🌞 শ্ৰীশ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞
১৫ আহাৰ , শনিবাৰ ইং ১ জুলাই ২০২৩ ।( Horoscope Today )
*সূৰ্য্যোদয়* ঘ:- ৪/৩৮/২৯ , *সূৰ্য্যাস্ত* ঘ:- ৬/১৫/১০
*ৰাশি:-* বৃশ্চিক ৰাশি।
*তিথি :-* শুক্লা ত্ৰযোদশী , ৰা:ঘ: ৮/৮৭/৪৯ লৈ।
*নক্ষত্ৰ :-* অনুৰাধা , দি:ঘ:- ১২/৫৮/১০ লৈ।
*শুভ সংখ্যা:-* ৮/৬
*শুভ ৰং:-* নীলা/ বেঙুনীয়া।
*আদ্যঋতু হলে :-* প্ৰতিহীনা যোগ।
*মৰণত দোষ*:- এপদ।
*যাত্ৰা:-* দক্ষিণ দিশত নাই, ৰা: ঘ:- ৮/৩৭/৪৯ যোৱাত পশ্চিম দিশত নাই।
*যোগিনী* :- দক্ষিণ দিশত, ৰা: ঘ:- ৮/৩৭/৪৯ যোৱাত পশ্চিম দিশত ।
*ভক্ষাভক্ষ্য* :- বেঙেনা খোৱা নিষেধ। ৰা: ঘ:- ৮/৩৭/৪৯ যোৱাত মাটিমাহ,মাছ মাংস খোৱা নিষেধ।
১. *মেষ ৰাশি* (অ,ল) : - মেষ
ৰাশিৰ জাতক -জাতিকা সকলৰ আজিৰ দিনটোত ব্যৱসায়িক দিশত শুভ বুলি কব পাৰি, নতুন নতুন ব্যৱসায়ত আত্মনিয়োগ কৰিবলৈ সুযোগ লাভ কৰিব, ব্যস্ততাৰ মাজেৰে দিনটো পাৰ হোৱাৰ যোগ দেখা যায়।
২. *বৃষ ৰাশি* :- বৃষ ৰাশিৰ জাতিক জাতিকা সকলৰ আজিৰ দিনটোত সাহসেৰে কৰ্মবোৰ সমাপ্ত কৰিবলৈ সক্ষম হব, ছাত্ৰ ছাত্ৰী সকলে বিদ্যা আহৰণৰ বাবে ভাল পৰিবেশ লাভ কৰিব, যদিও আজি আপোনাৰ কৰ্মক্ষেত্ৰত গুৰুত্ব হ্ৰাস পাবলৈ নিদিব।
৩. *মিথুন ৰাশি* :- মিথুন ৰাশিৰ জাতিক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ হ'ব, কৰ্মত ন্যায় লাভ কৰিব, লগতে আজি দিনটোত ছাত্ৰ ছাত্ৰী সকলৰ বাবে শুভ বুলি গণ্য কৰিব পাৰি।
৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশিৰ জাতক - জাতিকাসকলৰ সকলৰ আজিৰ দিনটোত পিতৃ মাতৃৰ পৰা মৰম চেনেহ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সৰু-সুৰা বাধা আহিব পাৰে লগতে আজি আপুনি সজাগ নহ'লে সামান্য দেহ মনত এলাহ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত মনত সুখ শান্তি বাঢ়িব, ভ্ৰমণৰ সুযোগ লাভ কৰিব যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সৰু-সুৰা জতিলটাৰ মাজেৰে কৰ্মবোৰ সমাপ্ত হোৱাৰ যোগ দেখা যায়।
৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত দুৰ ভ্ৰমণৰ সুযোগ লাভ কৰিব, কৰ্মবোৰ ঘৰৰ বাহিৰত হ'ব পাৰে আজি, সাহিত্য সকলে সাহিত্য সেৱাত মনোনিবেশ কৰিবলৈ সুযোগ লাভ কৰিব, যদিও আজি আপুনি কৰ্মত অধিক ফলাফল আশা নকৰাই ভাল হব।( Horoscope Today )
৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব, কৰ্মত সৌভাগ্য উদয় হ'ব যদিও আজি আপুনি মনৰ পৰা খংঙ আৰু অভিমান ভাৱ পৰিত্যাগ কৰিবলৈ চেষ্টা কৰিব নহ'লে আজি আপোনাৰ ক্ষতি হব পাৰে।
৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত মনৰ চিন্তা ধাৰা উন্নত হ'ব, মান সন্মান বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য সঞ্চিত ধন ক্ষয় হোৱাৰ যোগ দেখা যায়।
৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত থকা পুৰণি সমস্যাৰ সমাধান হ'ব , ভ্ৰমণৰ সুযোগ লাভ কৰিব, লগতে আজি ৰাজনীতিল লগত জড়িত ব্যক্তি সকলে ৰাজনৈতিক সা-সুবিধা লাভ হোৱাৰ যোগ দেখা যায়।
১০. *মকৰ ৰাশি* (খ,জ): - মকৰ ৰাশি জাতক - জাতিকা সকলৰ আজিৰ দিনটোত শিক্ষক সকলৰ শুভ হ'ব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য মনোমালিন্য হ'ব পাৰে লগতে আজি আপোনাৰ মনত সামান্য ভয় উদ্বিগ্ন তাৰ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজি দিনটোত কাৰোবাৰ পৰা উপহাৰ লাভ কৰিব পাৰে, নতুন নতুন কাপোৰ লাভ কৰিব পাৰে, লগতে আজি আপুনি ভাল খৱৰ লাভ কৰিব পাৰে যদিও আজি আপোনাৰ ক্ষতি হব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।
১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত বেচি কিনাত শুভ বুলি কব পাৰি, ব্যৱসায়িক ভাৱে সফলতা লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে আপোনাৰ মনটো সামান্য চঞ্চল হোৱাৰ যোগ দেখা যায়।
( *বি:দ্ৰ:-* আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা " বৈদিক জ্যোতিষশাস্ত্ৰ " সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত " *বিজ্ঞান সন্মত কোষ্ঠী* " আৰু পুৰণি " *পকোৱা কোষ্ঠী"* প্ৰস্তুত কৰা হয়)।
"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। "
আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: *জ্যোতিষী* :-
*জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা*
-: নৱগ্ৰহ জ্যোতিষালয় :- " মা কামাখ্যা গেট " (নাৰ্চাৰী)
গুৱাহাটী - ৯
ফোন:- 9101096481
9577136205 we
( Horoscope Today )
No comments:
Post a Comment