আজিকালি কিছুমান মানুহৰ মাজত এক বেলেগ মানসিকতা দেখিবলৈ পোৱা যায়। কিছুমান মানুহে আজিকালি নিজৰ কুকৰ্মক সৰু আৰু ডাঙৰ পাপত ভাগ কৰি লৈছে।(Assamese Storyboard )
এনেকুৱা মানুহৰ বাবে সৰু সুৰা মিছা কথা কোৱা,পইচাৰ ঘুচ খোৱা আৰু নিজৰ লাভৰ কাৰণে সত্যক লোকোৱাই ৰখাটো পাপ নহয়।
এওঁলোকে অকল হত্যা বা বেলেগ ডাঙৰ অপৰাধকহে পাপ বুলি ভাবে। কিন্তু তেওঁলোকে এইটো পাহৰি যায় যে পাপ সৰু হওঁক বা ডাঙৰ সৃষ্টি কৰ্তাই সকলোৰে বাবে দণ্ড বাচি থৈছে।
আপোনালোকৰ মনত যদি প্ৰশ্ন উঠে যে ভগৱানে সৰু সুৰা পাপ ক্ষমা কৰেনে? তেতিয়া আজি আমি আপোনালোকক এই বিষয়ে এটা কাহিনী জৰিয়তে কম।
এবাৰ শ্ৰীকৃষ্ণয়ে সখীয়েক অৰ্জুনৰ লগত নগৰ ভ্ৰমণ কৰিবলৈ গ'ল। বহুত দেৰি ভ্ৰমণ কৰা পাছত তেওঁলোকে এজোপা গছৰ তলত বহিলে। তেতিয়াই চুৰ চুৰ বুলি চিঞৰা শুনিলে।
পাছফালে ঘূৰি চাই অৰ্জুনে দেখিলে এজন মানুহ তেওঁলোকৰ ফালে দৌৰি আহি আছে। অৰ্জুনৰ বুজিবলৈ দেৰি নালাগিল যে সেইটোৱে চুৰ। অৰ্জুনে আগবাঢ়ি গৈ সেই মানুহজনক ধৰি ল'লে আৰু ক'লে-ইমান সুস্থ পুস্থ হোৱাৰ পাছতো চুৰ কৰিবলৈ তোমাৰ লাজ নালাগিল।
তেনেকুৱাতে গাঁৱৰ মানুহো সেইখিনি ঠাইলৈ আহি পালে আৰু চুৰটোক আমাক গটাই দিয়ক বুলি ক'বলৈ ধৰিলে। তেতিয়া শ্ৰীকৃষ্ণয়ে আৰু অৰ্জুনে নিজৰ পৰিচয় দিলে আৰু শ্ৰীকৃষ্ণয়ে সুধিলে আপোনালোকে ইয়াক চুৰ বুলি কিয় কৈছে। তেতিয়া গাঁৱৰ মানুহবোৰে ক'লে হেই প্ৰভু ই আমাৰ বাগিচাৰ পৰা ফল চুৰ কৰিছে । সেই কাৰণে আপুনি ইয়াক আমাক গটাই দিয়ক আমি ইয়াক শাস্তি দিম।
শ্ৰীকৃষ্ণয়ে সত্য জানিবলৈ সেই মানুহজনক সুধিলে তুমি সঁচাকৈয়ে চুৰ কৰিছাঁ নে আৰু যদি কৰিছা কিয় কৰিছা। তেতিয়া চুৰটোৱে ক'বলৈ ধৰিলে হেই প্ৰভু মোৰ বহুত জোৰে ভুগ লাগিছিল। সেই কাৰণে মই এই পাপ কৰিলোঁ। তেতিয়া ভগৱান কৃষ্ণয়ে ক'লে- ই নিজৰ ভুল স্বীকাৰ কৰি লৈছে। সেই কাৰণে শাস্তি হিচাপে ই ১মাহ আপোনালোকৰ বাগিচাতে কাম কৰিব।
চুৰটোৱে ১মাহ শুনি ক'লে-হেই প্ৰভু মোৰ এইটো প্ৰথম ভুল আছিল। মোক ক্ষমা কৰি দিয়ক।ক্ষমাৰ কথা শুনি ভগৱান কৃষ্ণয়ে তাৰ শাস্তি আৰু বঢ়াই ৬মাহ কৰি দিলে। অৰ্জুনে সকলোবোৰ চাই আছিল। যেতিয়া গাঁৱৰ মানুহে চুৰটো লৈ গুচি গ'ল, তেতিয়া অৰ্জুনে সুধিলে- হেই প্ৰভু চুৰটোৱে কৈছিল যে তাৰ এইটো প্ৰথম ভুল আছিল আৰু সি ক্ষমাও বিচাৰিছিল।
কিন্তু আপুনি তাক ক্ষমা কৰা সলনি শাস্তি আৰু বঢ়াইহে দিলে কিয়? ইমান সৰু পাপৰ কাৰণে।এইটো শুনি কৃষ্ণয়ে প্ৰথমতে অলপ হাঁহিলে। তাৰ পাছত ক'লে অৰ্জুন এই সৰু সৰু পাপবোৰেই পিছত গৈ ডাঙৰ পাপলৈ পৰিবৰ্তন হয়।
সেই কাৰণে এইবোৰ গুৰুত্ব দিব লাগে। যদি তোমাৰ মোৰ কথাত বিশ্বাস হোৱা নাই তেতিয়া মই তোমাক এটা কাহিনী কম যিটো শুনি তোমাৰ মনৰ পৰা সকলো প্ৰশ্ন নাইকীয়া হৈ পৰিব। কৃষ্ণয়ে ক'বলৈ আৰম্ভ কৰিলে।
এজন সত্ পুৰুষে নিজৰ দৰিদ্ৰতা কাৰণে অশান্তি পায়। ৰজাৰ পৰা ধন বিচাৰিবলৈ ৰাজপ্ৰসাদৰ ফালে যাবলৈ ধৰিলে। বহুত দিন যাত্ৰা কৰা পাছত সেই দুখীয়া মানুহজন গৈ ৰাজপ্ৰসাদ পালেগে।ৰজাজন বহুত দানবীৰ আছিল। অকল যিসকলক প্ৰয়োজন, লাগে তেওঁলোকহে দান দিছিল।
দান যাক দিব তেওঁ যোগ্য নে অযোগ্য জানিবলৈ ৰজাই চাৰিখন দুৱাৰ বনাই থৈছিল ।যিয়ে সেই চাৰিখন দুৱাৰ পাৰ কৰিব পাৰে ৰজাই তাক ভৰপূৰ দান দিয়ে। সেই সত্ পুৰুষজনে ৰাজপ্ৰসাদত প্ৰৱেশ কৰিবলৈ প্ৰথমতে প্ৰথমখন দুৱাৰৰ ওচৰলৈ গ'ল।
তাত প্ৰৱেশ কৰিয়ে তেওঁ এগৰাকী বেয়া নাৰীক লগ পালে । তাই মানুহজনক দেখি সুধিলে তুমি কোন আৰু ৰাজপ্ৰসাদলৈ কিয় যাব বিচাৰিছা? মই এজন দুখীয়া সত্ পুৰুষ আৰু মই ৰজাৰ পৰা ধন বিচাৰিবলৈ ইয়ালে আহিছোঁ ।যাতে মই মোৰ পৰিয়ালৰ ভালকৈ লালন-পালন কৰিব পাৰোঁ।(Assamese Storyboard )
তেতিয়া নাৰীগৰাকীয়ে ক'লে আপুনি ৰজাৰ পৰা ধন বিচাৰিবলৈ ইয়ালৈ আহিছে হয়। কিন্তু এই দুৱাৰখনত মোৰ অধিকাৰ আছে আৰু যেতিয়ালৈকে আপুনি মদ খাই মোক আনন্দ নিদিয়ে তেতিয়ালৈকে মই আপোনাক আগলৈ যাব নিদিওঁ। তাইৰ কথা শুনি মানুহজনৰ বহুত খঙ উঠিল আৰু তেওঁ ক'বলৈ ধৰিলে লাজ নাই লাজ নাই।
তেতিয়া নাৰীগৰাকীয়ে ক'লে- এটা কাম কৰক আপুনি দ্বিতীয়খন দুৱাৰেদি যাওঁক। তেতিয়া সত্ পুৰুষজন দ্বিতীয়খন দুৱাৰাৰ ফালে আগবাঢ়ি গ'ল আৰু ভাবিলে অধৰ্ম কৰাতকে দ্বিতীয়খন দুৱাৰে দিয়ে যোৱা ভাল।দ্বিতীয়খন দুৱাৰত প্ৰৱেশ কৰা লগে লগে এজন দুৱাৰ পাল আহিল আৰু ক'লে- হেই সত্ পুৰুষ এইখন দুৱাৰত ৰাজপ্ৰসাদৰ মুখ্য দুৱাৰ পালৰ অধিকাৰ আছে।
তেওঁ অনুমতি নিদিলে আপুনি ভিতৰলৈ যাব নোৱাৰে।যদি আপুনি যাব বিচাৰে তেতিয়া মুখ্য দুৱাৰ পালৰ লগত মিত্ৰতা কৰিব লাগিব আৰু তেওঁৰ লগত মাছো খাব লাগিব। কথাটো শুনি সত্ পুৰুষজনে ক'লে- মই বেদ পঢ়ো আৰু মই এজন সত্ পুৰুষ। সেই কাৰণে মই মাছ খাব নোৱাৰোঁ। এইটো অধৰ্ম । মই মাছ নাখাওঁ।
তেতিয়া দুৱাৰ পালজনে ক'লে আপুনি তৃতীয়খন দুৱাৰেদি যাওঁক।এইখনেদি আপোনাক যাবলৈ অনুমতি দিয়া নহয়। তৃতীয়খন দুৱাৰত প্ৰৱেশ কৰি দেখিলে কেইজন মানুহে মদ খাই আছিল। তেওঁ সিহঁতক দেখিও নেদেখা ভাঙ ধৰি ভিতৰলৈ যাবলৈ ল'লে। তেতিয়াই এজন মানুহ আহি ক'লে এই দুৱাৰখন অকল মদ খোৱা ব্যক্তিৰ বাবেহে। তেওঁ আছিল সত্ পুৰুষ। সেই কাৰণে তেওঁ মদ খোৱাতো স্বীকাৰ কৰি নল'লে আৰু তেওঁ তাৰ পৰা উলাই চতুৰ্থখন দুৱাৰৰফালে গ'ল।
তাত সোমাই তেওঁ দেখিলে কেইজন মান মানুহে জুৱা খেলি আছে। তেওঁক কোৱা হ'ল যে এইখন অকল জুৱা খেলা মানুহৰ বাবেহে।এই কথাটো শুনি সত্ পুৰুষজন চিন্তাত পৰি গ'ল। ভাবিলে এইখনেই ৰাজপ্ৰসাদলৈ যোৱা শেষৰখন দৰ্জা আৰু সকলোতে অধৰ্ময়ে বাস কৰি আছে।
কিন্তু মই ইয়াৰ পৰা খালি হাতে গুচি গ'লে পৰিয়ালটোক কি খোৱাম। শেষত দৰিদ্ৰতাৰ ফলত সত্ পুৰুষজন অধৰ্মৰ ফালে আগবাঢ়ি গ'ল। তেওঁ ভাবিলে বাকী কেইটাতকে জুৱা এটা সৰু পাপ।অলপ খেলিলে বেছি পাপ নালাগে।সেইটোৱে ভাবি সি নিজৰ ওচৰত থকা এটকাটোৱে জুৱা খেলিবলৈ ধৰিলে।
তেওঁৰ কপাল ভাল আছিল আৰু তেওঁ জিকি আছিল।পইচা জিকি, জিকি তেওঁ ৰজাৰ ওচৰলৈ যাবলৈয়ে পাহৰিলে। তেওঁ সন্ধিয়া লৈকে হাজাৰ টকা জিকি ল'লে। তাৰ পিছত জুৱা শেষ হ'লত পইচাখিনি এটা টোপোলাত লৈ তেওঁ যাবলৈ ধৰিলে। তেওঁ ভোক লাগিল। কিন্তু ওচৰত দোকান নাছিল আৰু তেওঁৰ তাত বেয়া পথেৰে ইনকম কৰা পইচাও আছিল।
তেওঁৰ মতি ভ্ৰম হ'বলৈ ধৰিলে আৰু ভাবিলে দ্বিতীয়খন দুৱাৰেদি গৈ মাছকে খাই লওঁ।ৰাতি কোনে দেখিব।মাছ খাই তেওঁৰ পিয়াহঁ লাগিল আৰু তেওঁ আন এখন দুৱাৰলৈ গৈ মদো খাই ল'লে। তাৰ পিছত নিচাত তেওঁ সেই ধুনীয়া নাৰীগৰাকীলৈ মনত পৰিল যাৰ চৰিত্ৰ বেয়া আছিল।
তেওঁ আকৌ ভাবিলে আন নাৰীক চোৱাতোও পাপ ।কিন্তু ইমান পাপ কৰিলোঁ যেতিয়া এইটোও কৰোঁ আৰু একেলগে সকলোৰে পৰাচিত কৰি লম। শেষত শাস্ত্ৰ আৰু বুদ্ধি দুয়োটায়ে হাৰি গ'ল। নাৰীগৰাকী ওচৰলৈ গ'ল আৰু তাই তেওঁক সন্তোষ কৰি জুৱাত জিকা সকলো ধন লৈ ল'লে আৰু তেওঁক বাহিৰলৈ উলিয়াই দিলে।
এইফালে ৰজাই সকলো গম পায় আছিল।সত্ পুৰুষজনে আকৌ পিছদিনা গৈ ক'লে মই সকলো চৰ্ত মানি লম।অকল মোক ভিতৰলৈ যাবলৈ দিয়া। কিন্তু সেইদিনা তাৰ সকলো নিয়ম সলনি হৈ গ'ল।চৰ্ত মানিব বুলি কোৱা পাছতো তেওঁক কোনেও ভিতৰলৈ যাবলৈ নিদিলে।
তাৰ পাছত তেওঁ ৰাজপ্ৰসাদৰ বাহিৰত বহি বহি ভাবি আছিল যে ৰজাৰ পৰাও ধন নাপালোঁ আৰু হাতত থকা এটকাটোও গ'ল।এনেকেই কৃষ্ণয়ে নিজৰ কাহিনী সামৰণি মাৰিলে আৰু ক'লে এতিয়া বুজিলা অৰ্জুন তেওঁৰ কি হ'ল।
ঠিক সেইদৰে আপোনালোকেও যদি সৰু সৰু পাপবোৰক নিজৰ ভুল বুলি ভাবি গুৰুত্ব নিদিয়ে। তেতিয়া এতিয়াই ভাল হওঁক। ভৱিষ্যতে এইবোৰে আপোনালোকৰ ওপৰত বহুত প্ৰভাৱ পেলাব।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
( Assamese Storyboard )
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত

No comments:
Post a Comment