জোনাক কোঠাৰ পৰা ওলাই আহিল । ক্ৰমান্বয়ে চোতালত মানুহৰ ভিৰ বাঢ়ি আহিল । বগা কাপোৰৰ আঁৰত নিশব্দে শুই আছে হিল্লোল ( Assamese love story )। ইষ্ট কুটুম, শুভাকাংক্ষী, বন্ধু বান্ধৱ তথা নিশাৰ মাক দেউতাকো আহিল । বগা সাজযোৰৰ সৈতে প্ৰভাক কেইজনী মান তিৰোতাই লৈ আহিল । তাই হিল্লোলৰ দুভৰিত হামখুৰি খাই পৰিল । দুচকুৰ পানীৰে উপচি পৰিছে তাইৰ দুগাল । কিছু সময় পিছত তাই মূৰ তুলিলে । উকা, শুভ্ৰ হৈ পৰিল তাইৰ কপালখন । লাহে লাহে গঞা ৰাইজে যো জা চলালে হিল্লোলক শ্মশানলৈ নিয়াৰ বাবে । জোনাকো বগা ধুতি সাজত ওলাই আহি চিঙি ধৰিলে । ঘৰৰ পদুলি শূন্য কৰি হিল্লোলৰ শ টো আগবাঢ়িল শ্মশানলৈ । জোনাকৰ দুচকুৰে বৈ আহিছে ধাৰাষাৰ বাৰিষাৰ বান । সি উচুপি উচুপি আগবাঢ়িছে দেউতাকক কান্ধত লয় -
"মনে যদি টুকে চকুলো নিচুকাই দিবানে অ দেউতা?
সপোনে যদি হেৰাই ঠিকনা বিচাৰি দিবানে অ দেউতা?
শোকত যদি বিষাই বুকু তুমিও কান্দিবানে অ দেউতা?
জীৱন যদি হৈ ভাগৰুৱা জিৰাব দিবানে অ দেউতা?? "
শ্মশান স্থলী । নীতি নিয়ম সম্পন্ন কৰি জ্বলাই দিয়া হল হিল্লোলৰ শৰীৰটো । দাউ দাউকৈ জ্বলিছে চিতাৰ জুই। জোনাকে একেথিৰে চাই আছে । যেন এটি শিলৰ মূৰ্তি । জ্বলি জ্বলি জুইকুৰা লেলিহীন শিখাৰ ৰূপ ললে । জোনাকৰ দুচকুত ধৰা দিছে এখন ছবি । তেতিয়া সি নিচেই সৰু । দেউতাকৰ সৈতে এখন শিশু উদ্যোনত ফুৰিবলৈ গৈছে । সি এখন দুলনিত উঠিছে । দেউতাকে তাক লৰাই দি আছে( Assamese love story ) ।
"তুমি সোণ আমাৰে মৰমৰ
সুখে দুখে প্ৰতিটো জনমৰ...! "
হঠাতে দুলনিখনৰ এডাল ৰচী চিঙি গল । জোনাক চিঙি পৰিব লৈছিল । বাস্তৱত সি চিঞৰি উঠিল
-দেউতা...???
সি মাটিত ঢলি পৰিল । গঞা ৰাইজে তাক দাঙি আনিলে । সি সজ্ঞানহীন হৈ পৰিল আৰু তিনিদিন ধৰি তেনেকৈ থাকিল । তিনিদিন পিছত জ্ঞান ঘূৰাই পালে । দুচকু মেলি সি সন্মুখত নিশাক দেখিলে । তাৰ তিনিদিন আগৰ কথাবোৰ মানস পটত ধৰা দি গল । ক্ষোভৰ জুইকুৰা তাৰ দুচকুত জ্বলি উঠিল । সকলো শেষ হৈ যোৱাৰ পাছতো আৰু কি চাব ৰৈ আছে ইয়াত? আপোনাৰ মনোবাঞ্চা পূৰণ হল যিহেতু আপুনি ইয়াৰ পৰা বিদায় লব পাৰে? জোনাক ওলাই গল । নিশা কান্দোনত ভাগি পৰিল । যিজনী ছোৱালীক আজি এমাহ আগত মাক দেউতাকে এটা টান কথা কোৱা নাছিল, যিজনী ছোৱালীয়ে সৰু সৰু কথাতে খং কৰি ভাত নাখালে মৰমেৰে মূৰত হাত বুলাই দেউতাকে অভিমান ভাঙিছিল সেইজনী ছোৱালী আজি বোৱাৰী হৈ আহি সহ্য কৰিব লগা হৈছে কত ককৰ্থনা । তাতকৈ ডাঙৰ কথাটো হল যাৰ ওচৰত ভৰষা কৰি, যাৰ হাতত হাত থৈদেউতাকে তাইক শপি দিছিল সেই বিশ্বাসী জনৰ ওচৰতে আজি তাই লাঞ্চিতা, অৱহেলিত। যিমান লৈ পাৰে তাই সহ্য কৰি গল কিন্তু এতিয়া আৰু তাইৰ এইখন ঘৰত থকাৰ কোনো পথ নাই । তাই যাবগৈ । এই ঘৰখনৰ পৰা চিৰদিনলৈ..! কিন্তু আজিয়ে নহয় । হিল্লোলৰ শ্ৰাদ্ধৰ কামখিনি শেষ হোৱাৰ পাছত...!
ক্ৰমশ
বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা আস্মা ইয়াছমিনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত ( Assamese love story )।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।পেজৰ লিংক সমূহ তলত উল্নিলেখ কৰা হল।ৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment