আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, January 5, 2024

আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today

        Horoscope Today


🌞 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:🌞 

 ১৯ পুহ, শুক্ৰবাৰ  ইং ৫ জানুৱাৰী ২০২৪ । 


 ১. *মেষ ৰাশি* (অ,ল) : -  মেষ 

ৰাশিৰ জাতক -জাতিকা সকলৰ  আজিৰ দিনটোত সামাজিক কৰ্মত সন্মান বাঢ়িব যদিও আজি আপুনি সজাগ নহ'লে কৰ্মত সামান্য কষ্টৰ সন্মুখীন হৱ পাৰে, লগতে আজি আপোনাৰ মনৰ উৎসাহ সামান্য হ্ৰাস  হোৱাৰ যোগ দেখা যায়।


২. *বৃষ ৰাশি* (উ,ব) :- বৃষ ৰাশিৰ জাতিক জাতিকা আজিৰ দিনটোত দেহ- মনত সামান্য এলাহ ভাৱ বৃদ্ধি পাৱ, কৰ্মত আজি আপোনাক ভাগ্যই লগ নিদিবও পাৰে লগতে আজি আপোনাৰ কৰ্মত সামান্য পৰিশ্ৰম বৃদ্ধি  হোৱাৰ যোগ দেখা যায়।


৩. *মিথুন ৰাশি*(ক,ছ):-  মিথুন ৰাশিৰ জাতিক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সকলো দিশতে জয় লাভ কৰিব, প্ৰেমত আনন্দ বাঢ়িব, যদিও আজি আপোনাৰ দেহ মনত সামান্য ক্লান্তিৰ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


৪. *কৰ্কট ৰাশি*(ড,হ) : - কৰ্কত ৰাশিৰ  জাতক - জাতিকাসকলৰ  সকলৰ আজিৰ দিনটোত ধন আগমন বাঢ়িব , ছাত্ৰ- ছাত্ৰী সকলৰ শুভ হ'ব যদিও আজি আপুনি সজাগ নহ'লে মনত ভয় আৰু উদ্বেগ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়। 


৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত আনন্দ মনে দিনটো পাৰ হ'ব, কৰ্মত কৃতকাৰ্যতা লাভ কৰিব, লগতে আজি আপোনাৰ ঘৰুৱা কৰ্মত সফলতা লাভ হোৱাৰ যোগ দেখা যায়।


৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত আৰ্থিক দিশটো টনকিয়াল হ'ব , সন্মান লাভ কৰিব, নতুন কৰ্মত গোপনে যোগাযোগ কৰিবলৈ সক্ষম হোৱাৰ যোগ দেখা যায়।( Horoscope Today )


( Horoscope Today )

Horoscope Today


৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকা সকলৰ  আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব, আমোদ- প্ৰমোদৰ মাজেৰে দিনটো পাৰ হ'ব, যদিও আজি আপুনি বিপৰীত লিংগৰ পৰা সাৱধান হোৱাটো ভাল হ'ব।


৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত পদ মৰ্যদা লাভ কৰিব, শুভ কৰ্মলৈ নিমন্ত্ৰীত হ'ব পাৰে, যদিও আজি আপুনি সজাগ নহ'লে সৰু-সুৰা কথাই আপোনাৰ মনত সামান্য চিন্তা বৃদ্ধি কৰিব পাৰে।


৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সামান্য জটিলতাৰ সন্মুখীন হব পাৰে, সামান্য চকুৰ ৰোগ হ'ব পাৰে , যদিও আজি আপুনি প্ৰিয় ব্যক্তিৰ সান্নিধ্য লাভ কৰিব।


১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক - জাতিকা সকলৰ আজিৰ দিনটোত কৰবাত পাৱলগীয়া ধন ঘুৰাই পাৱ পাৰে, প্ৰতিভাৰ বিকাশ সুযোগ-সুবিধা লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য মনত অশান্তিৰ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকা সকলৰ আজি দিনটোত সামাজিক কৰ্মত সন্মান বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সামান্য জটিলতা আহিব পাৰে শৰীৰত ৰোগ বৃদ্ধি হ'ব পাৰে, লগতে আজি আপুনি সজাগ নহ'লে সামান্য ক্ষতি হোৱাৰ যোগ দেখা যায়।


১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত  সামাজিক কৰ্মত ব্যস্ততা বাঢ়িব, ধন- সন্মান বাঢ়িব, লগতে আজি আপুনি চিনাকি ব্যক্তিৰ পৰা মনত সুখ শান্তি লাভ কৰাৰ যোগ দেখা যায়। ( Horoscope Today )


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি  ফল আগবঢ়ালো।


         -: *জ্যোতিষী* :-


 *জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা* 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                " মা কামাখ্যা গেট " (নাৰ্চাৰী)

 গুৱাহাটী - ৯

ফোন:- 9101096481

            9577136205  ( Horoscope Today )

No comments:

Post a Comment

Advertisement

Pages