- বৰ্মন লৈ আনক ।
বৰুৱাই বৰ্মনক আদেশ দিছিলে ।
- হ'ব ছাৰ।
ৰাধিকা ৰ মাকে ভাৱিলে কি আনিব নিৰ্দেশ দিলে পুলিচ অফিচাৰ জনে । ( Assamese Storyboard )
কিছু সময় পাছত পুলিচ কেইজনে এটা মৃতদেহ লৈ আহিলে । ৰাধিকা ৰ মাকে অংকুৰণ ৰ মুখলৈ চালে ।
পাছে পাছে নিয়ৰ । চুৰিয়া পিন্ধি প্ৰৱেশ নিয়ৰ ৰ ।ৰাধিকা ৰ মাকে ভাৱিলে কোন এইজন ! অংকুৰণ ৰ মনত ও সন্দেহ হ'ল । পুলিচে ৰাধিকা ৰ মুখ খন মাহীমাক ক দেখোৱা ৰ লগে লগে মাহীমাকে চিঞৰি উঠিল ।
- এয়া কেনেকৈ সম্ভৱ । অ ৰাধিকা তোৰ কি হল ! কোনে কৰিলে এই দশা ! ছাৰ কোনে কৰিলে আমাৰ ৰাধিকাৰ এই অৱস্থা ।
- কোনে কৰিছে নাজানো । কিন্তু তদন্ত কৰিব লাগিব । কিন্তু অপৰাধী সাৰি যাৱ নোৱাৰে ।এয়া এক পৰিকল্পিত হত্যাকাণ্ড ।
- আমাক হত্যাকাৰী আজিয়ে উলিয়াই দিব লাগিব । আমি একো নাজানো ।
অংকুৰণে কৈছিল ।
- তেতিয়া হ'লে আপুনি মোৰ এই পোছাক জোৰ পিন্ধক । আৰু হত্যাকাৰী আজিয়ে বিচাৰি দিয়ক ।
বৰুৱাৰ কথাত অংকুৰণ মনে মনে থাকিলে ।
নিয়ৰে এখোজ দুখোজকৈ বৰুৱা ৰ কাষলৈ আহিলে ।
- ছাৰ মোৰ এটা অনুৰোধ ৰাখিব নে ?
- হয় কওক নিয়ৰ ।
- আপুনি যদি আদেশ দিয়ে মই ৰাধিকা ক সেন্দুৰ পিন্ধাৱ বিচাৰোঁ । কাৰণ তাই মোৰ প্ৰেমিকা ।
- নিশ্চয় !
- কিন্তু সেন্দুৰ !
- আনিব লাগিব ।
- বৰ্মন আমাৰ ষ্টাফ এজনক মাতি সেন্দুৰ এটা আনিব দিয়ক ।
- হ'ব ছাৰ ।
ৰাধিকা ৰ মাকে সন্দেহ ৰ দৃষ্টিৰে নিয়ৰ ৰ ফালে চালে । লগতে অংকুৰণে ও ।
- তুমি ৰাধিকা ক সেন্দুৰ পিন্ধোৱা অধিকাৰ কত পালা ?
- সেই অধিকাৰ মই দিছোঁ ।
- কিন্তু ৰাধিকা মোৰ ছোৱালী ছাৰ ।
- হয় ৰাধিকা আপোনাৰ ছোৱালী । কিন্তু ৰাধিকা ৰ প্ৰতি আপোনাৰ মৰম কিমান আছিল ।
- মই,,,,মই ,,, বহুত মৰম কৰিছিলোঁ তাইক ।
- সময়ত গম পাম ।
- কিন্তু ৰাধিকা ক সেন্দুৰ পিন্ধাৱলৈ এও কোন ?
- এয়া নিয়ৰ কাকতি ! ৰাধিকা ৰ প্ৰেমিক ।
- মিছা কথা । ৰাধিকা ক ই হত্যা কৰিছে । আৰু সেয়েহে ধৰা নপৰিবৰ বাবে এখন নাটক কৰিছে ।
- আপুনি কথা সংযত হৈ কব ।
- আৰু এই নাটক খনত আপোনালোক ও জড়িত হৈ আছে ।
অংকুৰণে বৰুৱাক কৈছিল ।
- মিষ্টাৰ হাবিত বাঘ দেখিছে । কিন্তু হাবি খনৰ ৰজা যে সিংহ কিয় পাহৰি গৈছে ?
- আপুনি পুলিচ হ'লে ও মোক দমত কথা নকব । মই কিমান ওপৰৰ মানুহ আপুনি নাজানে !
- জানো ! আৰু সেই ওপৰৰ মানুহ ক কেনেকৈ তলত নমাব লাগে সেয়া মই ও ভালকৈ জানো ।
ইতিমধ্যে বৰ্মনে আহি নিয়ৰ ৰ হাতত সেন্দুৰৰ তেমাটো দিছিল । নিয়ৰে ৰাধিকা ৰ কাষত বহি লৈছিল ।
ৰাধিকা নিৰৱে শুই আছিল । ধুনীয়া মুখ খন তেতিয়া ও জিলিকি আছিল ।
- ৰাধিকা , এয়া তোমাৰ সেন্দুৰৰ শপত খাইছো , অতিশিঘ্ৰে মই তোমাক ন্যায় দিম ৰাধিকা । আজি তোমাৰ মৃত্যু ত মই ভাগি পৰা নাই বৰঞ্চ সাহসী হ'ব শিকিছো । বাস্তৱৰ লগত যুদ্ধ কৰিব শিকিছো । তুমি শান্তি ত থাকা ৰাধিকা । মই তোমাক আজি পত্নীৰ মৰ্যদা দিলোঁ ।( Assamese Storyboard )
আচৰিত , এজনী ছোৱালী ৰ মৃত্যু হ'ল । কিন্তু তথাপি চকুলো টুকিবলৈ কোনো নাই । কিমান নিষ্ঠুৰ হ'ব লাগিব এই মানৱ জাতি । অলপতে বাংগালোৰত সংঘটিত হোৱা সেই জঘন্য ঘটনাটো ! এজনী অসহায় ছোৱালী পাচজন নৰপিশাচ ! তেতিয়া সেই ছোৱালী জনীয়ে চিৎকাৰ কৰিছিল , যেতিয়া তাই অনুৰোধ কৰিছিল সেই নৰপিশাচ হতৰ এবাৰ ও বুকু খন ও কপা নাছিল নে ! তাত থকা দানৱ ৰূপী নাৰী জনী সকলোতকৈ দায়ী ।আচলতে এনেবোৰ সমশ্যাৰ সমাধান এটাই কাটি কাটি নিমখ লগাই দিব লাগে সমাজৰ এই অসুৰ বোৰক । আজি আইনী ব্যৱস্থা লেহেমীয়া কাৰনে এনেবোৰ ঘটনা বাঢ়ি আছে । কিন্তু হত্যাকাৰী ক কেতিয়াও সাৰি যাৱ দিব নালাগে ।
- আমি যাও , আজি সন্ধিয়া সাত বজাৰ লগে লগে আপুনি আৰু মিষ্টাৰ অংকুৰণ দত্ত থানাত উপস্থিত হ'ব ।
- আমি , আমি কিয় থানাত যাম । আমাৰ ছোৱালী ৰ হত্যাকাৰী সোনকালেই উলিয়াই দিয়ক ।
- নিশ্চয় , সেইকাৰণে আপোনালোকৰ সহায় লাগিব । নিয়ৰ বলক ।
- বলক ছাৰ ।
নিয়ৰে শেষ বাৰৰ বাবে ৰাধিকা ৰ মুখ খন চাইছিল । আজিয়ে এয়া শেষ ।আৰু কেতিয়াও ৰাধিকা ৰ অবয়ব দেখা নাপাব । ক্ষন্তেক সময় পাছত এই নিষ্ঠুৰ মাতৃয়ে ৰাধিকা ক চাই কৰি পেলাব ।সেন্দুৰ ৰ ৰংত উজ্বল হৈ থকা ধুনীয়া পত্নী জনীৰ মুখ খন এবাৰ মন ভৰি চালে । বিদায় ৰাধিকা বিদায় ।
বৰুৱা ৰ অংকুৰণ বৰুৱা ই কোৱা কথা কেইটা সহ্য হোৱা নাই । এনেকুৱা কথা কোৱা মানুহক বৰুৱা ৰ ঠেং ভাঙি দিব মন যায় । বৰুৱা ৰ কিন্তু সন্দেহ হৈছে নিশ্চয় এই হত্যাকাণ্ড ত ৰাধিকা ৰ মাক আৰু অংকুৰণ জড়িত আছে । বৰুৱাই নিয়ৰক মাতি পঠাইছে । আজি বৰুৱা ৰ বিশ্বাস হৈছে যে নিয়ৰ হত্যাকাৰী নহয় । যিহেতু নিয়ৰৰ প্ৰেমিকা ৰাধিকা । গতিকে নিয়ৰে কিছু তথ্য বৰুৱা ক যোগান ধৰিব পাৰিব ।
- ছাৰ
- বহক নিয়ৰ ।
- হ'ব ছাৰ ।
- নিয়ৰ আপুনি মোক আজি কেইটা মান কথা কব লাগিব ।
- ছাৰ যিখিনি পাৰোঁ কৰিম ।
- আপোনাৰ আৰু ৰাধিকা ৰ সম্পৰ্ক কিমান দিনৰ ?
- ছাৰ তাইৰ প্ৰতি মোৰ ভালপোৱা হাইস্কুলীয়া দিনৰ । কিন্তু এই ভালপোৱা একপক্ষীয় । তাইক মই প্ৰেমৰ প্ৰস্তাৱ প্ৰতিষ্ঠা হোৱা ৰ পিছত দিছোঁ ।
- মানে আপুনি চাকৰি পোৱাৰ পিছত ।
- হয় ছাৰ ।
- আপুনি চাকৰি পোৱাৰ কিমান দিন হ'ল ?
- ছমাহ হৈ গ'ল ছাৰ ।
- তাৰ পাছত কওক ।
- মই প্ৰতিষ্ঠা হোৱা ৰ পাছত তাইক প্ৰতিদিন প্ৰেমৰ প্ৰস্তাৱ দি আহিছিলো । কিন্তু তাই সদায় অগ্ৰাহ্য কৰিছিল । মই ভাৱিছিলো মোৰ চাকৰি হৈছে তাৰ পাছত তাই অগ্ৰাহ্য কৰাৰ কাৰণ কি ! নে তাইৰ কাৰোবাৰ সৈতে প্ৰেম আছে ! কিন্তু এদিনা খন মোৰ বন্ধু এজনে জনালে ৰাধিকা বেশ্যা বৃত্তিত জড়িত ।
- কি !
- হয় ছাৰ , মই গম পালোঁ তাই ৰ এজেণ্ট আছিলে পলাশ ।ৰাধিকা বহু টকাৰ বিনিময় ত একো একোজন কামাতুৰৰ সংগী হৈছিল ছাৰ । এই কথা মই সহ্য কৰিব পৰা নাছিলোঁ । যিদিনা পলাশৰ মৃত্যু হৈছিল সেই দিনা মই মোৰ পৰিচয় লুকাই ৰাধিকা ৰ কাষ্টমাৰ হৈছিলোঁ । মোৰ উদ্দেশ্য আছিল মই ৰাধিকা ৰ সত্যতা আৱিস্কাৰ কৰাৰ । আৰু সেয়াই সত্য তাত ৰাধিকা ক লগ পালোঁ । আৰু তাই মোক সেই দিনা সকলো কথাই ক'লে । এই বৃত্তিত তাইক মাকে জোৰদাবস্তি লগাইছিল ।
- তাৰমানে !
- হয় ছাৰ অসহায় ৰাধিকা ই বাধ্যত পৰি এইবোৰ কৰি গৈছিল । সেই খং তে সেই দিনা মই পলাশক দম দিছিলোঁ ছাৰ । আৰু মনে প্ৰাণে বিচাৰিছিলো মই ৰাধিকা ক উদ্ধাৰ কৰিম । কিন্তু
- কিন্তু আপুনি সকলো কথা মোক আৰম্ভণি তে কিয় নকলে ?
- ৰাধিকা ক বেশ্যা বুলি সকলোৰে আগত চিনাকী কৰি দিব মন নাছিল ছাৰ ।
- উম ।
তেনেতে কনিষ্টবল আলী সোমাই আহিছিল ।
- ছাৰ নিয়ৰক লগ কৰিবলৈ এজনী ছোৱালী আহিছে ।
নিয়ৰ আচৰিত কোন ছোৱালী !
- হয় , পঠাই দিয়া ।
বৰুৱাৰ নিৰ্দেশ ।
কিছু সময় পাছত সোমাই আহিছিল সেই বিশেষ ছোৱালী জনী ।
- নিয়ৰ !
সি ঘূৰি চাই আচৰিত । এয়া কি !
- তুমি !!!
ক্ৰমশঃ © ৰাগ ৰঞ্জন
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - https://www.smj24.in/search/label/Radhika?&max-results=7
(ধাৰাবাহিক খন প্ৰতি দিনেদিনৰ ঠিক ১২ বজাত প্ৰকাশ পায়। সেয়ে নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
আগলৈ…
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment