চাৰি বন্ধুক যেতিয়া ঘেৰি ধৰিল কাল অমানিশাই ( খণ্ড ৫ ): Assamese Storyboard - SMJ24 - Social Media Journalism

FB_IMG_1594289349588

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Advertisement

Thursday, July 29, 2021

demo-image

চাৰি বন্ধুক যেতিয়া ঘেৰি ধৰিল কাল অমানিশাই ( খণ্ড ৫ ): Assamese Storyboard

PhotoGrid_1628396489386



চিৰি পৰা নামি সিহঁতি ৰূমটোত অলপ দেৰি ৰৈ থাকিল। কাৰণ তাত আন্ধাৰ হৈ আছিল

( Assamese Storyboard )

। তাৰ পাছত সিহঁতি অলপ অলপ পোহৰ হ'লত দেখিলে যে এটা চুকত মানৱ ৰূপী জন্তু দৰে এটা জন্তু ৰৈ আছিল আৰু সিহঁতক চাই আছিল ।যিটো ৮-৯ ফুট ওখ আৰু তাৰ গোটেই গাটো নোমেৰে ভৰ্তি আছিল আৰু হাতৰ নখবোৰো চুকা আছিল। কিন্তু  দেহটোৰ তুলনাত ভৰিকেইটা সৰু আছিল আৰু তাৰ কান্ধত এটা মূৰ আছিল। তাৰ জিভাখন বহুত ৰঙা আৰু কুকুৰৰ দৰে উলমি আছিল আৰু সিহঁতৰ দৰে সিও ফুপাই আছিল। সিহঁতি বহুত ভয় খাইছিল কিন্তু সন্যাক্ষীজনৰ কথা মনত পেলাই সাহস গোটালে। সেই জন্তুটোৱেও সিহঁতক একো নকৰিলে আৰু এটা চুকত গৈ বহি থাকিল। সিহঁতি তেতিয়া আৰু অলপ সাহস গোটাই আগবাঢ়ি গ'ল।


অলপ আগবাঢ়ি গৈ সিহঁতি এখন বাঁহৰ দৰ্জা দেখা পালে। য'ত পিতলৰ ঘূৰণীয়া গোল গোল কিবা লাগি আছিল। ৰক্তিমে দৰ্জাখন ঠেলিলে কিন্তু সেইখন খোল নাখালে। তাৰ পাছত চাৰিজন বন্ধুৱে একেলগে দৰ্জাখন ঠেলিলে আৰু লাহে লাহে দৰ্জাখন খোল খাব ধৰিলে। দৰ্জাখন খোল খোৱা লগে লগে ভিতৰৰ পৰা পোহৰ বিৰিঙি আহিল ।
  সেই মানৱ ৰূপী জন্তুটোৱে জোৰে জোৰে চিঞৰিবলৈ ধৰিলে। যেন সি বহুত কষ্ট পাইছে ।তাৰ পাছত সি গৈ এটা চুকত বহি থাকিল আৰু কঁপিবলৈ ধৰিলে।

( Assamese Storyboard )

সিহঁতিও ভয়ে ভয়ে সেই ৰূমটোত প্ৰৱেশ কৰিলে।


সেই ৰূমটোত চুকত তেল আৰু মকৰা জাল আছিল আৰু তাত বহুত গৰম আছিল। সন্মুখত দেৱীৰ মূৰ্তি আছিল। যিটো দেখাতেই ভয় লগা আছিল আৰু সিহঁতি দেখিলে যে দেৱীৰ সন্মুখত হাত জোৰ কৰি এজনী ২০-২১ বছৰীয়া ধুনীয়া ছোৱালীয়ে ধ্যান কৰি আছিল। তাই চুলিবোৰ খুল খাই আছিল আৰু কঁকালত পৰি আছিল। চেহেৰাটো চন্দ্ৰ দৰে ধুনীয়া আৰু উজ্জ্বল আছিল। তাইৰ ডিঙিত ফুলৰ মালা আছিল। চাৰিজন বন্ধুৱে তাইৰ সৌন্দৰ্য দেখি চাই থাকিল আৰু তাইৰ বন্ধ চকুৰে দি চকু পানী বাগৰি আছিল। সিহঁতৰ ভয় আঁতৰি যোৱা দৰে লাগিল। ৰক্তিমে তাইক জগাবলৈ কান্ধত চোৱা লগে লগে তাৰ গাত জোৰে  বিজুলীৰ চৰ্ট লগা দৰে হ'ল আৰু সি জোৰে চিঞৰি নিজৰ হাতখন ধৰি বহি থাকিল।

আগলৈ…

এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )

PhotoGrid_1625978901013

আমালৈ গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages