চিত্তবৃত্তিঃ---চিত্তৰ গুণ, ধৰ্ম, বুদ্ধি, জ্ঞান, ক্ষমা, সত্য, দয়া, সুখ, দুখ, ভয়, হিংসা, অহিংসা, ৰাগদ্বেষ---প্ৰাণীসকলৰ ভিনভিন চিত্তৰ ভাৱৰ প্ৰৱৰ্ত্তক--চলাওঁতা একমাত্ৰ নাৰয়ণ ৷
তুমি চিত্ত বৃত্তি মোৰ প্ৰৱৰ্ত্তক নাৰায়ণ
তুমি নাথ মই নাথৱন্ত ৷
চৰণ ছত্ৰৰ ছায়া দিয়া দুৰ কৰা মায়া,
কৰা দয়া মোক ভগৱন্ত ৷৷
হে নাৰায়ণ তুমি মোৰ চিত্তৰ প্ৰবৃত্তিৰ সৃষ্টিকৰ্ত্তা আৰু পৰিচালনা কৰোতা ৷ সকলো ইন্দ্ৰিয় বৰ্গৰ প্ৰবৃত্তিৰ পৰিচালক তুমি নাৰায়ণ ৷ কাৰণ মন আৰু ইন্দ্ৰিয়বোৰ সকলো জড় ৷ মাত্ৰ তুমিয়ে চৈতন্য পৰমাত্মাৰূপে সকলো ইন্দ্ৰিয়ক সচেতন কৰি চলাই আছা ৷ সেয়ে তুমি নাথ মই নাথৱন্ত---অৰ্থাৎ তুমি মোৰ স্বামী মই তোমাৰ ভৃত্য ৷ মোৰ নিজ স্বতন্ত্ৰ শক্তি নাই ৷ মই পৰাধীন ৷ তুমি একমাত্ৰ স্বতন্ত্ৰ ৷ জগতক তুমিয়ে চলাই আছা ৷
গতিকে মই তোমাৰ চৰণত শৰণ লৈছো ৷ তোমাৰ চৰণ চত্ৰৰ ছায়া দি কৃপা কৰি মায়া দুৰ কৰা ৷ ভগৱানৰে সৃজনী শক্তি মায়া ৷ এই দুৰ্জন মায়াত সকলো জীৱ বদ্ধ ৷ তেওঁৰ কৃপাতে জীৱই মায়াৰ পৰা উদ্ধাৰ হব পাৰে ৷ জীৱৰ নিজ শক্তিৰ দ্বাৰা মায়াৰ পৰা উদ্ধাৰ হব নোৱাৰে ৷ কৃষ্ণ…
No comments:
Post a Comment