ককালৰ বিষ নিৰাময়ৰ বাবে সহজ ঘৰুৱা চিকিৎসা : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, June 27, 2023

ককালৰ বিষ নিৰাময়ৰ বাবে সহজ ঘৰুৱা চিকিৎসা : Assamese Health Tips

Assamese Health Tips


সচৰাচৰ  বয়স্ককালত  বাত  নাইবা অন্যান্য ৰোগৰ  প্ৰভাৱত বা দেহত  উপযুক্ত  কেলচিয়াম ভিটামিন  ডি , চি,  ফচফৰাচ  আদিৰ অভাৱত   হাড় মাংসপেশী  আদিৰ দুৰ্বলতাৰ  বাবে  ককাল , ৰাজহাড়  আদি  যিকোনো   অংগত   হোৱা বিষ  হল  --- স্বাভাৱিক ৰোগৰ উপসৰ্গ ।( Assamese Health Tips ) 


 অন্যহাতে     মহিলাৰ  অনিয়মীয়া ঋতুস্ৰাৱ   বা  প্ৰসৱ জনীত   কাৰনত (বিশেষকৈ  চাৰ্জিকেল ডেলিভাৰীৰ পিচত ) ,        প্ৰস্ৰাৱৰ বিকাৰ , দীৰ্ঘদিন  কৌষ্ঠ কাঠিন্যতাত   ভুগা   ,  যথোচিত  পৰিশ্ৰম নকৰা  বা অত্যধিক শ্ৰম কৰা ,গধুৰ বস্তু  উঠোৱা  ,   ওখ গেৰোহাৰ  চেন্দেল পিন্ধা ,  কোনো   ৰোগ  বা দৰৱৰ পাৰ্শক্ৰিয়াত বা কোনো দুৰ্ঘটনা জনীত কাৰনতো  হব পাৰে  ।

     এনে নানাবিধ  কাৰনৰ উপৰি     আধুনিক  জীৱনশৈলীৰ পৰিৱৰ্তন  - বিশেষকৈ  ডিজিটেল  যুগত   টিভি , মোবাইল, যান বাহন চলোৱা ,বিৰামবিহীনভাৱে  কম্পিউটাৰত  বহা   আদি   যিকোনো বয়সৰ লোকৰে এই ৰোগৰ প্ৰভাৱ বেচিকৈ পৰা দেখা যায় । 

   #ৰোগৰ_লক্ষণ:-  ৰাজহাড় , পিঠি আৰু ককাল  অংশত বিষ হয় ।  গা ভাল নাথাকে । উঠা বহাত কষ্ট হয়  । বিষত জ্বৰ  হব পাৰে   ।  উপযুক্ত  চিকিত্সা  নল'লে  বা    সঘনাই  বিষৰ দৰৱ খাই  থাকিলে    ৰোগৰ পৰিস্থিতি জটিল  হব পাৰে । 

      প্ৰাথমিক  পৰ্যায়ত  বহুতো ৰোগ    প্ৰাকৃতিকভাৱে  নাইবা ঘৰুৱা  যতনেৰেও আৰোগ্য  হব পাৰি । তাকে নকৰি  ৰোগ দেখা দিয়াৰ লগে লগে  লক্ষন নুবুজি নিজে নিজে দৰৱ কিনি খোৱা   অতি হানিকাৰক ।

বিশেষকৈ  বিষনাশক দৰৱৰ পাৰ্শক্ৰিয়াই  দেহত  বিভিন্ন ৰোগৰ  বাহক হব পাৰে । 

সেয়ে  বিষ  নিৰাময়ৰ  কিছু  প্ৰাথমিক  উপায়  তলত বৰ্নোৱা হ'ল -------

        # ঘৰুৱা_চিকিত্সা :-  

🌀 #মালিচ:----- ককাল , পিঠি  বা গাৰ বিষৰ  প্ৰাথমিক চিকিত্সা  হিচাবে  মালিচ কৰাতো  অতি ভাল উপায়  ।    মালিচৰ ফলত   ৰক্ত সঞ্চালন   সুচাৰু ৰূপে  হয়   আৰু  বিষ বেদনাৰ উপসম হয় ।

    ১)  ২৫ মি:লি  সৰিয়হ তেলত  ৮/১০ কোহ  নহৰু  সৰুকৈ কাটি  দি  ৰঙা হোৱাকৈ   ভাজিব  আৰু ঠান্ডা হলে   বটলত ভৰাব ।   এই তেলেৰে দিনে ১-২ বাৰ মালিচ কৰিলে  ককাল,পিঠি বা  যিকোনো স্থানত হোৱা বিষৰ উপসম হয় ।।

    একেদৰে   মেথিগুটি   ভজা তেলেৰে   বা   মেথি  আৰু নহৰু ভজা  তেলেৰে   মালিচ কৰিলে  যথেস্থ আৰাম পায় ।  

    ২।  লং  আৰু     নহৰু  মিহিকৈ  থেতেলাই    সৰিয়হ তেলত   ভাজি  সেই তেলেৰে মালিচ কৰিব পাৰে ।

    ৩।  আদা এডোখৰ   ,  পচতিয়া পাত ৮-১০টা   আৰু নহৰু   ৪-৫ ফুটা   মিহিকৈ    খুন্দি  এড়ি তেল 

  ( অভাৱত অন্য তেল )  মিহলাই     অলপ   তপতাই   মালিচ কৰিব ।

    ৪ । বচ   এডোখৰ  তেলত  ভাজি মালিচ কৰিব  ।

    ৫ ।  জাইফল  ১টা   তিয়াই  থৈ    থেতেলাই   তিল তেল  মিহলি কৰি   মালিচ কৰিব পাৰে ।

    ৬। মাটি  মাহ    নাইবা   আলু    থেতেলাই লেপ দিলেও বিষ কমে ।

    ৭। বিষ হোৱা ঠাইত  নহৰুৰ  ৰস  লগালেও   বিষ উপসম হয় ।

        নাইবা আয়ুৰ্ব্বেদিক ফাৰ্মাচিত উপলব্ধ  বিষনাশক তেলেৰেও মালিচ কৰিব পাৰে । 

 #খোৱা_বনদৰৱ-----

 ১।  ৰাতিপুৱা  খালিপেটত  দুইকোহ  নহৰু  থেতেলাই  আধাকাপ পানীৰ লগত  খালে  বিভিন্ন ৰোগৰ লগতে  বিষ নিৰাময় হয় । 

 ২।   তুলসী সৰ্বৰোগ নাশক ।  ৮-১০টা তুলসী  পাত সিজাই  চাহৰ দৰে খালে বিষৰ লগতে নানাবিধ ৰোগ   উপসম হয় ।

 ৩ ।  আদাৰ বিষনাশক গুণ আছে ।  সেয়ে নিয়মিত  আদা   কিছুপৰ সিজাই  চাহ  বনাই খাব পাৰে ।

 ৪।   প্ৰস্ৰাৱৰ দোষত   বিষ হ'লে মালিচৰ লগতে   পাতেগজা( দুপৰটেঙা)ৰ ৮-১০খন পাতৰ ৰস দিনে দুবাৰ খাব ।

 ৫।  কৌষ্ট কাঠিন্য  বা  ত্ৰিদোষ  জনীত  ( বাত,পিত্ত ,কফ)   বিষত        মালিচৰ লগতে    নিয়মিত  ১ চামুচকৈ '#ত্ৰিফলা_চুৰ্ন  ৰাতি শোৱাৰ আগতে   নাইবা তিয়াই থৈ ৰাতিপুৱা  এগিলাচ  গৰম পানীৰে  খাব ।   বয়সীয়াল  লোকে পাৰিলে  সদায় খাব ।  ( Assamese Health Tips ) 


 ৬)  এগিলাচ গাখীৰত  ১চামুচ  হালধি  মিহলাই  খালে   বিষ  কমে ।

🌀   #গৰম_সেক_দিয়া :--  

গৰম পানীত   আন্দাজমতে নিমখ  দি     কপাহী কাপোৰ তিয়াই  সেক  দিলে  ,গৰম পানী  ঢালিলে নাইবা     বালি   বা   নিমখৰ    টোপোলা   তাৱা  বা কেৰাহীত  গৰম কৰি সেক দিলে  বিষ কমে  ।  

💧#সুপথ্য----  ভেদাইলতা , মানিমুনি , অমিতা , শেৱালি ফুল  , আমলখি  , মৌজোল    আদিৰ লগতে  কেলচিয়াম,  ফচফৰাচ  ,ভিটামিন  চি ,  ভিটামিন ডি  যুক্ত আহাৰ  খাব  ।

       ,  চিগাৰেট , ধপাত  আদি নিচাদ্ৰব্য   এৰাই  চলিব ।

       #___যৌগিক__চিকিৎসা___

       ওপৰোক্ত  চিকিত্সা  সমুহতকৈ   আটাইতকৈ

   স্থায়ী , আৰু নিৰ্ভৰযোগ্য   বিনামুলীয়া চিকিত্সা  হল   ---#যোগচৰ্চা     । 

    যোগচৰ্চাৰ বাবে   তলত    ককাল বা পিঠিৰ বিষৰ  উপযোগী    কিছু   যৌগিক   আসন  , প্ৰাণায়ামৰ নাম আঙুলিয়াই দিলো ।  (ওচৰৰ কোনো অভিজ্ঞ ব্যক্তি  বা  যোগ পুস্তিকাৰ জৰিয়তে  শিকি লব )

    আসন---১।  #তাড়াসন    ২।  #মকৰাসন

      ৩।# মৰ্কতটাসন  ৪।# ভুজঙ্গসন  ৫।#শলভাসন             .     ৬।   #অৰ্ধ_ধনুৰাসন  ৭।#_নৌকাসন 

       ৮।#উষ্ট্ৰাসন ৯।#ত্ৰিকোনাসন

    ১০। #কটি_চক্ৰাসন  ১১। #কন্ধৰাসন

    ১২। #পৱন_মুক্তাসন    ১৩।#অৰ্ধ_হলাসন  আদি 

     

#প্ৰাণায়াম --ভস্ত্ৰিকা,  কপালভাতি    ,বাহ্য-প্ৰাণায়াম ,  অনুলোম বিলোম ,ভ্ৰামৰী   আদি

        নিয়মিত অ্ভ্যাস  কৰিলে    সোনকালে আৰোগ্য হব ।    

    🚫    #সতৰ্কতা -  

    ✔-  ১।  কোনো  অভিজ্ঞ ব্যক্তিৰ  পৰামৰ্শ  নোলোৱাকৈ একেদিনেই সকলো  আসন  নকৰিব । 

    ✔ ২। আসন  প্ৰাণায়াম  সমুহ নিয়ম মতে   লাহে লাহে    কৰিব ।

   ✔৩।  অধিক বিষ থাকিলে  সহজ  আসন কৰিব ।

   ✔৪।  অধিক সময় ক'তো বহি নাথাকিব । মাজে মাজে   থিয় হৈ বা খোজ কাঢ়ি  জিৰনি লব ।

  ✔  ৫।  গধুৰ   বস্তু   উঠোৱা নমোৱা  নকৰিব  

  📛  ৬।  পৰাপখক্ষত আগফাল কমকে  হালিব ।

💋    ৭।  মহিলাৰ  গৰ্ভৱতী বা  ঋতুকালীন অৱস্থাত,   অস্ট্ৰোপচাৰ  কৰা বা অন্য জটিল  ৰোগত ভুগা  ব্যক্তিয়ে    যোগাসন  নকৰিব ।

  ✔   ৮।    ওখ   গেৰোহা থকা বা হাই  হীল   চেন্দেল     পৰিত্যাগ কৰিব ।

    🏓 ৮।  বিষনাশক  দৰব  সঘণাই নাখাব ।

    🎈চিকিৎসকৰ পৰামৰ্শ  নোলোৱাকৈ  দৰৱ নাখাব 

  (  এনে  প্ৰাথমিক  উপায়েৰে ৰোগ  আৰোগ্য নহলে বা  বিষ  অধিক  যন্ত্ৰণাদায়ক  হ'লে   চিকিত্সকৰ পৰামৰ্শ লব )

             আপোনাসৱৰ সুস্বাস্থ্য কামনাৰে     

                শ্ৰী যতীন দাস     মালয়বাৰী

                    কামৰূপ -ম (অসম)


 ( Assamese Health Tips ) 

1 comment:

  1. ইলাজ বহোত কঠিন হায়

    ReplyDelete

Advertisement

Pages