ৰাতি টোপনিৰ আগত পাঠ কৰক-এই দুটি মন্ত্ৰ : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, April 9, 2023

ৰাতি টোপনিৰ আগত পাঠ কৰক-এই দুটি মন্ত্ৰ : Religious Studies

 

Religious Studies

*যদিহে আপুনি প্ৰতিদিনে-ৰাতিৰ টোপনিৰ আগত-ভগৱান শ্ৰী কৃষ্ণৰ এই দুটি মন্ত্ৰ জপ কৰিব পাৰে-তেনেহলে আপোনাৰ জীৱনৰ দুখ-কষ্ট,লাহে-লাহে প্ৰতিদিনে,দূৰ হৈ যাব।( Religious Studies )


যদিহে-কোনোৱে নিজৰ জীৱনত অত্যাধিক আনন্দ বিচাৰে-যদি জীৱনৰ দুখ-কষ্ট দূৰ কৰি অপাৰ সৌভাগ্যৰ অধিকাৰী হব বিচাৰে-তেন্তে-তেওঁৰ বাবে-এই দুটি কৃষ্ণ মন্ত্ৰই মষৌধ হিচাপে কাম কৰিব।এই কৃষ্ণ মন্ত্ৰ দুটি-ইমানেই শক্তিশালী যে-এই মন্ত্ৰ দুটি পাঠ কৰিলে-জীৱনৰ ৰং সলনি হৈ পৰে।লগতে-এই কথা জানি থোৱা উচিত যে-ভগৱান শ্ৰী কৃষ্ণৰ মনৰ পৰা মাতিলে-তেওঁ কেতিয়াও কাকো নিৰাশ নকৰে।


*ভগৱান বিষ্ণুৰ অষ্টম অৱতাৰ হৈছে-শ্ৰী কৃষ্ণ।আৰু তেখেত এই ধৰালৈ আহিছিল-কংসৰ অত্যাচাৰৰ পৰা মানৱ জাতিক ৰক্ষা কৰাৰ উদ্দেশ্যে।আৰু তেওঁ হৈছে-মানৱ জাতিৰ মুক্তিৰ পথ প্ৰদৰ্শক।( Religious Studies )


*কিন্তু ভগৱান শ্ৰী কৃষ্ণৰ মুক্তি বাণী সমূহ মানুহে অৱজ্ঞা কৰাৰ বাবে-মানুহৰ মুক্তি কোনোদিনে হোৱা নাই।মানুহৰ ইচ্ছা আৰু লোভ কোনোদিনে কম হোৱা নাই।আৰু যেতিয়াই সেই ইচ্ছা আকাংশা পূৰণ নহয়-তেতিয়া মানুহ নিৰাশাত ভোগে।দিনবোৰ যেন-দুখ কষ্টৰ হৈ পৰে।আৰু এই দুখ কষ্টৰ যন্ত্ৰণাৰ পৰা মুক্তি পাবলৈ-অৱশ্যেই-নিশা শোৱাৰ আগতে-প্ৰথমে ভগৱান শ্ৰী কৃষ্ণৰ নাম জপ কৰাটো-দৰকাৰী আৰু সেয়া অত্যন্ত শুভ।আৰু তাৰ পাছত তলত উল্লেখ কৰা প্ৰণাম মন্ত্ৰ-দুটি সঠিক কৰি উচ্চাৰণ কৰি জপ কৰিলে-জীৱনত যিসমূহ-বেয়া অশুভ আৰু অমংগল আছে,সেই সকলোবোৰ জীৱনৰ পৰা দূৰ হব।


"হে কৃষ্ণ কৰুণা সিন্ধু

দিনবন্ধু জগত পতে।

গোপেশ গোপিকান্ত-ৰাধাকান্ত নমোস্তুতে।


*এই মন্ত্ৰৰ অসমীয়া সাৰাংশা হৈছে-হে কৃষ্ণ তুমি কৰুণাৰ সাগৰ,তুমি দিনবন্ধু।

তুমি এই জগতৰ পতি।

তুমি গোপীকাৰ ঈশ্বৰ আৰু ৰাধা ৰাণীৰ প্ৰেম সম্পদ।তোমাৰ শ্ৰী চৰণত সেৱা জনাইছো।( Religious Studies )


*কৃষ্ণায়ে বাসুদেৱায়ে হৰয়ে পৰমাত্মনে।

প্ৰণত-ক্লেশনাশায় গোবিন্দায় নমোঃ নমাহঃ।


(সংগ্ৰহিত)।

No comments:

Post a Comment

Advertisement

Pages