আমাৰ ঘৰৰ আশেপাশে আলি পদুলি বাৰী পথাৰ হাবি বননী আদিলৈ চকু ফুৰালেই আমি এনে বহুতো গছ বন দেখিবলৈ পাওঁ যিবোৰে আমাৰ শৰীৰৰ বিভিন্ন ৰোগৰ মহৌষধী হব পাৰে । কবলৈ গলে প্ৰায় সকলো গছৰেই কিবা নহয় কিবা ঔষধী গুণ থাকে ।
ভূঁই আমলখি এনে এবিধ বনদৰৱ যাক আমি প্ৰায়ে দেখি থাকো অথচ চিনি নোপোৱাৰ বাবে .ইয়াৰ মুল্য নুবুজো । ওখই একৰ পৰা ডেৰ- দুই ফুট এই বনজাতীয় উদ্ভিদ জোপাৰ পাত বোৰ সাইলাখ আমলখিৰ পাতৰ নিচিনা আৰু পাতৰ ঠাৰিৰ তলভাগত সৰু সৰু আমলখিৰ দৰে গুটি লাগে বাবে ইয়াক ভুঁই আমলখি বা ভূমি আমলখি বোলে । বনস্পতীয় নাম - Phyllanthus niruri বঙালিত-ভূঁই বা ভূমি আমলকি, হিন্দীত- ভূঁই বা ভূমি আমলা , সংস্কৃতত- ভূম্যালকী, ভূধাত্ৰী আৰু বিভিন্ন ভাষাত ভিন ভিন নামেৰে জনাজাত।
ভূঁই আমলখি সাধাৰনতে বগা আৰু ৰঙা দুই জাতৰ দেখা যায় । ৰঙাবিধ কিছু চাপৰ । ঔষধী হিচাবে দুয়োবিধে ব্যৱহাৰ হয় । বাৰিষা এই উদ্ভিদজোপা প্ৰায়বোৰ ঠাইতে জন্মে যদিও খৰালি ছাঁ সেমেকা মাটিতো দেখা যায় ।
✅ ##ব্যৱহাৰ_বিধি :------
ইয়াৰ পঞ্চাংগ অৰ্থাত ডাল , পাত , ফুল বীজ শিপা আদি সকলো অংশই দৰৱ হিচাৱে ব্যৱহাৰ কৰা হয় । খাবলৈ কিছু তিতা ।
কেচা ৰস ১- ২ চামুচ একাপ গৰম পানীত মিহলাই নাইবা ছাঁত শুকোৱা ১চা: শুকান গুড়ি এগিলাচ পানীত উতলাই ৪ভাগৰ ১ ভাগ থকাত ঠান্ডা হলে খাব । ✔যিকোনো আহাৰ খোৱাৰ আধা ঘন্টা পিচত দিনে ১-২বাৰ খাব । সৰু লৰা ছোৱালীৰ বাবে বয়সৰ অনুকুলে মাত্ৰা কমাব । (আয়ু:ফাৰ্মাচিত ভুঁই আমলা চুৰ্ণ কিনিব পাৰে )
✅✅#গুণাগুণ
১। আমি সদায়ে খাই অহা আহাৰ বা পানী সেৱন প্ৰক্ৰিয়াৰ বিজুতি, অনিয়ম, লোভত, অভোকত বা অনিচ্ছাত খোৱা বা বজাৰত উপলব্ধ বিভিন্ন খাদ্য সামগ্ৰীৰ ভেজালিকৰনৰ দোষতেই হওঁক আমাৰ যকৃত বা লিভাৰ সকলো সময়তে সুস্থ আৰু নিৰোগী হৈ নাথাকে । দেহৰ অপৰিহাৰ্য প্ৰধান অঙ্গ যকৃত বা লিভাৰৰ দোষতেই শৰীৰত সৰু বৰ অসংখ্য ৰোগত ভুগীব লগা হয় ।
লিভাৰৰ সকলো প্ৰকাৰ ৰোগ - লিভাৰ দুৰ্বল , অকামিলা হোৱা, লিভাৰ ফুলা বা বাঢ়ি যোৱা, পানী বা চৰ্বি জমা হোৱা , ফেটি লিভাৰ আদি নানা প্ৰকাৰ ৰোগৰ বাবে ভুঁই আমলখি ফলপ্ৰসু বনদৰৱ । ওপৰত দিয়া ব্যৱহাৰ বিধিৰ লগতে পুনৰ্নৱা ৰস বা চুৰ্ণ এচামুচ মিহলাই বা বেলেগে বেলেগে খালে অধিক সুফল পাব ।
🏓অভিজ্ঞ আয়ুৰ্ব্বিদ সকলৰ মতে
☑বছৰত এক মাহ নিয়মিত সথিক মাত্ৰানুসৰি দৈনিক এপালিকৈ সেৱন কৰিলে গোটেই বছৰটোৰ বাবে লিভাৰ সুস্থ আৰু ৰোগমুক্ত হয় ।
অন্যান্য নানাবিধ ৰোগতো ভুঁই আমলখি যথেস্থ উপকাৰী । যেনে---
২। #জন্ডিচ:---- জন্ডিচ ৰোগত ভূঁই আমলখি অতি হিতকাৰী বনদৰৱ । হেপাটাইটিচ বি আৰু চি ৰোগৰ বাবেও উপকাৰী কেচা ৰস ১-২চামুচ দৈৰ ঘোল মিহলাই দিনে দুবাৰ খাব । শুকান গুৰি হলে চাৰি ভাগৰ ১ভাগ থকালৈ পানীত উতলাই ক্কাথ কৰি খুৱাব পাৰে ।
বি: দ্ৰ : অইন দৰৱৰ লগত একেলগে বা ওচৰাওচৰিকৈ ভূঁই আমলখি নাখাব । ৰোগৰ জটিল পৰ্যায়ত চিকিত্সকক জনাই খুৱাব ।
৩। ভুঁই আমলখিয়ে দেহত জমা হোৱা অদৰকাৰি পদাৰ্থ বাহিৰ কৰায় । কৌষ্ঠকাঠিন্য দুৰ কৰে ।
৩। দেহৰ ৰক্ত শুদ্ধি তথা ৰক্তবিকাৰজনীত ৰোগ উপসম হয় ।
৪। প্ৰস্ৰাৱজনিত যিকোনো ৰোগৰ বাবে উপকাৰী।
যৌনাংগৰ সংক্ৰমন ,গনোৰীয়া আদি ৰোগৰ বাবে অতি হিতকাৰী ।
৫। বৃক্ক (কিডনী )বা পিত্ত থলী( গ'লব্লাডাৰ)-ত হোৱা পাথৰ ,সংক্ৰমন নাইবা অন্যান্ন সমস্যাৰ বাবে উপকাৰী ।
৬। হাপানি , এজমা , কাহ পুৰনী জ্বৰ আদি ৰোগত তুলসী আৰু মৌৰ লগত খালে উপসম হয়।
৭। ভূঁই আমলখিত এন্টি ভাইৰেল, এন্টি বেক্টেৰিয়েল , এন্টি ইনফ্লেমেটৰি গুণ আছে বাবে ইয়াৰ পৰা হব পৰা সকলো ৰোগ নিৰ্মুল কৰে ।
৮। মধুমেহ বা ডায়েবেটিচ ৰোগীয়ে মাত্ৰানুসাৰে জালুক মিহলাই ভূঁই আমলখি ৰস খালে চুগাৰ নিয়ন্ত্ৰন হয় । (চিকিত্সকক জনাই খাব ) লগতে ঘা বা ক্ষতস্থানত ডাল/পাতৰ ৰস লগালে সোনকালে শুকায় ।
৯। উচ্চ ৰক্তচ্চাপ নিয়ন্ত্ৰন কৰে ।
১০। মহিলাৰ ঋতুকালীন বিষ বেদনা আদিৰ বাবে চাউলধোৱা পানীৰে ভূঁই আমলখি খালে উপসম হয় । একেদৰে বগা স্ৰাৱ যোৱা ৰোগীয়েও খাব পাৰে ।
১১। ভূঁই আমলখিয়ে পেটৰ বিষ বা পাচন ক্ৰিয়াজনীত ৰোগ আৰোগ্য কৰে ।
১২। খজুৱতি বা ছালৰ নানাবিধ ৰোগত ইয়াৰ ডাল পাত আৰু নিমপাত থেতেলাই প্ৰলেপ দিলে উপসম হয়।
১৩। মুখ ,জিহ্বা বা ওঠত ছাল উঠা ৰোগ হলে পাত চোবাই কিছুসময় মুখত ৰাখিলে সোনকালে আৰোগ্য হয় ।
মুঠতে শৰীৰৰ বিভিন্ন ৰোগ উপসম তথা প্ৰতিৰোধ কৰাৰ বাবে ভূঁই অমলখি অত্যন্ত লাগতিয়াল বনদৰৱ ।
🚫 #ক্ষতিগুণ 🚫
প্ৰকৃতিৰ সকলো ভাল বস্তুত কিছু ক্ষতিগুণো নথকা নহয় ।
১। মাত্ৰাধিক কেতিয়াও নাখাব।
২। খালিপেটত নোখোৱাই ভাল। সেয়ে কিবা আহাৰ খোৱাৰ আধাঘন্টা পিচত খাব ।
🙍 ৩। #মহিলাৰ_গৰ্ভকালীন_অৱস্থাত_
নাইবা #ৰক্তস্ৰাৱ_ৰোগত ভুগা মহিলাই নাখাব ।
৪। যিকোনো অপাৰেচন কৰাৰ আগত বা পিচত নাইবা কোনো জটিল ৰোগত ভোগা ৰোগীয়ে আৰোগ্য নোহোৱালৈ নাখাব ।
৫। জানি থব যে বনদৰৱ জাতীয় যিকোনো দৰৱ আন দৰৱৰ লগত নাখাব বা সময়ৰ ব্যৱধান ৰাখিহে খাব।
আজিকালি আমি অলাগতিয়াল বুলি ভৱা এনে অসংখ্য বনদৰৱজাতীয় গছ বননিৰ পৰা বিদেশে বিভিন্ন দৰৱ প্ৰস্তূত কৰিছে : যিবোৰ আমি অধিক দামত কিনি আহিছো ।
সেয়ে বন্ধুসকল হাততে পোৱা সহজলভ্য এনে মহোপকাৰী বনদৰৱ সমুহ অবাৱত কাটি নেপেলাই সযতনে সংৰক্ষন আৰু ব্যৱহাৰ কৰি চাবচোন ! আপোনাৰ লগতে পৰিয়াল তথা আন বহুতৰে হিতসাধন হব ।
আপোনাৰ স্বাস্থ্য সুৰক্ষাৰ্থে
শ্ৰী যতীন দাস / মালয়বাৰী
কামৰূপ -ম/অসম -চেপ্তে:২০১৯চন
No comments:
Post a Comment