আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, April 22, 2023

আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today

 Horoscope Today

 

 ৮ ব'হাগ, শনিবাৰ ইং ২২ এপ্ৰিল,২০২৩।   ( Horoscope Today )


১. *মেষ ৰাশি* (অ,ল) : -  মেষ 

ৰাশিৰ জাতক -জাতিকা সকলৰ  আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব, ঘৰলৈ আত্মীয় পৰিয়ালৰ আগমন হ'ব পাৰে, যদিও আজি আপুনি সজাগ নহ'লে সৰু-সুৰা কথাই আপোনাৰ মনটো বিষণ্ণ কৰি তুলিব পাৰে। 


২. *বৃষ ৰাশি* :- বৃষ ৰাশিৰ জাতিক জাতিকা সকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব, হাতলৈ ধন ধান আহিব, যদিও আজি আপুনি কৰ্মক্ষেত্ৰত সকলো দিশতে সজাগ আৰু সচেতন হৈ চলাটো ভাল হ'ব।


৩. *মিথুন ৰাশি* :-  মিথুন ৰাশিৰ জাতিক জাতিকা সকলৰ আজিৰ দিনটোত ৰোগ আৰোগ্য হব, স্বাস্থ্যৰ উন্নতি হ'ব, ব্যৱসায়িক দিশত সফলতা লাভ কৰিব, লগতে আজি শিল্পী সকলৰ সুনাম  বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশিৰ  জাতক - জাতিকাসকলৰ  সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত কৃতকাৰ্যতা লাভ কৰিব, ছাত্ৰ ছাত্ৰী সকলৰ শুভ হ'ব, যদিও আজি আপুনি যান বাহনৰ পৰা সাৱধান হোৱাটো ভাল হ'ব।


৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত কৰ্মক্ষেত্ৰত যশস্যা বাঢ়িব, ব্যৱসায়িক দিশত অধিক সফলতা লাভ কৰিব, যদিও আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হ'ব।


৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সামান্য বিৰোধিতাৰ সন্মুখীন হব পাৰে, শৰীৰৰ সামান্য ৰোগ বাঢ়িব পাৰে লগতে আজি ছোৱালী সকলে সজাগ নহ'লে মনত সামান্য কষ্ট পোৱাৰ যোগ দেখা যায়।   ( Horoscope Today )


৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত প্ৰিয় ব্যক্তিৰ সান্নিধ্য লাভ কৰিব, যদিও আজি আপুনি কৰ্মক্ষেত্ৰত সময় বোৰ সঠিক ভাৱে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব , লগতে আজি আপুনি স্বাস্থ্যৰ প্ৰতি  সাৱধান হোৱাটো ভাল হ'ব।


৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত আগ্ৰহ বাঢ়িব, মনত সাহস বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে পাপ্যৰ পৰা বঞ্চিত হোৱাৰ যোগ দেখা যায়।     


৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত  ভাতৃ ভগ্নীৰ মনত সুখ শান্তি বাঢ়িব, ভ্ৰমণৰ সুযোগ লাভ কৰিব, লগতে আজি আপোনাৰ আয় উপাৰ্জন বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক - জাতিকা সকলৰ আজিৰ দিনটোত মনৰ আশা পূৰণ হ'ব, ভাবি থকা কৰ্মবোৰ সফলতাৰে সম্পন্ন কৰিবলৈ সক্ষম হব, লগতে আজি আপোনাৰ প্ৰেমত শুভ হোৱাৰ যোগ দেখা যায়।


১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজি দিনটোত পাৰিবাৰিক সুখ শান্তি বাঢ়িব, ঘৰলৈ আত্মীয় পৰিয়ালৰ আগমন হ'ব পাৰে, লগতে আজি আপোনাৰ ভাল বস্ত্ৰ লাভ হোৱাৰ যোগ দেখা যায়।  


১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত খেতিয়ক সকলৰ মনত আনন্দ বাঢ়িব, যদিও আজি আপুনি ভ্ৰমণৰ ক্ষেত্ৰত সজাগ হ'ব , লগতে আজি আপুনি শত্ৰুৰ পৰা সাৱধান হোৱাটো ভাল হ'ব।


( *বি:দ্ৰ:-*  আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা " বৈদিক জ্যোতিষশাস্ত্ৰ " সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত " *বিজ্ঞান সন্মত কোষ্ঠী* " আৰু পুৰণি " *পকোৱা কোষ্ঠী"* প্ৰস্তুত কৰা হয়)।


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি  ফল আগবঢ়ালো।   ( Horoscope Today )


         -: *জ্যোতিষী* :-


 *জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা* 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                " মা কামাখ্যা গেট " (নাৰ্চাৰী)

 গুৱাহাটী - ৯

ফোন:- 9101096481

            9577136205

No comments:

Post a Comment

Advertisement

Pages