সাপ্তাহিক ৰাশিফল জানো আহক : Assamese Horoscope - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, July 2, 2023

সাপ্তাহিক ৰাশিফল জানো আহক : Assamese Horoscope

Assamese Horoscope


 সাপ্তাহিক ৰাশিফল ০৩ জুলাইৰ পৰা ০৯ জুলাই, ২০২৩ লৈ : মেষ ৰাশিৰ পৰা মীন ৰাশিলৈকে এই সপ্তাহটো কেনেকুৱা হব জানো আহক। ( Assamese Horoscope )


মেষ ৰাশিৰ সাপ্তাহিক ৰাশিফল :

এই সপ্তাহটো আপোনাৰ উত্থান-পতনেৰে ভৰি পৰিব । স্বাস্থ্যৰ লগত জড়িত কিছুমান সমস্যাই চৰ্চালৈ আহিব পাৰে । স্বাস্থ্যৰ অৱনতি, অত্যাধিক কামৰ বাবে শৰীৰিক ক্লান্তি । পত্নীৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে । প্ৰয়োজন হ'লে চিকিৎসকৰ পৰামৰ্শ লোৱাটো ভাল হ'ব ।  ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত অলপ উঠা নমা পৰিস্থিতিৰ সৃষ্টি হ'ব। অৰ্থনৈতিক অৱস্থা দুৰ্বল হ'ব পাৰে । অযথা কামত পইচা খৰচ হব পাৰে । ব্যৱসায়ত পাৰ্টনাৰজনৰ লগত মনোমালিন্য ঘটিব পাৰে । কামত সালসলনি নকৰাই ভাল । শত্ৰুৰ পৰা সাৱধানে থাকিব । চাকৰি কৰা সকলে বিষয়াসকলৰ পৰা কিছু সমস্যা পাব পাৰে । আদালতত বিৰোধী পক্ষ শক্তিশালী হব । পৰিয়ালত সম্পত্তিৰ বিবাদৰ পৰিস্থিতি হব পাৰে । এইবোৰ বিষয়ত পৰিয়ালত বাহি অহা মতানৈক্যৰ বাবে মন অস্থিৰ হৈ থাকিব। যদি আপুনি দীঘলীয়া যাত্ৰাত যায় তেতিয়া বাহন আদি চলোৱাৰ ক্ষেত্ৰত সাৱধান হওক। 


বৃষ ৰাশিৰ সাপ্তাহিক ৰাশিফল

এই সপ্তাহটো আপোনাৰ বাবে সমস্যাৰে ভৰি পৰিব ।  কৰ্মক্ষেত্ৰত বুজা বৃদ্ধি হব যাৰ বাবে স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব । সাধাৰণ জ্বৰ আৰু পেটৰ বিষত আপুনি অসুবিধা পাব পাৰে । পৰিয়ালৰ পিতৃ মাতৃৰ স্বাস্থ্যৰ হঠাৎ অৱনতি ঘটিব পাৰে । যদি আপুনি দীঘলীয়া যাত্ৰাৰ কথা ভাবিছে তেন্তে অলপ সাৱধান হওক । গাড়ী আদি চলোৱাৰ ক্ষেত্ৰত বিশেষ সাৱধান হওক , নহ'লে দুৰ্ঘটনা হ'ব পাৰে । এই সপ্তাহত ব্যৱসায়ত পৰিস্থিতি স্বাভাৱিক হ'ব , কিন্তু আপুনি কোনো ডাঙৰ কাম কৰিব নোৱাৰিব । যদি আপুনি কৰ্মক্ষেত্ৰত পৰিবৰ্তন কৰিব বিচাৰে তেতিয়া এই সপ্তাহ আপোনাৰ বাবে উপযোগী নহয় । ব্যৱসায় ক্ষেত্ৰত কোনোধৰণৰ ডাঙৰ বিনিয়োগ নকৰিব। অচিনাকি ব্যক্তিক বৃহৎ পৰিমাণৰ ধন পাৰে নিদিব , নহ'লে লোকচান বহন কৰিবলগীয়া হ'ব পাৰে। চাকৰিয়াল সকলৰ এই সপ্তাহত বিষয়াৰ লগত মতভেদ হ'ব পাৰে । পৰিয়ালত সম্পত্তিৰ বিবাদৰ পৰিস্থিতি হব পাৰে। এই সপ্তাহত আপুনি আপোনাৰ ঘনিষ্ঠ কোনোবা এজনক চিৰদিনৰ বাবে হেৰুৱাব পাৰে । বাক্যৰ ওপৰত সংযম ৰাখক , বিতৰ্কৰ পৰা আতৰি থাকক । 

মিথুন ৰাশিৰ সাপ্তাহিক ৰাশিফল

এই‌ সপ্তাহটো আপোনাৰ বাবে ভাল হব । শাৰীৰিকভাৱে আপুনি নিজকে সুস্থ অনুভৱ কৰিব। আপোনাৰ স্বাস্থ্য ভালে থাকিব । পত্নীৰ লগত চলি থকা মতানৈক্যৰ সমাধান হব । কিছু বিশেষ কামৰ বাবে আপুনি দীঘলীয়া যাত্ৰাত যাব পাৰে । এজন বিশেষ ব্যক্তিক লগ পালে আপোনাৰ ৰৈ থকা কাম এই সপ্তাহত সম্পুৰ্ণ হব । ব্যৱসায়ত আপুনি লাভৱান হব । এই সময়খিনি শ্বেয়াৰ মাৰ্কেটত কাম কৰা লোকসকলৰ বাবে ভাল হ'ব । ব্যৱসায়ত নতুনকৈ আয়ৰ যোগফলৰ সৃষ্টি হ'ব । অৰ্থনৈতিক পৰিস্থিতি শক্তিশালী হ'ব আৰু এই সপ্তাহত আপুনি নতুনকৈ ব্যৱসায় আৰম্ভ কৰিব পাৰিব । চাকৰি শ্ৰেণীৰ মানুহে পদোন্নতি পাব পাৰে । ক'ৰ্ট চাইডত জয়লাভ কৰিব । পৰিয়ালত শুভ কামৰ যোগফল থাকিব। পৰিয়ালত চলি থকা বিবাদ এই সপ্তাহতে শেষ হ'ব  মাংগলিক অনুষ্ঠান অনুষ্ঠিত হ'ব পাৰে। তাৰ বাবে মনটো সুখেৰে ভৰি পৰিব । বাহন ইত্যাদি ক্ৰয়ৰ বাবে এই সপ্তাহটো অতি উত্তম। 

কৰ্কট ৰাশিৰ সাপ্তাহিক ৰাশিফল

এই সপ্তাহটো‌ আপোনাৰ বাবে সফলতাৰে ভৰা হব । আপোনাৰ যিকোনো পুৰণি স্থবিৰ কাম সম্পূৰ্ণ হব।  স্বাস্থ্যৰ ক্ষেত্ৰত ভাল হব । ইতিমধ্যে থকা অসুস্থতাৰ পৰা আপুনি সকাহ পাব। পত্নীৰ স্বাস্থ্যৰ ক্ষেত্ৰত সৰু সৰু সমস্যা হব পাৰে । এই সপ্তাহটো উত্তেজনাৰে ভৰি পৰিব । কোনো বিশেষ ব্যক্তিৰ সংস্পৰ্শলৈ আহি আপুনি আপোনাৰ কৰ্মক্ষেত্ৰত ডাঙৰ চাকৰি এটা পাব পাৰে । অৰ্থনৈতিক অৱস্থা মজবুত হব, চাকৰি শ্ৰেণীৰ মানুহে তেওঁলোকৰ বিষয়াৰ পৰা প্ৰশংসা পাব । আপোনাৰ কৰ্মক্ষেত্ৰৰ পৰিসৰ বৃদ্ধি কৰিব পাৰিব ।পৰিয়ালৰ লগত ধৰ্মীয় ভ্ৰমণলৈ যাব পাৰে ।   ঘৰত নতুন আলহী আহিব পাৰে । এই সপ্তাহত আপুনি নতুন বাহন কিনিব পাৰিব। 


সিংহ ৰাশিৰ সাপ্তাহিক ৰাশিফল

এই সপ্তাহত আপুনি মানসিকভাবে বিকাৰগ্ৰস্ত হৈ থাকিব পাৰে । অৰ্থহীন বিবাদত আবদ্ধ হব পাৰে । শত্ৰুৰ পৰা সাৱধান । শৰীৰ বৰ এটা ভাল হৈ নাথাকিব । বেমাৰে আমনি কৰিব পাৰে। পৰিয়ালত কোনোবা ঘনিষ্ঠজনৰ মৃত্যুৰ ফলত আপোনাৰ মন অশান্তি হৈ থাকিব পাৰে । ব্যৱসায়ত লোকচান হোৱাৰ সম্ভাৱনা আছে। বিৰোধীয়ে আপোনাৰ কৰ্মক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিব। কৰ্মক্ষেত্ৰত কোনো ডাঙৰ ৰিস্ক নলব । চাকৰিয়াল সকলৰ সহকৰ্মীৰ লগত বিবাদ হ'ব পাৰে । গতিকে কথা কওতে সাৱধানে ক'ব। পৰিয়ালত পাৰস্পৰিক সংঘাতৰ সৃষ্টি হব । দীঘলীয়া মাত্ৰাৰ পৰা বিৰত থাকক । যান বাহন সাৱধানে ব্যৱহাৰ  কৰক । 

কন্যা ৰাশিৰ সাপ্তাহিক ৰাশিফল

এই সপ্তাহটো কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হ'ব। আশা কৰা ফল লাভ কৰিব নোৱাৰিব । আপোনাৰ স্বাস্থ্য ভালে থাকিব কিন্তু পৰিয়ালৰ কোনো ব্যক্তিৰ স্বাস্থ্যৰ অৱনতি ঘটিব। ব্যৱসায়ত সহকৰ্মীয়ে বাধা দিব পাৰে , সেইবাবে মনৰ সকলো কথা প্ৰকাশ নকৰিব। অৰ্থনৈতিক পৰিস্থিতিত উত্থান পতনৰ হ'ব । চাকৰিয়াল সকলে মন্তব্যত সংযম ৰাখক , নহ'লে বিষয়াৰ লগত মতানৈক্যৰ সৃষ্টি হ'ব পাৰে। পৰিয়ালত শুভ কাম কৰাৰ সম্ভাৱনা থাকিব। আপোনাৰ বিশেষ কোনোবাৰ আচৰণত আপুনি দোষ পাব পাৰে। সম্পত্তিৰ বিবাদ। হেৰুৱা ধন পাব পাৰে । বাহন আদি চলোৱাৰ ক্ষেত্ৰত সাৱধান হওক ।  ( Assamese Horoscope )

তুলা ৰাশিৰ সাপ্তাহিক ৰাশিফল

এই সপ্তাহটো আপোনাৰ বাবে ভাল হ'ব। স্বাস্থ্য ভালে থাকিব। কৰ্মক্ষেত্ৰত আপুনি ভাবি থকা কাম সফল হ'ব । ব্যৱসায় বাণিজ্যত লাভালাভ হ'ব । যিকোনো নতুন কাম আৰম্ভ কৰিব পাৰে । এই সপ্তাহত সম্পত্তিত বাঘৰ বিনিয়োগ কৰিব পাৰিব । ব্যৱসায়ত নতুনকৈ সম্পৰ্ক গঢ়ি উঠিব যিয়ে আপোনাক লাভালাভ প্ৰদান কৰিব। আয়ৰ নতুন উৎস সৃষ্টি । চাকৰিয়াল সকলৰ বাবে শুভ। যিকোনো ঠাইত ট্ৰেন্সফাৰ পাব পাৰে । প্ৰমোচনো পাব পাৰে । আদালতত জয় লাভ । পৰিয়ালৰ মতানৈক্যৰ সমাধান‌ হ'ব। নিজৰ ঘৰ কিনিব পাৰিব । ভ্ৰমণৰ যোগ । 
বৃশ্চিক ৰাশিৰ সাপ্তাহিক ৰাশিফল
 
 পৰিয়ালৰ লগত ধৰ্মীয় ভ্ৰমণলৈ যাব পাৰে । এই সপ্তাহটো আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ভাল হ'ব। যিকোনো পুৰণি ৰোগৰ পৰা পৰিত্ৰাণ পাব। পৰিয়ালৰ মতানৈক্যৰ অন্ত পৰিব । পৰিয়ালত এজন বিশেষ ব্যক্তিৰ আগমনৰ লগে লগে সকলো বিবাদৰ অন্ত পৰিব । পৰিয়ালত আনন্দ পৰিৱেশৰ সৃষ্টি হ'ব। পৰিয়ালত নতুন অতিথি আহিব। ব্যৱসায়ত লাভালাভ । এই সপ্তাহত সপোন পূৰ হ'ব । নিজাববীয়াকৈ কোনো কাম আৰম্ভ কৰিব পাৰে । অৰ্থনৈতিক অৱস্থা সুস্থিৰ। চাকৰিত পদোন্নতি হোৱাৰ সম্ভাৱনা । নতুন ঘৰ বা বাহন আদি কিনাৰ বাবে উত্তম । শহুৰেকৰ সম্পত্তি পাব পাৰে । মান বাহন চলাওতে সাৱধান । 
....

ধনু ৰাশিৰ সাপ্তাহিক ৰাশিফল

এই সপ্তাহটোৰ আপোনাৰ বাবে অনুকূল নহয় । স্বাস্থ্যৰ প্ৰতি চিন্তিত হৈ থাকিব । পত্নীৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। পৰিয়ালত মানসিক উত্তেজনাৰ সৃষ্টি। অশুভ ঘটনাৰ বাবে পৰিয়ালত দুখৰ পৰিৱেশৰ সৃষ্টি। নিজকে হেঁচা পৰা অনুভৱ কৰিব । ব্যৱসায়ত পৰিস্থিতি বিপৰীতমুখী দেখা যাব । আৰ্থিক সংকটৰ সন্মুখীন হ'ব পাৰে। ব্যৱসায়ত ডাঙৰ সিদ্ধান্ত নলব অন্যথা বিপদত পৰিব । অচিনাকী ব্যক্তিক ধন ধাৰে নিদিব। পৰিয়ালৰ কোনো ব্যক্তিৰ আচৰণত মন দুখী হৈ থাকিব। পত্নীৰ লগত মতানৈক্য বাঢ়িব পাৰে । বাহন চলোৱাৰ ক্ষেত্ৰত সাৱধান হওক । দীঘলীয়া যাত্ৰাত স্বাস্থ্যৰ ৰত্ন লওক । বিতৰ্কৰ পৰা আতৰি থাকক ।

মকৰ ৰাশিৰ সাপ্তাহিক ৰাশিফল

এই সপ্তাহটো আপোনাৰ বাবে অনুকূল হ'ব । যি কামৰ বাবে আপুনি বহুদিনৰ পৰা চেষ্টা কৰি আহিছে , সেই কাম সম্পূৰ্ণ হ'ব । স্বাস্থ্যৰ ক্ষেত্ৰত কিছু সকাহ অনুভৱ কৰিব । সম্পূৰ্ণৰূপে সুস্থ হবলৈ কিছু সময় লাগিব । ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত সাৱধান হওক, অন্যথা ডাঙৰ লোকচানৰ সন্মুখীন হ'ব। আৰ্থিক সংকটৰ সন্মুখীন হ'ব পাৰে। চাকৰিয়ালসকলে সমস্যাত পৰিব পাৰে । কোনো ষড়যন্ত্ৰ বা ভুৱা অভিযোগৰ বলি হ'ব পাৰে। পৰিয়ালত কোনো বিশেষ ব্যক্তিৰ হস্তক্ষেপৰ বাবে আপুনি অত্যন্ত বিচলিত অনুভৱ কৰিব। পৰিয়ালত মতানৈক্যৰ সৃষ্টি হ'ব পাৰে। বাহন চলোৱাৰ সাৱধান ।  তৰ্ক বিতৰ্কৰ পৰা আতৰি থাকক। 

কুম্ভ ৰাশিৰ সাপ্তাহিক ৰাশিফল
  এই সপ্তাহটো আপোনাৰ বাবে অনুকূল হ'ব। বিশেষ কাম এটা সম্পূৰ্ণ হ'ব পাৰে। পৰিয়ালৰ সহযোগিতা। পৰিয়ালৰ সৈতে ভ্ৰমণৰ যোগ। নতুন কৰ্মক্ষেত্ৰৰ সম্ভাৱনা।কোনো বিশেষ ব্যক্তিৰ পৰা আৰ্থিক সহায় লাভ কৰিব ।  আপোনাৰ সংগীৰ সম্পূৰ্ণ সমৰ্থন লাভ কৰিব । ডাঙৰ কাম এটা আৰম্ভ কৰিব পাৰিব। চাকৰি কৰা সকলে বিশেষ সুবিধা লাভ কৰিব । পৰিয়ালত সন্মান বাঢ়িব আৰু মতানৈক্যও দূৰ হ'ব । আপোনাৰ এটা ডাঙৰ সিদ্ধান্তই ভৱিষ্যতে আপোনাৰ উপকাৰী হব । নতুন ঘৰ বাহন কিনিব পাৰে । দীঘলীয়া যাত্ৰাত সাৱধান । 

মীন ৰাশিৰ সাপ্তাহিক ৰাশিফল

এই সপ্তাহটো আপোনাৰ বাবে অনুকূল হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত ভাল। পাৰিবাৰিক সুখ শান্তি । আধ্যাত্মিক শক্তিৰে ভৰপূৰ অনুভৱ কৰিব । ঈশ্বৰৰ প্ৰতি বিশ্বাস বৃদ্ধি। সকলোৱে সহায় সহযোগ কৰিব । ব্যৱসায় বাণিজ্যত বিশেষ সুবিধা লাভ। নিজাকৈ নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰিব । যত আপুনি সকলোৰে সহায় সহযোগিতা লাভ কৰিব । চাকৰিয়ালসকলে পদোন্নতি লাভ কৰিব। ভাল খবৰ পাব পাৰে । সম্পত্তিত ডাঙৰ বিনিয়োগ কৰিব । যান বাহন কিনাৰ বাবে উপযুক্ত সময়। 

 ( Assamese Horoscope )


No comments:

Post a Comment

Advertisement

Pages