গাওঁলৈ যায়! কব পৰা নাই, কি কৰিবলৈ যায়! ভালদৰে পানীৰ সুবিধা নাই, বিজুলী সুবিধা নাই! আৰু ওপৰৰ পৰা ইমান গৰম! মই নাযাও, যাবলৈ মন গৈছে, অকলে গৈ থাকক। আহিলেই মই কম। নিৰুপমাই নিজৰ মনতে কথা পাতি আছিল। সন্ধ্যাৰ সময় হল। যাও, বন্তি জ্বলাই দিওঁগৈ।বোৱাৰী, একাপ চাহ দিবা। বহুত কাম কৰিলো আজি। সময় কেনেকৈ গল ধৰিবকে নোঁৱাৰিলো। এতিয়া সন্ধ্যা হলহি।
পেকিং হৈ গল নে নিৰুপমা! জীৱনে মাত দি নিজৰ পত্নীক সুধিলে! কিহৰ পেকিং! কি মানে কিহৰ পেকিং! গাওঁলৈ যোৱাৰ আৰু কি! মই কৈছিলো নহয়, সকলো প্ৰস্তুত কৰি ৰাখিবা। কাইলৈ পুৱাই যাম। এবাৰ গৈ চাই আহোগৈ, সকলো ঠিকে আছে নাই! খেতি পথৰাত কোনো সমস্যা হোৱা নাইটো! তাৰপাছত ২,৩মাহ থাকি আহি যাম। তুমিও সকলোকে লগ পোৱা হব।
মই নাযাও, নিৰুপমাই কলে।বোৱাৰী, মোলৈ ইয়ালৈকে চাহ লৈ আহিবা।
জীৱন : তুমি দেখোন, একেবাৰে ন-ছোৱালীৰ দৰে কৈছা! যিয়ে শহুৰৰ ঘৰলৈ নাযাবলৈ নাটক কৰে। হয়, হয়, কথাটো সচাঁই, তুমি তাত এতিয়াও ন ছোৱালীয়েই হয়।
আৰু কি! ওৰণি নোলোৱাকৈ বাহিৰলৈ ওলাব নোঁৱাৰো,সকলোৱে খোৱাৰ পাছতহে খাব পাৰোঁ। মোৰ দ্বাৰা এতিয়া আৰু এইবোৰ নহব দেই। আপোনাৰ যাবলৈ মন গৈছে যাব পাৰে। মই হলে নাযাও। নিৰুপমাই চাহকাপ হাতত লৈ কলে।( Assamese Storyboard )
বাবা : অ পাপা, মায়ে যাবলৈ মন কৰা নাই যদি, মাক লৈ যাব নালাগে!
নিৰুপমা : বাবা, তুমি আহিলা। চুমু, তুমিও ইয়ালৈ আহা। সকলোৱে একেলগে চাহ খাওঁ। ( বাবা আৰু চুমু নিৰুপমাৰ পুতেক-বোৱাৰীয়েক)
চুমু : অ, মা, গৈছো।
জীৱন : বাবা, দেখিলানে, তোমাৰ মায়ে একেবাৰে ন কইনাৰ দৰে কৈছে।
মোৰ মা দেখিবলৈ ইমান ধুনীয়া যে, বাবাই হাঁহি মাৰি কলে।
নিৰুপমা : দুয়ো পিতা পুত্রই জোকাৰা মোক! কিন্তু মই যোৱাত নাই। আহা, চুমু, বহা।
এতিয়া বুজিলো, তুমিও ঘৰলৈ কিয় যাব নিবিচাৰা! বাবাই চুমুৰ ফালে চাই কলে। চুমুৱে, বুজি পোৱা নাছিল, বাবাই কি কব বিচাৰিছিল! অ, ৰাইজসকল, যেতিয়া শাহুৱেকে নিজৰ শহুৰৰ ঘৰলৈ যাবলৈ ইমান নাটক কৰিছে, তেতিয়া বোৱাৰী কোন ফালৰপৰা সাজু হব, নিজৰ শহুৰৰ ঘৰলৈ যাবলৈ!
তুমিও এনেকুৱাই কৰা ন! এবাৰ কৈছিলা নহয়, যেতিয়া মায়ে, নিজৰ শহুৰৰ ঘৰলৈ যাবলৈ নিবিচাৰে! তেতিয়া হলে মই কিয় যাম। সকলোৱে হাঁহিবলৈ ধৰিলে। চুমুৱে লাজতে তলমূৰ কৰিলে। কি পাৰিবাৰিক পৰম্পৰা! তোমাৰ বোৱাৰীও নাযায়। এতিয়া বাবা মনে মনে হৈ ৰল।
নিৰুপমা : তোমালোক দুয়োয়ে আমাৰ শাহু বোৱাৰীক জোকাৰি লোৱা। শহুৰৰ ঘৰখন কেৱল শহুৰৰ ঘৰেই হয়। নে কি কোৱা বোৱাৰী!
নিৰুপমাই, চুমুক হঁহা দেখা পাই সাৱটি ধৰিলে।।
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Assamese Storyboard )
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
No comments:
Post a Comment