এটা জীৰ্ণ সৰু পঁজাৰ সন্মুখত তাই ৰ'ল। তাইৰ দৰেই ময়ো বেৰৰ জলঙাৰে ভিতৰলৈ জুমি চালোঁ। ( Assamese Storyboard )
এটা অস্ফূট গেঙনি শুনাৰ বাহিৰে পোহৰৰ সঁচ নথকা কোঠাটোত মোৰ একো দৃষ্টিগোচৰ নহ'ল। বুজি উঠিলোঁ এই সময়ত কোঠাৰ ভিতৰলৈ যোৱা নিষিদ্ধ। তাই মোক হাতত ধৰি তাৰ পৰা আঁতৰাই আনিলে-
:তুমি বেয়া নাপাবা, তোমাক তেওঁৰ লগত আজি সাক্ষাৎ কৰাই দিব নোৱাৰিলোঁ। তুমি নাজানা, মই আজি তোমাক এগৰাকী…!
'বেশ্যা', মই তাইৰ মুখৰ পৰা শব্দটো কাঢ়ি আনিলোঁ। কপালৰ ৰেখাবোৰ থূপ পাতিলে, নাকটো কোঁচ খাই গ'ল।
মোৰ পৰা এই অপ্ৰত্যাশিত শব্দটো তাই আশা কৰা নাছিল-
:তুমি নাজানা, তাইৰ কথা। কিন্তু মই ভালকৈ জানো, তাই নিজক ভাঙি ভাঙি আনক গঢ়িছে। এখন ঘৰ সাজিছে য'ত তাইৰ বাহিৰে সকলো সুখী। আচৰিত কথা কি জানানে? তাইৰ কেঁচা তেজেৰে গঢ়া সেই ঘৰখনত, তাই এদিনো থাকিবলৈ নাপাই বা নাযায়। এই যে আনৰ সুখৰ বাবে নিজক শেষ কৰি কথাটো তুমি সৰু কথা বুলি নাভাবিবা। তুমি কেতিয়াও অনুভৱ কৰিব নোৱাৰা, আন্ধাৰৰ মাজতো মই দেখিছোঁ, তাইৰ বুকুৰ পৰা টোপাটোপে তেজ সৰিছে। জলক্ জপককৈ তাইৰ দেহৰ মঙহৰ টুকুৰাবোৰ খহি পৰিছে।
টিঙনা ওলোৱা হাড়কেইডাল পোনাই লৈছে। পুনৰ এটা ৰাতিৰ বাবে নিজক গঢ়ি তুলিছে। কিয় জানা- তাইলৈ কোনোবাই আশাৰে কৰুণভাৱে চাই আছে। আৰু তাই! তাই কাকো দুখীকৈ দেখিব নোৱাৰে। যি মানুহে মানুহক ভাল পাব জানে তেওঁ নিজক লৈ কেতিয়াও এটা সীমা নিৰ্দ্ধাৰণ কৰি নলয়। তেওঁৰ বাবে তেওঁ ভালপোৱা মানুহখিনিয়েই শ্ৰেষ্ঠ সম্পদ। তেওঁলোকৰ সুখত তেওঁ সুখী, দুখত দুখী। আজি যাক তুমি 'বেশ্যা' আখ্যা দিছা, তেওঁৰ এই জীৱনটোৰ বাবে তোমালোকৰ নিচিনা মানুহেই কিবা নহয় কিবা প্ৰকাৰে জগৰীয়া। তুমিয়েই কোৱাচোন, তুমি আজিলৈকে কেইজনক সুখী কৰিব পাৰিছা? কেইজনক আশা দিব পাৰিছা? ( Assamese Storyboard )
মোৰ পৰা তাই কোনো উত্তৰ আশা কৰা নাছিল। আচলতে কিবা এটা ক'ব পৰাকৈ মই যোগ্য হৈ থকা নাছিলোঁ। মোৰ চকুলৈ এপলক নোচোৱাকৈয়ে তাই আঁতৰি গৈছিল। 'মানুহ' হ'ব নোৱাৰাৰ দুখত মই অস্থিৰ-নিঃসংগ।
মোৰ মূৰত থাউকতে আকাশখন ভাগি পৰিল। অকণমান আগলৈকে যাৰ অস্ফূট গেঙনিত নাক কোঁচাইছিলোঁ, যাৰ কথা শুনোতে পাপৰ অংশ গাত মেৰিয়াই লোৱাৰ দৰে লাগিছিল- তেওঁক এতিয়া পূজা কৰিবলৈ মন গৈছিল। মই সিদ্ধান্ত লৈছিলোঁ, অন্ততঃ তেওঁক এবাৰ মানুহৰ দৰে লগ কৰিম।
সেইদিনা আৰু টোপনি নাহিল। কাণত ভাঁহি থাকিল, জীৱনৰ এটা ধূসৰ অস্ফূট গেঙনি। হে ঈশ্বৰ, তুমি মোক ক্ষমা কৰি দিবা!
Nishanta Bordoloi Newৰ সৈতে……
নাকফুলা পিন্ধা ছোৱালীজনীঃ
নাকফুলা পিন্ধিলে মই দেখি ভাল পাওঁ। সপ্তম শ্ৰেণীত পঢ়ি থাকোঁতে, আমাৰ ক্লাছলৈ নাকফুলা পিন্ধা ছোৱালী এজনী নতুনকৈ আহিছিল। লগৰ ল'ৰা এটাক ক'লো- 'ঐ ছোৱালীজনীক ধুনীয়া লাগে ন'!' কথাটো তাক ক'বলৈহে পালোঁ সি ভালৰি বুজাই ছোৱালীজনীক কৈ দিলেগৈ যে মই হেনো তাইক ভাল পাওঁ!
দুদিনমানৰ পিছত ছোৱালীজনীয়ে মোক অকলে পাই গৰজি উঠিল- 'তোক চেণ্ডেলে চৰিয়াই কাণ ফালি দিম!' ময়ো পিছপৰি নাথাকিলোঁ- 'তই মাৰিলে মই কি চাই থাকিম, একে ঘোঁচাই নাকৰ বাৰান্দা উফৰাই দিম!'
বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়ৰ এটা দীঘলীয়া পৰিক্ৰমাৰ পাছতো তাই আৰু মোৰ মাতবোল নহ'ল। আজি আকস্মিকভাৱে তাইক দেখা পালোঁ। কোঁচত মৰমলগা ছোৱালী এজনী। নমতা-নমতি খেলখনৰ অন্ত পেলাওঁ বুলিয়েই মই তাইৰ কাষ চাপি গ'লো, নাকত নাকফুলাটো নাই! নাকফুলাটো অবিহনে তাইক কিবা খালি খালি লাগিছিল। কোনো ধৰণৰ প্ৰশ্নৰ অৱতাৰনা নকৰাকৈ তাইক সুধিলোঁ- 'আজিকালি নাকফুলা নিপিন্ধ নেকি?'
এতিয়া তাই নাকফুলা নিপিন্ধে। হয়তো কাহানিও নিপিন্ধিব। ছোৱালীজনী কোঁচত লৈ তাই গ'লগৈ! মোৰ বুকুত বহু পৰলৈকে অগাডেৱা কৰি থাকিল, নাকফুলা পিন্ধা অকণমানি ছোৱালী এজনীৰ সোণালী কন্ঠ- 'তোক চেণ্ডেলে চৰিয়াই…!'
Nishanta Bordoloi Newৰ সৈতে……
....অনুভৱ
বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Storyboard )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment