শান্তনু তাৰ পত্নী জুলি আৰু ২ বছৰীয়া পুত্ৰ বিবেকৰ লগত গুৱাহাটীত থাকে। তেওঁলোকৰ এখন হাঁহি মাতি থকা সুখৰ সংসাৰ। বিবেকে দেউতাকক বহুত ভাল পাইছিল আৰু অনবৰতে তাৰ লগতেই লাগি থাকে( Storyboard )। ৰাতি শুলেও দেউতাকক সাৱটি ধৰি শুয়ে। এদিন ৰাতি শান্তনুৰ এনেকুৱা অনুভৱ হল যেন তাক কোনোবাই যগাব চেষ্টা কৰিছে। চকু মেলি দেখিলে বিবেক তাৰ বুকুৰ ওপৰত উঠি আছে। বিবেকৰ চকুবোৰ ডাঙৰ হৈ পৰিছিল আৰু বহুত গম্ভীৰ যেন লাগিল। বিবেকে বহুত গভীৰ আৰু দুখেৰে কলে," তুমি মোক কিয় হত্যা কৰিলা?" সি কান্দিব ধৰিলে। শান্তনুয়ে ভাবিলে বিবেকে কিবা সপোন দেখি ভয় খাইছে আৰু তাক ওচৰলৈ টানি আনিলে। অলপ পিছত বিবেক শুই গল। ৰাতিপুৱা উঠাৰ পাছত সকলো স্বাভাৱিক আছিল, শান্তনুৱে ৰাতিৰ কথা সকলো পাহৰিলে। এক সপ্তাহ এনেদৰে পাৰ হল। এক সপ্তাহৰ পাছত সেইটো ঘটনা পুনৰ ঘটিল। এইবাৰ শান্তনুৱে কথাটো জুলিক জনালে। জুলি অলপ চিন্তিত হল কাৰণ দুবাৰ একেটা ঘটনা ঘতাতো কোনো সাধাৰণ কথা নহয়। তাই বিবেকক কথাটো বহুত ফুচুলাই অকাই পকাই সুধিলে কিন্তু তাৰ একো মনত নাছিল। আকৌ এসপ্তাহ একো নোহোৱাকৈ পাৰ হলp>
এসপ্তাহ পাছত পুনৰ ঘটনাটো ঘটিল। বিবেকে উঠি মাত্ৰ এটা কথাই কয় যে তুমি মোক কিয় হত্যা কৰিলা আৰু কান্দিব ধৰে। এতিয়া শান্তনু আৰু জুলীৰ চিন্তা হব ধৰিলে আৰু তেওঁলোকে ডাক্তৰক দেখুৱাবলৈ ঠিক কৰিলে। তেওঁলোকে বিবেকক ঘৰুৱা ডাক্তৰ এজনৰ ওচৰত লৈ গল। ডাক্তৰে বিবেকৰ সকলো কথা শুনিলে আৰু তাক ভালদৰে চালে কিন্তু তেওঁ কোনো চিন্তাৰ কাৰণ বিচাৰি নাপালে। ডাক্তৰে তেওঁলোকক মানসিক ৰোগৰ বিশেষজ্ঞৰ লগত কথা পাতিবলৈ পৰামৰ্শ দিলে কিয়নো বিবেকৰ সমস্যাতো মানসিক যেন লাগিছে। তেওঁলোকৰ চিন্তা আৰু বাঢ়িব ধৰিলে। শান্তনুৱে এজন বিশেষজ্ঞৰ লগত কথা পাতিলে যি শিশুৰ বাবে বহুত ভাল। দুইজনে বিবেকক লৈ তালৈ গল। ডাক্তৰ গৰাকী বহুত অনুভবি আৰু দায়িত্বশীল আছিল। তেওঁ সকলো কথা শুনিলে আৰু বিবেকৰ চেক আপ কৰিলে আৰু শান্তনু, জুলিক বাহিৰত বহিবলৈ কলে। দুইজন বাহিৰলৈ আহিল আৰু ডাক্তৰে বিবেকক খেলিবলৈ পুতলা এটা দি কোছত বহাই লৈ নিজৰ ধৰণেৰে সুধিব আৰম্ভ কৰিলে। প্ৰায় এক ঘণ্টা পাছত ডাক্তৰে তেওঁলোকক ভিতৰলৈ মাতিলে আৰু বহিব কলে। ডাক্তৰে বহুত গভীৰভাৱে কবলৈ আৰম্ভ কৰিলে," মই আপোনাৰ সন্তানৰ লগত বহুত কথা পাতিলো। আপুনিতো জানেই আমি সেই সকলো কথাই উলিয়াব পাৰো যিটো তেওঁলোকে নিজৰ জ্ঞান থকা স্বত্বেও গম নাপায়।"
কথাৰ মাজতে মই বিবেকৰ পৰা যি গম পালোঁ সেয়া আপোনালোকক জনাব খোজো। হয়তো কথাবোৰ শুনি আপোনালোকৰ আচৰিত লাগিব পাৰে কিন্তু এইবোৰ কেতিয়াবা সঁচা হয়। বিবেকৰ কথাবোৰৰ পৰা তাৰ পুনৰজন্ম হোৱা যেন লাগিছে। আগৰ জনমত তাৰ মৃত্যু আকস্মিক আৰু অপ্ৰাকৃতিকভাবে হৈছিল আৰু কৰবাত নহয় কৰবাত তাৰ মৃত্যুৰ বাবে দায়ী আপুনি। সেইবাবে বিবেকে আপোনাক বাৰে বাৰে কয় যে আপুনি তাক কিয় মাৰিলে? এজন ডাক্তৰ হিচাপে এইবোৰ কথা বিশ্বাস কৰাটো মোৰ বাবেও কঠিন কিন্তু কথাবোৰে তাৰেই ইংগিত দিছে। আপুনি মনত পেলাবলৈ চেষ্টা কৰক কেতিয়াবা এনেকুৱা ঘটনা হৈছিল নিকী যত আপোনাৰ কাৰণে কাৰোবাৰ মৃত্যু ঘটিছিল? শান্তনুৱে মনত পেলাবলৈ চেষ্টা কৰে কিন্তু তাৰ একো মনত নপৰে।
তিনিও ঘৰলৈ আহে কিন্তু শান্তনুৰ এতিয়াও ডাক্তৰৰ কথাবোৰ মনত পৰি আছে। ৰাতি শুবলৈ যোৱাৰ সময়ত সি আকৌ মগজুত জোৰ দি মনত পেলাবলৈ চেষ্টা কৰোঁতে তাৰ মনত পৰিল যেতিয়া সি ৬বছৰ আগতে নতুন গাড়ী কিনিছিল। এদিন সি বহুত ৰাতি অফিচৰ পৰা ঘৰলৈ উভতি আহোঁতে এখন মানুহ নথকা ঠাইত তাৰ গাড়ীয়ে এখন মতছাইকেলত খুন্দা মাৰিছিল।
খুন্দা মৰাৰ ফলত মতাৰছাইকেল আৰু তাৰ আৰোহিজন গৈ ৰাস্তাৰ কাষত পৰিছিল। প্ৰথমতে নতুন গাড়ী তাতে আকৌ মানুহ নোহোৱা ঠাণ্ডা জাগা, শান্তনুৱে ভয় খাই গাড়ী নৰখালে। শান্তনুৱে কথাটো জুলিক কলে আৰু এইটোও কলে যে মানুহজন জীয়াই থাকিল নে নাই সি সেইটোও গম নাপায়। দুইজনে কথাটো ভাবি বহুত চিন্তিত হল। শান্তনুৱে জুলিক কলে যে সেই মানুহজনৰ বিষয়ে সি সকলো কথা জানিব চেষ্টা কৰিব কাৰণ হয়তো তাৰ পৰা বিবেক ভাল হোৱাৰ কিবা উপায় পোৱা যাব।
শান্তনুৱে গম পালে যে সেই মানুহজন বেছি দুখ পোৱাৰ কাৰণে তাতেই মৰি গৈছিল। থানাত অভিযোগ দিয়া হৈছিল যদিও মানুহজন চিনাক্ত হোৱাৰ বাবে আৰু গাড়ী চলোৱা মানুহজনৰ বিষয়ে একো গম নোপোৱাত কেচতো বন্ধ হৈ গল। এই সকলোবোৰৰ বিষয়ে আৰু মানুহজনৰ নাম ঠিকনা থানাত আছে। শান্তনুৱে চিনাকি মানুহৰ হতুৱাই তেওঁৰ নাম আৰু ঠিকনা উলিয়াই ললে। শান্তনু আৰু জুলিয়ে ঠিক কৰিলে যে সিহঁত সেই ঠাইলৈ যাব আৰু কি হৈছিল সকলো জানিব। পিছদিনা সিহঁত বিবেকক লগত লৈ সেই ঠিকনাত উপস্থিত হল। ঘৰৰ চোতালত ভৰি দিয়ে শান্তনুৱে বিবেকৰফালে চালে কিন্তু তাৰ প্ৰতিক্ৰিয়া স্বাভাৱিক আছিল। ঘৰটো বহুত পুৰণা আছিল , সি ভয় কৰি কৰি ঘৰৰ দৰ্জাত হাত থপৰিয়ালে।
অলপ সময় পিছত প্ৰায় ৪০/৪৫ বছৰ বয়সীয়া মহিলা এগৰাকীয়ে দুৱাৰ খুলিলে। শান্তনুৱে কলে যে সি ৰমাকান্তৰ( মৃত ব্যক্তি গৰাকীৰ) পুৰণা বন্ধু । বহুত বছৰৰ পাছত চহৰলৈ অহাৰ বাবে ৰমাকান্তৰ মৃত্যুৰ খবৰ পায় তেওঁৰ পৰিয়ালৰ খবৰ লব আহিছে বুলি জনালে। মহিলাগৰাকীয়ে কলে যে তেওঁ ৰমাকান্তৰ পত্নী হয়। ঘৰত তেওঁৰ বাহিৰে দুটা লৰা সন্তান আছে আৰু ৰমাকান্তৰ বুঢ়া দেউতাক আছে যিয়ে খুজ কাঢ়িব নোৱাৰে। এতিয়া লৰা কেইটা সৰু হৈ থকা বাবে ঘৰ চলোৱা দায়িত্ব তেওঁৰ পত্নীৰ। কথাবোৰ শুনি শান্তনু আৰু জুলিয়ে বহুত দুখ পালে । শান্তনুৰ এনেকুৱা লাগিল যেন এই সকলোৰে দায়ী সি। কথাৰ মাজতে সিহঁতে বিবেকলৈ লক্ষ কৰিলে কিন্তু তাৰ কোনো বিশেষ প্ৰতিক্ৰিয়া দেখা নগল। অলপ পাছত সিহঁতে তাৰ পৰা বিদায় ললে আৰু নিজৰ ঘৰলৈ উভতিল। ৰাস্তাত আহি থাকোঁতে জুলিয়ে শান্তনুক সুধিলে যে সিহঁতে বিবেকৰ বিষয়ে কিয় তাত কোনো কথা নকলে। শান্তনুৱে কলে," বিবেকৰ প্ৰতিক্ৰিয়াৰ পৰা এনেকুৱা অনুভৱ নহল যে সি সেই ঘৰখনৰ লগত জড়িত লোকসকলক চিনি পায়। যদি তেওঁলোকে সকলো গম পালে হয় তেন্তে কি কৰিব ঠিক নাই।" শান্তনুৰ মতে আৰু অলপ কথাবোৰ জানি বুজি লৈহে কিবা এটা সিদ্ধান্ত লব লাগে।( Storyboard )
ইয়াৰ মাজতে আকৌ এদিন সেই ঘটনাটো ঘটিল। বিবেকে শান্তনুক জগাই কলে," তুমি মোক কিয় হত্যা কৰিলা?"বুলি কৈ কান্দি দিলে। শান্তনুৱে তাক বুকুত সাৱটি কলে," মই আপোনাক আপোনাৰ ঘৰলৈ লৈ গলো কিন্তু আপুনি চিনি নাপালে।" বিবেকে বৰ আচৰিতভাবে শান্তনুৰফালে চাই চিঞৰি উঠিল,"নহয়, সেইয়া মোৰ ঘৰ নহয়।" সি আকৌ চিঞৰি চিঞৰি কান্দিলে।
জুলিয়ে কথাবোৰ শুনি বহুত ভয় খালে। অলপ পাছত বিবেক শুই পৰিল কিন্তু শান্তনু আৰু জুলিৰ চকুত টোপনি নাইকীয়া হৈ গল।সিহঁতে বুজি পোৱা নাছিল যে কত যাব কি কৰিব? সিহঁতে আকৌ এবাৰ মনোৰোগ বিশেষজ্ঞ গৰাকীৰ লগত কথা পাতিবলৈ চিন্তা কৰিলে। শান্তনুয়ে পিছদিনাই তেওঁক লগ কৰিবলৈ সময় মিলালে। ঠিক কৰা সময়ত বিবেকক লগত লৈ সিহঁত গৈ পালে। শান্তনুয়ে ডাক্তৰক এতিয়ালৈকে যি হল সকলো কলে। কথাবোৰ শুনি ডাক্টৰো চিন্তাত পৰিল। তেওঁ জুলি আৰু শান্তনুক বাহিৰত বহিব কলে আৰু বিবেকৰ লগত কথা পাতিলে। লাহে লাহে ডাক্তৰৰ কথাত আহি বিবেকে সকলো কলে।
২ ঘণ্টা কথা পতাৰ পাছত ডাক্তৰে সিহঁতক ভিতৰলৈ মাতিলে। ডাক্তৰৰ চকু সেমেকা আছিল। ডাক্তৰে জুলিৰফালে চাই কলে,"যদি তুমি বেয়া নোপোৱা তেন্তে কিছুমান ব্যক্তিগত কথা সুধিব খোজো।?"
জুলিয়ে উত্তৰ দিলে," যদি মোৰ লৰাৰ বেমাৰৰ লগত সম্বন্ধিত কথা হয় তেন্তে নিশ্চয় সুধিব পাৰে।"
ডাক্তৰে বিবেকক নাৰ্ছৰ লগত বেলগ এফালে পঠিয়াই দি জুলিক কলে," বিবেকৰ জন্ম হোৱাৰ আগতে আপুনি এবাৰ গৰ্ভৱতী হৈছিল কিন্তু আপুনি গৰ্ভপাত কৰালে, কথাটো সঁচা নে?"
জুলি অলপ চিন্তিত হৈ কলে," কিন্তু ইয়াৰ লগত বিবেকৰ কি সম্বন্ধ আছে?"
ডাক্তৰে জুলিৰ চকুলৈ চাই কলে,"তুমি গৰ্ভপাত কিয় কৰালা?"জুলিয়ে একো নকলে কিন্তু শান্তনুৰফালে চাই ৰল।
শান্তনুৱে কলে," ডাক্তৰ এইটো তেতিয়াৰ কথা যেতিয়া আমাৰ বিয়াৰ ১ বছৰ হৈছিল আৰু আমি পৰিয়াল বঢ়াবলৈ প্ৰস্তুত নাছিলোঁ সেইকাৰনে।" ডাক্তৰে তাৰ কথাৰ মাজতে কলে," মাত্ৰ এইটোৱেই কাৰণ আছিল নে আৰু বেলেগ কিবা?" জুলিয়ে কান্দিব ধৰিলে।
ডাক্তৰে কবলৈ আৰম্ভ কৰিলে,"মই সঁচা শুনিব বিচাৰো আপোনাৰ মুখৰ পৰা মিষ্টাৰ শান্তনো।"
শান্তনুৰ চেহেৰাত ভয় আৰু শংকা আছিল । সি কব ধৰিলে ," আচলতে আমি গম পাইছিলোঁ যে সন্তানটো ছোৱালী হয়। কিন্তু মই প্ৰথম সন্তান লৰা বিচাৰিছিলোঁ সেইবাবে মই জুলিক গৰ্ভপাত কৰাবলৈ বুজাইছিলোঁ।
ডাক্তৰে কলে," সেইকাৰণে আপুনি নিজৰ ছোৱালীজনীক জন্মৰ আগতেই মাৰি পেলালে। আজি তাই আপোনাৰ লৰাৰ ৰূপত আহি উত্তৰ বিচাৰিছে। হয়,বিবেক সেই ছোৱালীজনীৰ পুনৰজন্ম। লাজ লাগিব লাগে আপোনাৰ। আপোনাৰ দৰে পঢ়া শুনা মানুহে এনেকুৱা কৰিলে আমি বাকীবোৰক কি বুজাম? যাওক আপোনাৰ ছোৱালীক মাফ খোজক। হয়তো তাই মাফ কৰি দিব আপোনাক কিয়নো ছোৱালীবোৰ এনেকুৱাই। কিন্তু মই আৰু এই সমাজে কেতিয়াও আপোনাক মাফ নকৰো।"
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Storyboard )
বিঃদ্ৰঃ আপোনালোকেও যদি কোনো গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ গল্প সমূহ আমাৰ ফেচবুক পেজত নতুবা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত গল্প সমূহ প্ৰেৰকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:
Post a Comment