প্ৰেমিক-প্ৰমিকা হালৰ মৃত্যুৰ কাৰণ হত্যা নে আত্মহত্যা ? ( খণ্ড ১৪ ) : Assamese Storyboard - SMJ24 - Social Media Journalism

FB_IMG_1594289349588

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Advertisement

Friday, July 16, 2021

demo-image

প্ৰেমিক-প্ৰমিকা হালৰ মৃত্যুৰ কাৰণ হত্যা নে আত্মহত্যা ? ( খণ্ড ১৪ ) : Assamese Storyboard

PhotoGrid_1625214394610

 

ৰিমাই মুছলমান ছোৱালী হৈ হিন্দু ল'ৰা প্ৰণৱৰ লগত বিয়া হোৱাৰ বাবে হিন্দু সকলে ৰিমাৰ শৱদেহটো জ্বলাব দিয়া নাছিল আৰু মুছলমান সকলে কবৰ দিবলৈ দিয়া নাছিল ( Assamese Storyboard )। প্ৰণৱে একো ভাবিব পৰা নাছিল। এইখিনিতে শুনিব পালে যে- পেহীয়েকে দুয়োকে নিজৰ ঘৰত ঠাই দিয়াৰ বাবে পেহীয়েকক আমাৰ ভদ্ৰ মানুহবোৰে মেৰিয়াই মেৰিয়াই হত্যা কৰিলে। প্ৰণৱে কি কৰিব কি নকৰিব ভাবিব পৰা নাছিল। প্ৰণৱে ৰিমাৰ মৃতদেহটো কোলাত লৈ আকৌ খোজ ল'লে। কিছু পৰ গৈ গৈ সি মন্দিৰ এটা দেখিলে। শৱদেহটো কোলাত লৈয়েই প্ৰণৱ মন্দিৰলৈ সোমাই গ'ল। সি ক'বলৈ ধৰিলে-


: ঐ চাল্লা পাপীষ্ঠ তই কি খেল খেলিলি? কিয় মোৰ ৰিমাক লৈ গ'লি? কিয় মোৰ পোহৰ নেদেখা সন্তানটোক তই মাৰি নিলি? মই ইমান ডাঙৰ পাপ কৰিছিলোঁ নে? আজি ৰিমাক লৈ মই এতিয়া কʼলৈ যাম। তই উত্তৰ দিব লাগিব ভগৱান। উত্তৰ দে মই এতিয়া ৰিমাৰ নিথৰ দেহটো কি কৰিম?


এনেতে প্ৰণৱৰ পাগলী মাকজনী আহি সেই মন্দিৰৰ দুৱাৰ মুখ পালে। তেওঁ ক'ব ল'লে-


: ঐ....ঐ...কিয় কান্দিছ হা। মোৰ ল'ৰা আহিব বোৱাৰী আহিব চাই থাক।

: মাঁ এয়া তোমাৰ কি হৈছে?

: কোন মাঁ কোন মাঁ হা।

: এয়া মাঁ মই তোমাৰ ল'ৰা আৰু এয়া তোমাৰ বোৱাৰী।

: এইজনীয়ে কিয় শুই আছে?

: তাই মাঁ সদায়ৰ কাৰণে শুই গৈছে ও মাঁ। কিয় মাঁ আমাক এই সমাজ খনে বুজি নাপালে। প্ৰেম কৰাটো পাপ নেকি? এতিয়া মাঁ কি কৰোঁ মই?

: হাহাহা হিন্দু কি মুচলমান একে আইৰ সন্তান। থু একে আইৰ সন্তান হ'লে আজি এইজনী এনেকৈ নমৰে। যা উতুৱাই দেগৈ তোৰ ঘৈনীয়েৰক। সেই নদীখনে মাতি আছে তহতক।


এইখিনি কৈ তেওঁ আতৰি গ'ল। প্ৰণৱ গৈ নৈৰ পাৰ পালে। তাতেই প্ৰণৱে বহি  ৰিমাৰ মুৰটো নিজৰ বুকুৰ মাজত সোমাই লৈ ক'ব ল'লে-


: ৰিমা অহাজন্মটো আমি একেলগে জীৱন কটাম। কিন্তু আমি একে ধৰ্মতে জন্ম লম হা। এইজন্মত আমাক জীয়াই থাকিবলৈ নিদিলেও ৰিমা।( Assamese Storyboard )


ৰিমাৰ কপালত প্ৰণৱে শেষ চুমা যাচিলে। ৰিমাৰ শৱদেহটোক প্ৰণৱে এবাৰ যোৰকৈ সাৱটি ল'লে। যেন শিৱই পাৰ্বতীক সাৱটি লৈছে।

অস্তাকাশত বেলি ডুব যাব লৈছে। প্ৰণৱে ৰিমাক সাৱটি নৈত জাপ দিলে। দুয়ো উটি গৈ আছে। মাজে মাজে ক'ৰবাত শিলত খুন্দা খাই প্ৰণৱৰ দেহ ক্ষত হৈছে। এসময়ত পানীত উটি উটি প্ৰণৱেও জীৱনৰ ওচৰত হাৰ মানিলে। মৰি থাকিল প্ৰণৱ। কিন্তু দুয়োয়ে সাৱটি যেনেকৈ আছিল এতিয়াও তেনেকৈয়ে আছে। দুয়োৰে আত্মাইও যেন দুয়োকে এৰি যাব বিচৰা নাছিল। ইমান নিস্বাৰ্থ প্ৰেম আছিল দুয়োৰে মাজত। একেলগে মৃত্যু  পৰ্যন্ত হাতে হাত ধৰিবলৈ অগ্নি সাক্ষী কৰিছিল, আজি দুয়োয়ে সেই সাক্ষীৰ মান ৰাখিলে। হাৰি গ'ল সচা প্ৰেম। হাৰি গ'ল প্ৰণৱ আৰু ৰিমা।


আগলৈ....................…...................

PhotoGrid_1625656315303

এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Assamese Storyboard )

PhotoGrid_1625978901013

গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages