তলমূৰ কৰিয়েই পাপৰীয়ে দেউতাকৰ নামটো ক'লে --" জগদীশ "
---" অ, জগদীশৰ ছোৱালী , বাপনক ভালকৈ চিনি পোৱা কিমান দিন হৈছে । "
পাপৰীয়ে একো উত্তৰ নিদিলে , চকুপানীহে মচি থাকিল । পাপৰীৰ ফালে চাই বাপনৰ দেউতাকৰো চাগে অনুকম্পা উপজিল । তেওঁ ওচৰতে থকা ঘৈনিয়েকক ক'লে -- " এইক কিবা খাবলৈ দিছনে , কান্দি থাকিলে কি হ'ব । " ঘৈনিয়েকৰ মুখখন পোহৰ হৈ পৰিল , তাৰ মানে মানুহজনৰ খং কমিল , " উফ ভগৱান " মাকে ভগৱানক স্মৰণ কৰিলে
ঘটনাটো বতাহত বিয়পি পৰিল , বাপনে নিম্নজাতৰ ছোৱালী এজনী আনি ঘৰ সুমালে । ইফালে পৰীক্ষা শেষ হোৱাৰ পাছত বহু দেৰিলৈ পাপৰী ঘৰলৈ উভতি নহা দেখি মাকৰ চিন্তা হ'ল , ক'ত গ'ল ছোৱালীজনী । লগৰ কাৰোবাৰ ঘৰলৈ গ'ল নেকি ? কাক সুধিব ? কোনে উত্তৰ দিব ? মাকৰ উৎকন্ঠা বাঢ়ি গ'ল । সেই সময়তে পাপৰীৰ দেউতাক খঙত অগ্নিশৰ্মা হৈ ঘৰ পালে । ঘৈনিয়েকে কিবা কোৱাৰ আগতেই তেওঁ মাক জীয়েকক যিমান পাৰে গালি পাৰিলে । খঙৰ ভমকত তেওঁ ঘৈনিয়েকক মাৰিবলৈও উদ্দত হ'ল --" নিজৰ ঘৰত খাল খান্দি ঘৰিয়াল পুহাৰ ফল পাইছ এতিয়া , সৰ্বনাশ কৰিলে তোৰ ছোৱালীয়ে , কি ফল ভোগ কৰিব লাগে চাই থাক, বাৰে বাৰে বাধা দিয়াৰ পিছতো জিয়েৰৰ পক্ষ লৈ শেষ কৰি দিলি । এইবোৰ দেখাৰ আগতে মৰি নগলো কিয় । " ( Best story )
সন্ধিয়ালৈ বাপনৰ দেউতাকক বিচাৰি গাঁৱৰ বৰমুৰীয়া কেইজনমান আহিল । বাপনে নিম্নজাতৰ ছোৱালী এজনী ঘৰ সোমোৱাৰ কথা সুধিলে আৰু তেওঁৰ মতামত জানিব বিচাৰিলে । কাৰণ বাপনে অনৈতিক কাম কৰিছে , গাঁৱত ইয়াৰ প্ৰভাৱ পৰিব । গতিকে দোষ কৰিলে শাস্তি পোৱাটো স্বাভাৱিক । বাপনৰ দেউতাকে ভালদৰেই উপলব্ধি কৰিলে যে একমাত্ৰ দুখীয়া হোৱা কাৰণেই তেওঁৰ ওপৰত শাস্তিৰ পৰিমান বেছি হ'ব , কাৰণ গাঁৱৰ ধনী কেইঘৰমানত কিছুমান অনৈতিক কাম হোৱাৰ পিছতো একো নহ'ল । তেওঁলোকে সমাজক ভয় নকৰে , কিন্তু বাপনে ছোৱালী আনি ঘৰত সোমালহে , গাঁৱখন যেন অসুচি হৈ গ'ল , লগে লগে শুদ্ধিকৰণত নামিলেই সমাজখন । তেওঁ ৰাইজৰ আগত হাতযোৰ কৰি সাহসেৰে ক'লে --" ৰাইজ , মোৰ ল'ৰাই ছোৱালীজনী আনি বেয়া কাম কৰিলে, কি পৰিস্থিতিত পৰি সি এনে কাম কৰিলে , সেইটো আপোনালোকে ভালদৰে নাজানে । অপৈনত বয়সত প্ৰেমত পৰিল সিঁহত , সেয়ে ছোৱালীজনীক দেউতাকে অত্যাচাৰ কৰিছিল , তাইৰ কিতাপ পত্ৰ জ্বলাই দিছিল , গতিকে বাপনে তাইক লৈ আহিল । এতিয়া মই সিদ্ধান্ত লৈছো , ছোৱালীজনীক মই বোৱাৰী কৰি ৰাখিম , ৰাইজে যি শাস্তি দিয়ে আমি গ্ৰহণ কৰিম । " দেউতাকৰ নিৰ্ভিক আৰু স্পষ্ট কথা শুনি বাপনে সাহস পালে ।
তেতিয়াৰ পৰাই বাপনহঁতক গাঁৱত এঘৰীয়া কৰিলে । ইফালে গাঁৱৰ সিটো মুৰে থকা জগদীশকো সতৰ্ক কৰি দিয়া হ'ল , জিয়েকৰ লগত যোগাযোগ ৰাখিব নোৱাৰিব । যদিহে মনে মনে সেইখন ঘৰলৈ আহ যাহ চলে , তেন্তে জগদিশকো এঘৰীয়া কৰিব । বাপনৰ দেউতাক দৰিদ্ৰ খেতিয়ক, বছৰটো খাবলৈ নুজুৰে , সন্ধিয়া বজাৰত ইটো সিটো বিক্ৰী কৰি দুটকা উপাৰ্জন কৰে । বাপনে কলেজত পঢ়ি আছে , খেতিৰ সময়ত সি দেউতাকক সহায় কৰে, শান্ত সমাহিত বাপনে আজিলৈ বেয়া কাম কৰা নাছিল , সেয়ে দেউতাকে তাক একো নক'লে । বাপনৰ মাকক দেউতাকে ক'লে ---" পাপৰীক নিজৰ ছোৱালীৰ দৰে ৰাখিবি , তাইৰ বয়স কম, তইহে সাৱধান হ'ব লাগিব , তাই এতিয়া আমাৰ ছোৱালী , সমাজ বৰ্জিত হ'লো আমি চাৰিজন ।'' মাকেও পাপৰীক নিজৰ ছোৱালীৰ দৰে মৰম কৰিলে ।
কিছুদিন গৈছিল হে মাত্ৰ , ক'ৰোণা মহামাৰীৰ কবলত পৰিল গোটেই বিশ্ব । লকডাউনৰ প্ৰভাৱত সকলো স্তব্ধ হৈ পৰিল । লাহে লাহে সকলো বস্তুৰ নাটনি হ'বলৈ ধৰিলে । এঘৰীয়া কৰি থোৱা কাৰণে বাপনহতক ৰাইজে চৰকাৰী সাহায্যৰ পৰাও বঞ্চিত কৰিলে। দুবেলা দুসাজ খাবলৈ নাটনি হ'ল । ইফালে ঘৰত নতুনকৈ অহা ছোৱালীজনী । " আমি বাৰু খাবলৈ নাপায় মৰিম নেকি ? " অসহায় মাকে দেউতাকৰ ফালে চাই থাকে । এক অসহনীয় পৰিস্থিতি ঘৰখনত , এই সময়ত বজাৰ বন্ধ, পাচলি বিক্ৰী কৰিবলৈ যাব নোৱাৰি , বাপনেও ঘৰতে সোমাই আছে , এঘৰীয়া হোৱাৰ পৰাই বন্ধু সকলেও তাক এৰাই চলিব ধৰিলে , কাৰো পৰা সহায় আশা কৰিব নোৱাৰি । তেনেহ'লে কি খাই জীয়াই থাকে তেওঁলোক ! এক অন্ধকাৰ ভৱিষ্যত ।
সিদিনা নিশা প্ৰায় এঘাৰতা বাজিছে । হঠাতে ৰাস্তাত চিঞৰ বাখৰ শুনি বাপনৰ দেউতাক সাৰ পালে । এই লকডাউনৰ সময়ত কিহৰ চিঞৰ বাখৰ ? কোনো অচিনাকি মানুহ গাঁৱত সোমাল নেকি ! কোনোবাই চোৰ চোৰ কৈ চিঞৰি আছে । ঘৰৰ গোটেই কেইজন উঠি বহিল , কিন্তু ওলাই যাব নোৱাৰে । এনেতে পুলিচ আহি পালে । সিহতে চোতালৰ পৰাই চাই থাকিল , গাঁৱৰ দুজনমানে এজন বয়সীয়াল ব্যক্তিক লোপা থোপি দি পুলিচক গতাই দিছে । পুলিচে মানুহজনক গাড়ীত উঠাই লৈ গ'ল । মানুহ কেইজনে বাপন আৰু দেউতাকৰ নাম ধৰি কিবাকিবি কৈ গ'ল ।
পুলিচে মানুহজনক থানালৈ নি জেৰা কৰিলে । তেওঁ জেৰাত কোৱা কথাখিনি শুনি পুলিচৰো মাত হৰিল । তেওঁ কৈ গ'ল -- " চাৰ , মোৰ ছোৱালী জনীক গাঁৱৰে বাপন নামৰ ল'ৰাজনে পলুৱাই নিছিল , সেয়ে বাপনৰ পৰিয়ালটোক সমাজে এঘৰীয়া কৰিছে । ময়ো প্ৰথমে মোৰ ছোৱালীক মৰি যোৱা বুলি ধৰি লৈছিলোঁ , কিন্তু নিজৰ সন্তান চাৰ , পাহৰিব নোৱাৰো , মাকেও কান্দি আছে, মাকে ছোৱালী জনীৰ চিন্তাত খোৱা লোৱা এৰিছে । ইফালে বাপন হত একেবাৰে দুখীয়া চাৰ , সমাজৰ এঘৰীয়া কাৰণে একো সাহায্য নাপায় বুলি জানো । মাকে তাই লঘোন পৰাৰ দুখতে খোৱা লোৱা এৰিলে, কি কম ছাৰ , খং থাকিলেও তাই মোৰেই সন্তান , সেয়ে ৰাতি কোনেও নেদেখাকৈ সিহতক অলপ খোৱা বস্তু দিবলৈ আহিছিলোঁ । কিন্তু ৰাইজে মোক চোৰ বুলি মাৰধৰ কৰিলে । "
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
বিঃদ্ৰঃ উক্ত গল্প Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য কমলেন্দ্ৰ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ। ( Best story )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment