মানুহে বোৰে সিহতৰ কাষলৈ আগুৱাইছিল | সকলোকে মাত্র অজনা সিহৰণে আগছি ধৰিছিল | লাহে লাহে মনে অনুভৱ কৰিলে তাৰ ওপৰত সেই পাগল জন |( Assamese love story )
- চাওঁ চাওঁ মোক এৰি দিয়ক | মোক মৰিবলৈ দিয়ক |
তাৰ মাততো শুনাৰ লগে লগে মনৰ অন্তৰআত্মা কপি উঠিল | এই মাতটো চিনাকী চিনাকী লাগিছে | ক'ত বাৰু শুনিছিল সি এই মাততো |
সি মনৰ ওচৰৰ পৰা পলাব লৈছিল | তেনেতে মনে আকৌ তাৰ হাত খনত থাপ মাৰি ধৰি লৈছিল | আৰু তাৰ মুখ খন চাব চেষ্টা কৰিছিল | কিন্তু মনে যিমানে চাব বিচাৰে সি সিমানে মুখ খন লুকুৱাব চেষ্টা কৰিলে |
- মোক যাৱলৈ দিয়ক | মোৰ জীৱনৰ স্বাধীনতাত হস্তক্ষেপ নকৰিব |
ইতিমধ্যে সমবেত ৰাইজ আচৰিত | কাৰন সকলোৱে ভাৱি লৈছিল যে ট্রেইনে দুজন মানুহকে মহতীয়াই থৈ গৈছিল |কিন্তু সকলো আচৰিত দুয়োজন জীয়াই আছে |
মনে মাত্র সেই পাগল জনৰ মুখ খন চাবলৈ চেষ্টা কৰিলে | কিন্তু সি আকৌ যিমান পাৰে সিমান মুখ খন লুকুৱাব হে চেষ্টা কৰিলে | এইবাৰ মনৰ খং উঠিল সি দেহৰ সমস্ত শক্তিৰে তাক তাৰ মুখৰ ফালে ঘৃৰাই দিলে |
লগে লগে আকাশ খন ভাগি তাৰ যেন মনৰ মূৰত পৰিলে | সি কি কব কি কৰিব এতিয়া | তাৰ যে বুকুখন বিষাই উঠিল |
- তই
- অ মই |
- তোৰ এনে ৰূপ ! মুখত দাড়ি,মলিয়ন আধা ফটা চোলা |
- তই আচৰিত হৈছ নহয়,নহবি এয়া মোৰ পাপৰ প্রায়চিত্ত দাদা |
- দাদা ! কিমান যে সমুধুৰ শব্দ এটা | বহুদিন শুনাই নাছিলো অ |
- দাদা
- অ, তইটো এতিয়া ধনী মানুহ পিছে তোৰ এনে দুৰ্দশা কেনেকে হ'ল ?
- মই ধনী নহয় দাদা,মোৰ দৰে দুখীয়া এতিয়া পৃথিৱীতে নাই | মোক টকা পইচাঁই পাগল কৰি পেলাইছিল | মোৰ নিজস্বতাক পাহৰাই পেলাইছিল | মই তোক ,ভন্টিক কাকো চিনি নোপোৱা হৈছিলো |
- আচলতে আমি ভগবানক নিষ্ঠুৰ বুলি কওঁ,কিন্তু ভগবান নিষ্ঠুৰ নহয় | নিষ্ঠুৰ মানৱ জাতি | আজি চা ভগবানে তোক সকলো দিছিলে | টকা পাই তই মাত্র বেয়া কামত ব্যৱহাৰ কৰি গ'লি | কিন্তু তোক ভগবানে আকৌ দ্বিতীয় বাৰ সুযোগ নিদিব |
অংকিতে আঠু কাঢ়ি ককায়েকৰ ভৰিত খামোছি ধৰিলে | আৰু হুকহুকাই কান্দি ক'লে
- দাদা তই মোক ক্ষমা কৰি দিবি | তেনে এটা জঘন্য কামত ধৰা পৰাৰ পাছত মই মানসিক ভাৱে ভাগি পৰিলো | সমাজক মুখ খন দেখুৱাব নোৱাৰা হ'লো |
- এতিয়া কি কৰিম বুলি ভাৱিছ ?
- ভাৱিছো এতিয়া মোৰ একমাত্র ৰাস্তা মৃত্যু |
- এয়া কাপুৰুষালি | তই যদি পাৰ নিজক নতুন কৈ গঢ় দে |
- দাদা , তোৰ কি হ'ল ?
- মোৰ লগত নতুনকৈ হ'বলৈ কি আছে ভাইটী ? সদায় যি হয় আজিও সেইয়াই হৈছে ।
- মানে ?
- যি মোৰ বাবে সদায় ৰৈ থাকে । সকলোকে দিয়া মৰমৰ বিনিময়ত মই পোৱা মৰমৰ সৰ্বশ্ৰেষ্ট উপহাৰ "প্ৰতাৰণা" ।
- দাদা
- তই আৰম্ভ কৰা প্ৰতাৰণাৰ জালখনে মোক লগ নেৰা হ'ল ভাইটী । মোক মেৰিয়াই বান্ধি পেলাইছে । এতিয়া মই সকলোৰে পৰা তাকেই পাওঁ
- কিন্তু দাদা , তই ষ্টেচনত কিয় ?
- জীৱনক নতুন গতি দিবৰ বাবে
- দাদা তইও মোৰ দৰে
- ভুল ভাবিছ ভাইটী । মই তোৰ দৰে কাপুৰুষ নহয় । বিপদ দেখি কেতিয়াও পলাই নাযাওঁ মই , বিপদৰ লগত মুখামুখী হোৱাৰ সাহস মোৰ আছে ।
- তেন্তে
- মই বহু দূৰলে গুছি যাম ভাইটী । ভয় নাখাবি মই আত্মহত্যা নকৰো । মাথোঁ সকলোৰে পৰা আঁতৰি এখন নতুন ঠাইৰ সন্ধানত গুছি যাম মই ।
( Assamese love story )
আশাবোৰ-সপোনবোৰ হেৰুৱাই বাউলী আজি "ময়ূৰী" ।
- ভাৰ্গৱ মোৰ জীৱনৰ দুৰ্ভাগ্য তুমি । কিয় আহিছিলা মোৰ সুখবোৰ কাঢ়ি নিবলে ?
- ময়ূৰী
- নামাতিবা মোক । এতিয়াই মোৰ সন্মুখৰ পৰা আঁতৰি যোৱা
- এবাৰ মাত্ৰ সুযোগ দিয়া ময়ূৰী । মই কিয় তোমাৰ পৰা আঁতৰি থাকিলোঁ , এবাৰ কোৱাৰ সুযোগ দিয়া ।
"ভাৰ্গব" বাংগালোৰত কৰ্মৰত এজন ইঞ্জিনিয়াৰ । শয্যাশায়ী মাকৰ কথা ৰাখিবৰ বাবেই , নিজৰ মত বিৰুদ্ধে গৈ বিয়াত মত দিয়ে সি । লগে -লগেই আৰম্ভ হয় , ছোৱালী চোৱা পৰ্বৰ ।
" ময়ূৰী " প্ৰথম দৃষ্টিতেই যিকোনো ডেকাৰ মনত প্ৰেমৰ বীজ অংকুৰিত কৰিব পৰা ৰূপৰ অধিকাৰী তাই । ময়ূৰীক দেখাৰ লগে-লগেই ভাৰ্গৱৰ মাকৰ মন আনন্দত নাচি উঠিছিল । তেওঁ ইমান দিনে এনে এজনী ছোৱালীৰ সন্ধানতেই আছিল । ময়ূৰীৰ ৰূপৰ জ্যোতিৰে জ্যোতিময় হৈ পৰিব তেওঁৰ ঘৰৰ চৌপাশ ।
এজন উচ্চ শিক্ষিত আৰু সু সংস্থাপিত ল'ৰাৰ হাতত মৰমৰ জীয়ৰক অৰ্পণ কৰিব পাৰিলে , সকলো মাক - দেউতাকেই সুখী হয় । ময়ূৰীৰ মাক - দেউতাকো ইয়াৰ ব্যতিক্ৰম নাছিল । তেওঁলোকে এনে এটা সম্পৰ্ক গঢ়িবলৈ পাই নিজকে ধন্য মানিছিল । ভাৰ্গৱৰ চুটী বৰ বেছি দীঘলীয়া নহয় । সেয়েহে ধুমধামেৰে বিয়াৰ আয়োজন নকৰি , মন্দিৰতেই অনুষ্টুপীয়াকৈ বিয়াখন পতাৰ প্ৰস্তাৱ ৰাখিছিল সি । ময়ূৰীহঁতৰ ঘৰখনেও তাৰ প্ৰস্তাৱত সন্মতি জনাইছিল ।
নকইনাৰ লাজুকী খোজেৰে ময়ূৰীৰ আগমন ঘটিছিল ভাৰ্গৱৰ ঘৰলৈ । সকলোবোৰ নীতি - নিয়মৰ মাজেৰে মৰমৰ বোৱাৰীজনীক আদৰণি জনাইছিল ভাৰ্গৱৰ মাকে । দৰা - কইনাৰ চিৰ আকাংক্ষিত ফুলশয্যাৰ নিশা , ফুলেৰে সজ্জিত সুকোমল বিচনাত , ময়ূৰী ভাৰ্গৱৰ অপেক্ষাত আছিল । আৰু ভাৰ্গৱ ! সি ময়ূৰীৰ কাষলৈ আগুৱাই আহিছিল কিন্তু সি কঢ়িয়াই অনা এটি দুঃসংবাদে ভাঙি থানবান কৰি দিছিল ময়ূৰীৰ হৃদয় ।
- মই কাইলৈ যামগৈ ময়ূৰী ।
- কিন্তু কিয় ?
- মই কাইলৈকে কামত জইন কৰিব লাগিব
- আপোনাৰ চুটী ?
- মোৰ চুটী শেষ ।
- মই দীঘলীয়া চুটী নাই লোৱা । বিয়া কৰালো , মোৰ এতিয়া ইয়াত কি কাম ?
- কিন্তু ইমান কমকৈ চুটী কিয় লৈছিল ?
- শুনা , মোৰ কামতকৈ , মোৰ বিয়া নাইবা তুমি ডাঙৰ নহয় । মনত ৰাখিবা তুমি মাৰহে বোৱাৰী । মাৰ কথা পেলাব নোৱাৰিহে মই এই বিয়াত মত দিলো ।
ফুলশয্যাৰ নিশাটো ময়ূৰীৰ বাবে হৈ পৰিল " অভিশপ্ত নিশা " । কোঠাতোৰ এটা চুকত পৰি ৰ'ল তাই । আৰু ভাৰ্গৱ মনৰ ক্ষোভ প্ৰকাশ কৰিব পাৰি শান্তিৰে আশ্ৰয় ল'লে নিদ্ৰাদেৱীৰ কোলাত ।
পাছদিনাই ভাৰ্গৱ উৰা মাৰিলে সুদূৰ বাংগালোৰলৈ ....... আৰু ক্ষত - বিক্ষত হৃদয়েৰে ময়ূৰী ৰৈ থাকিল উপেক্ষিত হৈ |
ক্ৰমশঃ ৰাগ ৰঞ্জন
বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য ৰাগ ৰঞ্জনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত ( Assames love story )।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment