কেইটামান নৰপিশাচৰ বলি হৈছিল তাই : Assamese Storyboard - SMJ24 - Social Media Journalism

FB_IMG_1594289349588

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Advertisement

Monday, July 19, 2021

demo-image

কেইটামান নৰপিশাচৰ বলি হৈছিল তাই : Assamese Storyboard

PhotoGrid_1626686301875

এচাটি কোবাল বতাহে সকলোকে জোকাৰি গ'ল ।

নদীৰ সোঁতত নাওঁখনিয়ে বাট বুলিছিল...( Assamese Storyboard )

 এখন ,দুখন কৰি তিনিখনি নাওঁ । বেপাৰ -বাণিজ্যৰ বাবে উজাই আহিছে ...


দুপৰীয়া নাওঁ বান্ধি চাপৰিত বালিত ভাত ৰান্ধি খাইছে।

 ফূৰ্টি কৰিছে । 

  


আবেলিৰ বেলিটো ন বোৱাৰীৰ সেন্দুৰৰ দগমগীয়া ফোট টোৰ দৰেই জিলিকি উঠিছে ...


 বঠাৰ চলপ চলপ শব্দ...

  বিশাল নদী ..কেৱল পানী আৰু পানী ...


    চাপৰিত ৰওঁতেই বৰশি বাইছে কেইটামানে..

সূৰুযে মেলানি মাগিবৰ হৈছিল তেওঁলোকো বালি চৰতে জিৰাবলৈ সাজু হৈছিল ..

  

   সকলো খাই বৈ শুই পৰিছিল..


  শ্যাম বৰণীয়া এটি ডেকাৰ বাঁহীৰ কৰুণ সুৰ এটা উজাই আহিছিল...সেই দলৰেই ডেকা..


কিবা যেন এক ভাবত বিভোৰ .. ৰাতি বহুত হৈছিল ..

ডেকাজনৰ অশান্ত মন..মনটোত যেন উচুপি উঠিছিল.. ধুমুহা বলা যেন অনুমান হৈছিল..বালিবোৰে একো নেদেখা কৰি পেলাইছিল..এনেদৰে কিমান সময় পাৰ হৈছিল সি নাজানে ।

 কিছু সময়ৰ পাছতেই নূপুৰৰ ৰুণজুণ ধ্বনি..যেন কোনো এক ৰমনী..

  হাত বাউলি আমণ্ত্রণ..


এই আমন্ত্রন উপেক্ষা কৰিব নোৱাৰি ডেকা আগুৱাই গ'ল ।

চকুত চকু পৰিল..

বহু যুগৰ যেন চিনাকি এই চকুজুৰি..


তুমি !

 তুমি  ইয়াত কেনেকৈ..

 

দুয়োৰে প্ৰেমৰ বালিঘৰ সাজিছিল.নানা ৰঙি সপোন দেখিছিল কিন্তু এদিন হঠাতে তাই হেৰাই গৈছিল তমসাত..


তাই একো নকৈ তাৰ হাতত ধৰিছিল..পানীত ভৰি দুবাই বহি তাৰ কান্ধত মূৰ থৈছিল..সি কৈছিল( Assamese Storyboard )

-তুমি ক'ত গৈছিলা' মই বহু অকলশৰীয়া হৈ পৰিছো..এই নদীখন আৰু বাঁহীটোৱেই মোৰ আপোন হৈ উঠিছে এতিয়া তুমি হীনতাত...


 মোক সিহঁতে মাৰি পেলালে...সেই পিশাচ কেইটাই..আৰু এই স্হানতেই পুঁতি থৈ গ'ল ।মই প্ৰতিশোধ ল'ব আহিলো ।জীয়াই থাকোতে যি কৰিব নোৱাৰিলো মৃত্যুৰ পাছত ...

সিঁহতৰ স্হান এতিয়া নৰকত..


সি মূৰ্ত হৈ ৰ'ল ।


তোমাক সঁচা কথাটো ক'ব আহিলো ।তুমি এনেদৰে থকা দেখি বৰ দুখ পালো ।


মই যাওঁ ..

 *মোকো লৈ যোৱা তুমি 

*তোমাৰ ঠাই এতিয়াও এই পৃথিৱীতে..তোমালৈ মই বাট চাই ৰম ।

*কিন্তু তোমাৰ ঠিকনা ..

*সীমাৰ সিপাৰে মোৰ ঠাই ...আকৌ লগ হম সময় আহিলে...যেতিয়া তুমি হ'বা শৰীৰ বিহীন ।


 সি উচুপি উঠি বালিত অগ্য়ান হৈ পৰি ৰ'ল ।ৰাতিপুৱা দেখিল যাত্ৰা বাতিল হৈছে ..

কিন্তু কিহৰ বাবে ..

 সদাগৰ দেউতা আৰু তেওঁৰ লগৰীয়া দুজন ৰ সন্ধান পোৱা নগৈছে ..

 তাৰ মনলৈ আগদিনাৰ কথাবোৰ ভাঁহি আহিল... 


তাৰমানে ?


তাৰ মৰমৰ তৰালিক ..সেই পিশাচ কেইটাই..


"সমাপ্ত"

 

PhotoGrid_1626327182293


এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )

PhotoGrid_1625978901013
আমালৈ গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup

No comments:

Post a Comment

Advertisement

Pages