্য কৰা হয়। ইয়াৰ বিজ্ঞানসন্মত ব্যাখ্যা এয়ে যে জননাংগৰ সংবেদনশীল 'ক্লিট'ৰিছ' নামৰ অংশখিনি কাটি দিয়াৰ ফলত সংশ্লিষ্ট কিশোৰীগৰাকীৰ পৰৱৰ্তী সময়ত যৌন স্পৃহা সম্পূৰ্ণৰূপে কমি যায়। গতিকে শাৰীৰিক মিলনৰ প্ৰতি কিশোৰীগৰাকীয়ে যৌৱনপ্ৰাপ্ত হোৱাৰ পিছত অনীহা প্ৰকাশ কৰে। এনে প্ৰেক্ষাপটত বিয়ালৈকে কিশোৰীগৰাকী পৱিত্ৰ হৈ থাকে বুলি ধৰা হয়। অৱশ্যে ইয়াৰ কিছুসংখ্যকৰ পুনৰ বিয়াৰ আগে আগে বিশেষ পদ্ধতিৰে চিলাই খুলি দিয়া হয়। এই প্ৰক্ৰিয়াৰ পিছত কিশোৰীগৰাকীৰ জননাংগত দিয়া নহয় কোনো এণ্টিবায়'টিক। আনহাতে, ইয়াৰ বাবে পৰৱৰ্তী সময়তো কিশোৰীগৰাকীয়ে ভূগিবলগীয়া হয় যন্ত্ৰণা। বিশেষকৈ জননাংগৰ ঘাঁ, ক্ষতস্থানডোখৰৰ পৰা ৰক্তক্ষৰণ, সন্তান জন্ম দিয়াৰ সময়ত অসুবিধা আদিৰ উপৰি বহুক্ষেত্ৰত ভুক্তভোগী কিশোৰীগৰাকীৰ মানসিক সন্তুলন নোহোৱা হোৱা ঘটনাও সুলভ। মহিলাৰ ক্ষেত্ৰত হোৱা এই ভয়ংকৰ অপৰাধৰ বিষয়টোৰ ক্ষেত্ৰত বহু বিতৰ্ক, প্ৰতিবাদৰ পিছত আমেৰিকা আৰু ইউৰোপৰ দেশবোৰত ইয়াক সম্পূৰ্ণৰূপে বে-আইনী ঘোষণা কৰা হয়।


কিন্তু পৰিতাপৰ বিষয় যে 'এফ জি এম' প্ৰথা বহুলভাৱে প্ৰচলিত এছিয়া আৰু আফ্ৰিকাৰ অধিকাংশ দেশতে ইয়াৰ বাবে নাই কোনো কঠোৰ আইন। ভাৰতত ই নিষিদ্ধ যদিও ইয়াৰ বাবে নাই বিশেষ আইন। যাৰ বাবে পৰম্পৰাৰ গইণা লৈ এতিয়াও দেশৰ বিভিন্ন স্থানত নাৰীৰ ওপৰত চলাই থকা হৈছে এই মধ্যযুগীয় শাস্তি। ইয়াৰ বিৰুদ্ধে ৰাষ্ট্ৰসংঘই দীৰ্ঘদিন ধৰি সজাগতা সৃষ্টি কৰি আহিছে। এক সমীক্ষাত দেখা গৈছে যে যিবোৰ দেশৰ উন্নয়নৰ গতি কম অথবা শিক্ষা ব্যৱস্থা নিম্নমুখী, সেইবোৰ দেশত 'এফ জি এম'ৰ সংখ্যা অধিক। যি নহওক, এয়া নাৰীৰ বিৰূদ্ধে এক ঘৃণনীয় অপৰাধ আৰু এই অপৰাধক গতিশীলতা দি আহিছে ভুক্তভোগীৰ খোদ পিতৃ-মাতৃয়ে। গতিকে এনে অপৰাধৰ বিৰুদ্ধে ৰাষ্টগোট এক হৈ কাম কৰিলেহে ই নিৰ্মূল সম্ভৱ হ'ব।( Assamese Article )


মৃণাল চক্ৰৱৰ্তী

ফোনঃ ৯৪৩৫৩২৩৪৭৩

PhotoGrid_1625376017731

এনেধৰনৰ আৰু লেখা বা গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )

বিঃদ্ৰঃ আমাৰ ইয়ালৈ গল্প প্ৰেৰণ কৰক আৰু জিকক ৫০০ টকাৰ নগদ ধনৰ পৰস্কাৰ।আমাৰ ফেচবুক পেজৰ লাইক কমেণ্ট আৰু শ্বেয়াৰৰ ভিত্তিত প্ৰতিমাহে এগৰাকীকৈ প্ৰাৰ্থী নিৰ্বাচিত কৰা হয়।

PhotoGrid_1625466817244


জুন ২০২১ ত এই পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে সন্মানীয় ৰেখামণী চাৰিঙীয়া ডাঙৰীয়াণীয়ে।আমাৰ মেইল আই দি,ফেচবুক পেজৰ ইনবক্স নতুবা ৯৮৫৪৭৯৯৫৭৭ নম্বৰত গল্প সমূহ প্ৰেৰণ কৰিব পাৰিব।নিৰ্বাচিত গল্প সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।এই মাহৰ বিজয়ী প্ৰাৰ্থী গৰাকীৰ নাম অহাটো মাহৰ প্ৰতিটো গল্পৰ তলত এনেদৰেই উল্লেখ কৰা হব। আমাৰ মেইল আই দি,ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages