এটা উপহাৰে পতন কৰিলে এজন নতুন ধনীৰ অহংকাৰ : Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, June 15, 2021

এটা উপহাৰে পতন কৰিলে এজন নতুন ধনীৰ অহংকাৰ : Storyboard

Storyboard

সন্ধিয়া ৭টা বাজিছিল আৰু মই বেংকৰ পৰা ঘৰলৈ গৈছিলো। মই এইখন চহৰলৈ অহা এবছৰ হৈছিল আৰু বেংকৰ মেনেজাৰ হোৱাও এবছৰেই হৈছিল( Storyboard )। এই পদত থাকি ভাল  ইনকম হৈছিল আৰু উচ্চ পদবীত থকা বাবে সন্মানও পাইছিলো আৰু কোনোবাই সুধিলে ক'বলৈও ভাল লাগে ।


কিন্তু উচ্চ পদবীৰ লগতে কৰ্তব্যও বাঢ়ি যায়। তাৰ পাছত ভাগৰুৱা এটা দিন পাৰ হৈ যোৱা পাছত নিজৰ দামী গাড়ীত আৰামত ঘৰলৈ গৈ আছিলোঁ।যিখন মই কেইদিনমান আগতহে লৈছো। বৰষুণৰ বতৰ আছিল। মই গাড়ীৰ ভিতৰৰ পৰা পানী টুপালবোৰ দেখি আছিলোঁ । মই বৰষুণৰ বাবে ৰ'ব নলগাকে ঘৰ আহিব পাৰি আৰু মোৰ পত্নী আৰু চাৰি বছৰীয়া সন্তানটোৰ লগত শান্তিৰে সময় কটাব পৰো। জীৱনটোও ভালকৈ চলি আছিল ভাল ইনকমো আছিল। অঞ্জুৰ দৰে ধুনীয়া পত্নী আছিল আৰু সন্তানো আছিল জীৱনটোও আৰামদায়ক আছিল।

মই লাহে লাহে গৈ আছিলোঁ আৰু বাছ আস্থানত এজন মানুহ ৰৈ থকা দেখা পালোঁ। তেওঁ বৰষুণৰ পৰা বাচি বাছলে ৰৈ আছিল।

তেওঁৰ চেহেৰাটো চিনাকি যেন লাগিছিল। মই অকমান ভাবি চালোঁ আৰু তাৰ পাছত তেওঁক চিনি পালোঁ। তাত ৰৈ থকা মানুহজন মোৰ লগৰ আছিল। যি হ'লেও কলেজ আৰু স্কুলৰ লগৰবোৰক যিমান বছৰ হ'লেও পাহৰিব নোৱাৰি।

বাছ আস্থানত ৰৈ থকা মানুহজন মোৰ লগৰ প্ৰীতম আছিল। মই গাড়ীখন ৰখাই দৰ্জাখন খুলি দিলোঁ আৰু সি বুজি পায় মোৰ গাড়ীখনৰ ফালে আহিলে। মই সুধিলোঁ " তুমি প্ৰীতম ন?"

সি অলপ আচৰিত হয় ক'লে অ' হয় কিন্তু মই তোমাক চিনি পোৱা নাই।

চাকৰি কৰি কৰি মই চাগে নিজৰ ধ্যান ৰাখিবলৈ পাহৰি গ'লো। কাৰণ মোৰ ওজন বাঢ়ি গৈছিল আৰু পেটতোও উলাই গৈছিল। মোৰ লগৰ বহুতৰে এনেকুৱায়ে হৈছিল। কিন্তু প্ৰীতম আগৰ দৰেই আছিল।

"মই ৰাজিত শইকীয়া, কলেজত একে লগে পঢ়িছিলোঁ যে মনত আছে নে?"



তাৰ চকুজোৰ উজ্জ্বল হৈ উঠিল আৰু ক'লে" হয় মনত পৰিল।"

" সোনকালে গাড়ীৰ ভিতৰলে আহ।"

তাৰ পিছত সি গাড়ীত আহি বহিলে। যেতিয়া আমি কলেজত আছিলোঁ সি আমাক বহুত জোঁকাই থাকে আৰু সি ধেমালি কৰি থাকে। 

আমাক পঢ়াৰ পোক বুলি সি জোঁকাই। যিয়ে হক আজি নিজৰ পঢ়া শুনা বাবে মই এইটো পদবীত আছিলোঁ আৰু বেংকৰ মেনেজাৰ পদত অধিষ্ঠিত কথাতো বহুত ডাঙৰ কথা আছিল। 

প্ৰীতম আৰু তাৰ লগৰকেইটামানক  অধ্যাপক সকলে সদায় বুজাইছিল পঢ়া-শুনা ধেমালিত নলবা নহ'লে জীৱনটো ধেমালি হৈ থাকি যাব। আজি অধ্যাপক সকলৰ কথাবোৰ মোৰ সচাঁ যেন লাগিছে। মই জানিছিলোঁ সি যি হ'লেও সৰু সুৰা চাকৰি কৰে চাগে ।কাৰণ সিও মধ্যবিত্ত পৰিয়ালৰ ল'ৰা আছিল আৰু মইও আছিলোঁ। মধ্যবিত্ত পৰিয়ালৰ মানুহৰ বাবে চাকৰি বহুত প্ৰয়োজন হয়।

"মই তাক সুধিলো ইয়ালৈ কিয় আহিছিলি আৰু এতিয়া কোনফালে যাবি।"

একো‌ নাই অলপ কাম আছিল আৰু এতিয়া ৰিয়া হোটেল ফালে যাম। ৰিয়া হোটেল চহৰৰ নাম থকা হোটেল আছিল আৰু সি সেইফালে যাম কৈছিল  য'ত মাজে মাজে বহুত নাম থকা  মানুহ আহে। মই বুজি পাইছিলোঁ তাৰ চাগে তাতে কিবা কাম আছিল।

"ব'ল মই থৈ আঁহো। অলপ সময় মনে মনে থাকি তাৰ পাছত মই সুধিলো ,তই এতিয়া কি কাম ক'ৰ।"

সি ক'লে ,"কিনো আৰু লাগি আছোঁ নিজৰ কামত।"

"কি কাম?"

"সি ক'লে এনেকুৱায়ে আৰু  তোৰ  কাম কেনেকুৱা চলি আছে।"

সি তেনেকৈ ক'লত মই বুজি পাইছিলোঁ যে তাৰ দিনবোৰ ভালকৈ চলি থকা নাছিল। কাৰণ তাক দেখিলেই এই কথাটো জানিব পৰা যায়। সাধাৰণ জিন্স ,চাৰ্ট আৰু ভৰিত চেন্দেল। এইবোৰ দেখি মই বুজি পাইছিলোঁ যে তাৰ জীৱনটো বহুত কষ্টৰে পাৰ হৈ  আছে।

"মই গৰ্ব কৰি ক'লো,ইয়াৰ বেংকৰ মেনেজাৰ মই।"এতিয়া বেংকৰ পৰাই ঘৰলৈ গৈ আছিলোঁ।

তাৰ পাছত অলপ কথা পাতিলো আৰু মই মোৰ বিয়া আৰু পত্নী , সন্তানৰ কথা ক'লত গম পালো সি এতিয়াও বিয়া পতা নাছিল। তাৰ মাক-দেউতাকো কেইদিনমানৰ আগত ঢুকাল। শুনি বেয়া লাগিল তাৰ পৰিয়াল বুলি কোনোৱে নাছিল আৰু কোনে নিজৰ ছোৱালী তাক দিব এনে এটা মানুহৰ লগত।

তালে বহুত বেয়া লাগিছিল কিন্তু মই একো কৰিব নোৱাৰোঁ। তাৰ তাত সময় আছিল কিন্তু সি তাৰ সদ্ ব্যৱহাৰ নকৰিলে যাৰ বাবে আজি তাৰ এইয়া অৱস্থা।সি সেই সময়ত আমাক ঠাট্টা কৰিছিল যে নম্বৰৰ একো কাম নাই কলেজ শেষ হোৱা পাছত দেখা যাব কোনে কি কৰিব পাৰে। 

আজি মোৰ কৰ্মৰ ফল যে মই নিজৰ ইনকমেৰে কিনা গাড়ীত মেনেজাৰ হিচাপে বহি আছো আৰু বেংকত সকলোৱে সন্মানো কৰে আৰু মোৰ ৰুমত সকলোৱে সোমাব ও নোৱাৰে। কিন্তু এইয়া মোৰ হৃদয়ৰ ভাল ভাব যে মই তাক মোৰ গাড়ীত বহাইছিলোঁ।



হয়তো সি হোটেলৰ ফালে কিবা কামত যায় কিন্তু মোক ক'ব খোজা নাই।

সি মোক ক'লে তোৰে ভাল আৰু জীৱনটো।

মই সুধিলো বাছ আস্থানত কি কৰি আছিলি। আজিটো বাছবোৰ বন্ধ।

সি ক'লে নহয় অ' মোৰ তাত বাইক আছে । কিন্তু বৰষুণ দিয়া বাবে মই তাত ৰৈ আছিলোঁ..........।

আমি গৈ তাত পালোঁ আৰু তাক নমাই দিলোঁ। মই তাৰ নম্বৰটো ল'লো আৰু তাক এটা মিছকল দিলোঁ । কিন্তু সি মোবাইলটো জেপৰ পৰা নুলিয়ালে আৰু ক'লে মই পাছত চেভ কৰি লম। সি মোৰ পৰা তাৰ অৱস্থাটো লোকোৱাবলৈ চেষ্টা কৰি আছিল।

 ঘৰলৈ গৈ মই অঞ্জুক সকলো কথা ক'লো। তাইও প্ৰীতমৰ অৱস্থাৰ কথা শুনি দুখ কৰিলে।

কিন্তু এটা কথা মই সদায় গৰ্ব কৰিছিলোঁ যে তাই মোৰ জীৱনলে অহা পাছত মোৰ জীৱনটো ভাল হৈ গৈছিল। বিয়াৰ পাছত মোৰ দায়িত্ব বাঢ়ি গৈছিল আৰু  তাৰ বাবে মই আগবাঢ়িও যাব লগা হৈছিল।

তাৰ দুসপ্তাহৰ পিছত মোৰ ল'ৰাটোৰ  ৫বছৰীয়া জন্মদিন আহি আছিল। অঞ্জুৰ বহুত ইচ্ছা আছিল যে তাৰ জন্মদিন বহুত ভালকে আৰু সকলোকে মাতি পতাটো।অঞ্জুৱে ক'লে  আমি জন্মদিন ৰিয়া হোটেলতে পাতিম। সেইখনটো বহুত ডাঙৰ হোটেল আৰু তুমি তোমাৰ চিনাকি মানুহবোৰক দেখাবলে এইবোৰ কৰিব লাগিব, যিমানে পইচা খৰচ হ'ক লাগিলে।( Storyboard )

তাৰ পাছত মই ভাবিলো হয় সকলো থাকিব ।তাইৰ বান্ধৱী মোৰ বেংকৰ মানুহ। সেইকাৰণে মই হোটেলখন বুক কৰি ল'লো। মই সকলোকে মাতিলো আৰু প্ৰীতমকো ফোন কৰি মাতিলোঁ। মই প্ৰথমতে ভাবিছিলো সি আহি কি কৰিব ইয়াত বহুত ধনী মানুহ আহিব । তাৰ পাছত ভাবিলো একো নাই কিজানি তাৰ কামৰ  মানুহৰ সি পা‌য় যায় ইয়াতে।

জন্মদিন আহি গ'ল আৰু আমি সন্ধিয়া হোটেললে যাব লাগে।

মোৰ আৰু অঞ্জুৰ পৰিয়ালৰ সকলো মানুহ আহিছিল। অঞ্জুৱে সকলো ভালকৈ বিচাৰিছিল আৰু তাই মোক আগতেই কৈ দিছিল যে প্ৰীতম আহিলেও যাতে মই তাৰ লগত বেছি কথা নাপাতো। 

হোটেললে গৈ থাকোঁতে মই ভাবিছিলো প্ৰীতমে আকৌ হোটেলতে কাম কৰি আছে নেকি। এইখন হোটেলতো মেনেজাৰ হ'বলৈও হোটেল মেনেজমেণ্টৰ শিক্ষা থকা হ'ব লাগে। মই ভাবি আছিলোঁ যে সি তাত উৱেটাৰ নকৰিলে হয় আৰু।



প্ৰীতমে তাত কাম নকৰিছিল। কাৰণ বহুত দেৰি লৈকে পাৰ্টিলৈ সি অহায়ে নাছিল। সি তাৰ পাছত আহিল আৰু মোৰ ল'ৰাটোক শুভেচ্ছাও দিলে। কিন্তু উপহাৰ একো দিয়া নাছিল আৰু মই দিব বুলি ভবাও নাছিলোঁ।

কেনেকৈ সি উপহাৰ দিব যিমান মানুহ পাৰ্টিলৈ আহিছিল সকলোৰে হাতত ডাঙৰ ডাঙৰ উপহাৰ আছিল আৰু খামত পইচা দিয়া সকলেও এহাজাৰত কৈ কমকে দিয়া নাছিল। এতিয়া সেইটো সময়ো পাৰ হৈ গ'ল যেতিয়া ১০০ টকা দি ঘৰৰ সকলোৱে খানা খাই আহিছিল।

সকলোৰে লগত কথা পাতি সি অলপ পাছতে গুচিয়ে গ'ল। মই তাৰ অৱস্থা কথা আগতেই কলেজৰ লগৰকেইটাক কৈ দিছিলোঁ । সেইকাৰণে সিহঁতি তাক একো নুসুধিলে।

পাৰ্টি শেষ হ'ব হ'ল আৰু সকলোৱে হোটেল আৰু খানাটো ভাল হৈছে বুলি ক'লে। কিছুমানে সুধিছিল কিমান খৰচ হ'ল। অঞ্জু বহুত সুখী আছিল। কাৰণ হোটেল আৰু পাৰ্টি ভাল হৈছে বুলি কোৱা লগতে তাইৰ কাপোৰ ও বহুত ভাল লাগিছে বুলি কৈছিল। মোৰ পত্নীয়ে ঠিকেই কয় যে  মানুহে পইচা দেখিলে হে ভাল পায়। মই জানিছিলো যে বেংকত এই পাৰ্টিৰ কথা সকলোৱে আলোচনা কৰিব।

মই কেইটামান লগৰ ল'ৰা লগত বাকী থকা পইচাটো দিবলৈ আগবাঢ়িলো ।বাকী থকা পোন্ধৰ হাজাৰটো দিবলৈ। মই মেনেজাৰ ওচৰলৈ গৈ পালোঁ আৰু সি  উঠি মোক এটা খাম দি ক'লে এইটো আমাৰ হোটেলৰ ফালৰ পৰা আপোনাৰ ল'ৰাটোলে এটা উপহাৰ।

মই সেইটো ল'লো আৰু তাক বাকী থকা পইচাৰ হিচাপ খুজিলো। সি ক'লে আপুনি আগত খামটো খুলিটো চাওঁক। মই খামটো খুলি তাত থকা কাৰ্ডখন পঢ়িলো ।তাৰ পাছত মই চক্ খাই গ'লো ।

তাত মোৰ ল'ৰাটোৰ ভৱিষ্যতৰ বাবে আৰ্শিবাদ আৰু বাকী থকা পইচাটো দিব নালাগে বুলি লিখা আছিল। তাত শেষ লিখা আছিল প্ৰীতম । চেয়াৰমেন অফ ৰিয়া হোটেল।



"মই মেনেজাৰৰ ফালে চাই ক'লো এইয়া কি।"

সি ক'লে ,"চাৰৰ দেৰি হৈছিল কাৰণে  তেওঁ গুচি গ'ল আৰু মোকে এইখন দিবলৈ কৈ গ'ল।"

মই আচৰিত হৈ গৈছিলোঁ আৰু সুধিলত সি ক'লে যে প্ৰীতমে কেইমাহমানৰ আগত এই হোটেলখন কিনি ল'লে । তাৰ ভাগৰ আৰু বহুত হোটেল আছে।

মই সুধিলো- সিদিনা  সি বাছ আস্থানত ৰৈ আছিল আৰু মই তাক লিফ্ট........

মোৰ কথা শেষ হোৱাৰ আগতেই সি ক'লে যে, হয় চাৰে মোক এই কথাটো কৈছিলে। আচলতে চাৰ বহুত দিনৰ পাছত ইয়ালে আহিছিল। তেওঁ এনেই অকমান মোৰ বাইক লৈ উলাই গৈছিল আৰু তাৰ পাছত বৰষুণ হৈ গ'ল। মই গাড়ী পঠাইছিলো । কিন্তু তেওঁ ক'লে কোনোবা লগৰ ল'ৰা পালে আৰু তেওঁ আপোনাৰ লগত আহিলে।"

মই এইবোৰ শুনি বহুত আচৰিত হৈ গ'লো।

মই সুধিলো যে প্ৰীতম এতিয়া ক'ত আছে সি ক'লে তেওঁৰ ফ্লাইট আছিল আৰু মিটিং আছিল সেইকাৰণে তেওঁ গুচি গ'ল।

মই তাৰ কথা কি ভাবিছিলো আৰু সি কি উলাল। মই  নিজৰ ওপৰতে লাজ অনুভৱ কৰিছিলোঁ। মই যিবোৰ তাক দেখাই আছিলোঁ আৰু নিজৰ জীৱনক লৈ যি গৰ্ব কৰিছিলোঁ। সেইয়াটো তাৰ তুলনাত একোৱে নাছিল।সি আনকি মেনেজাৰকো পইচা ল'বলৈ মনা কৰিছিল।

নিজৰ অৱস্থাতে মোৰ দয়া আহিছিল। এই কেইটামান পইচাতে মই বহুত গৰ্ব কৰি দেখাই আছিলোঁ। মই বহুত লাজ অনুভৱ কৰিছিলোঁ।

এফালে  প্ৰীতম আছিল যি সাধাৰণ জীৱন যাপন কৰি আছিল। মইয়ো এটা উপহাৰ পালোঁ। যিটো এটা শিক্ষা আছিল যে," মানুহক দেখোৱাবলৈ ৰচা এই জীৱনটো বেছি দিন নাথাকে।"


এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

Storyboard )

বিঃদ্ৰঃ আপোনালোকেও যদি কোনো গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ গল্প সমূহ আমাৰ ফেচবুক পেজত নতুবা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত গল্প সমূহ প্ৰেৰকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


আমাৰ ফেচবুক গ্ৰুপটো আপোনালোকে পোনোপটীয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

No comments:

Post a Comment

Advertisement

Pages