বিচনাতে বাগৰি বাগৰি নূপুৰে কথাবোৰ বহু বাৰ ভাবিলে , ঋত্বিক লৰাটো ইমান বেয়া নহয়.. কিন্ত বৌয়ে তাক কিয় সহজভাৱে লব পৰা নাই..,( Assamese Storyboard )এতিয়াটো মই সৰু হৈ থকা নাই., ভাল বেয়া বুজি পোৱা হৈছোঁ, গতিকে জীৱনৰ কিছুমান সিদ্ধান্ত এতিয়া মই নিজেই লব লাগিব..., বৌ বা দাদাৰ দৃষ্টিত ঋত্বিক যেনেকুৱাই নহওক, মোৰ বাবে ঋত্বিকেই উপযুক্ত..., কথাবোৰ ভাবি নূপুৰে ঋত্বিকলৈ ফোন লগালে... হেল্ল...! ঋত্বিক.., কি কৰি আছা...,
: ঘৰতে আছোঁ কোৱা...., অসময়ত ফোন কৰিলা যে...!
: মানে...., মই তুমি কোৱা কথাটো বহুবাৰ ভাবিলোঁ.... কিন্ত...
: ৰৈ গলা যে ....! কোৱা আকৌ নূপুৰ....! তুমি মোৰ প্ৰস্তাৱ মানি লৈছা....! নূপুৰ বহু সময় নীৰৱে আছিল ..... হেল্ল....! নূপুৰ...,
: ........তুমি ঠিকেই ভাবিচা....! মই তোমাৰ প্ৰস্তাৱ স্বীকাৰ কৰিছোঁ....।
: নূপুৰ , তোমাৰ পৰা এই উত্তৰটো শুনিবলৈ মই ইমান দিন অপেক্ষা কৰি আছিলোঁ, আজি মই বহুত সুখী নূপুৰ.....,
: কিয় ....?
: মোক লৈ তুমি সুখী নহয় নেকি...!
: বহুত সুখী ঋত্বিক....., কিন্তু ভয় লাগে..., যদি তুমি সলনি হোৱা.....,
: সেইবোৰ কথা কিয় ভাবিচা নূপুৰ...? তোমাৰ কাৰণে ইমান দিনে অপেক্ষা কৰিছোঁ , তোমাক মই সঁচা অন্তৰেৰে ভালপাওঁ নূপুৰ..., আজিৰ পৰা এনেকুৱা কথা কেতিয়াও নকবা ...
: ok....., ok....বাবা, নকওঁ দিয়া , এতিয়া ৰাখিছোঁ, বৌয়ে মাতি আছে ,
: ঠিক আছে নূপুৰ , love you ..
নূপুৰে ফোনটো কাটি দিয়াৰ পাছতেই মন প্ৰাণ খুলি হাঁহিলে ঋত্বিকে....., তুমি ঠিকেই ভাবিচা নূপুৰ...., কিন্ত মই হেৰাই যাবলৈ নিদিওঁ নূপুৰ.., মই তোমাক শেষ কৰি পেলাম...., হা:....,হা:....., নীহালৈ ফোন কৰিলে ঋত্বিকে... হেল্ল... নীহা..! ভাল খবৰ এটা আছে...!
: ভাল খবৰ....! সোনকালে কোৱা..., কি ভাল খবৰ...
: এনেকৈ কব নোৱাৰিম...
: কিয়...?
: তুমিটো জানাই কামটো কিমান ভয়ানক, গতিকে...!
: তাৰমানে তোমাক পইচা লাগে...
: তুমি ঠিকেই বুজিছা নীহা..., পঁচিছ হাজাৰমান মোৰ একাউন্টত ভৰাই দিবা..., মোৰ হাতত এটকাও নাই,
: ৰাতিপুৱা মই ট্ৰেন্সফাৰ কৰি দিম, এতিয়া মোক ভাল খবৰটো কোৱা...
: ভাল খবৰটো...., হা:...., হা:.....,
: কোৱা ঋত্বিক...., কিয় এইদৰে হাঁহিছা,
: কথাটো শুনিলে তুমিও হাঁহিবা... নূপুৰে মোক.....?
: নূপুৰে তোমাক....! কি হল... ৰৈ গলা যে...!
: মোক ভাল পাওঁ বুলি কলে......
: এইটো বৰ ডাঙৰ সফলতা..., পজিটিভ ৰিজাল্ট যে ওলাল....,
: আৰে....! ঋত্বিক আজিলৈকে কোনো কামত বিফল হোৱা নাই...
: সেইখিনি বিশ্বাস আছে বাবেই মই কামটো তোমাক দিছোঁ...., এতিয়া পাছৰ কামখিনি কিদৰে নিয়াৰিকৈ কৰিব পাৰি তাৰ পৰিকল্পনা কৰা, কিন্তু মনত ৰাখিবা কোনো কাৰণত যাতে মোৰ নামটো সাঙোৰ নাখাই...
: তুমি সেইবোৰ চিন্তাই নকৰিবা...., নূপুৰক মই কামাখ্যা ধামত ফুৰাবলৈ নিম..., আধা ৰাস্তাতেই গাড়ী বেয়া হব মানে ষ্টাৰ্ট নোহোৱা হ'ব.., কিছুসময় চেষ্টা কৰি নূপুৰক গাড়ীতে বহাই মই গেৰেজৰ সন্ধানত কিছুদূৰ আতঁৰহৈ যাম...., তাৰ পাচৰখিনি কাম মুন্নাক এৰি দিম...., কেনে লাগিছে মোৰ আইডিয়াটো...,
: আইডিয়াটো ভালেই লাগিছে...., কিন্তু নূপুৰ যদি লগত যাবলৈ ওলাই...,
: নূপুৰক মই মেনেজ কৰিম, সেইবোৰ তুমি চিন্তা কৰিব নালাগে...
: কিন্ত ভিডিঅ'টো যে ভাইৰেল হৈছে সেই কথা তুমিয়ে নূপুৰক কব লাগিব, ( Assamese Storyboard )
: অঃ..... নীহা..! সেই সকলোবোৰ মই পৰিকল্পনা কৰি থৈছো...., এতিয়া ৰাখিছোঁ দিয়া..., বুলি ফোনটো কাটি দিলে আৰু বাইকখন লৈ অলপ ওলাই গল.., মনৰ আনন্দতে সি বন্ধুৰ লগত অলপ ড্ৰিংকচ কৰিলে..., নিজকে বিলীন কৰি দিলে সুৰাৰ ৰাগীত..., তাৰ দুচকুত কেৱল ভাঁহি আহিল নূপুৰৰ প্ৰতিচ্ছবি..., ধেৎ...! কিয় বাৰে মোক আমনি কৰি আছা নূপুৰ....!
: নূপুৰ কোন বে...? তই মানে কাৰোবাৰ প্ৰেমত পৰিলি...., আঁৰে ভাই তই দেখুন আমাক কোৱাই নাই...! দেখা না ফটোখন..., বহাৰ পৰা উঠি আহি অনুজে কলে...
: চা ভাই....! মই কাৰো প্ৰেমত পৰা নাই..., প্ৰেম চেম এইবিলাক বিৰাট কামোৰ, অকলে বিন্দাচ আঁচো , এনেকৈয়ে থাকিম...
: কিন্তু ...! নূপুৰ ..., এই নামটো আগত তোৰ মুখত শুনা নাই, তই কিবা লুকুৱাই ৰাখিব বিচাৰিছ আমাৰ পৰা...,
: নূপুৰ নামৰ ছোৱালীজনী মোৰ ভাল লাগে ..., কিছুদিন তাইৰ পিচা কৰিছিলোঁ, কিন্ত বেটিয়ে মোক পাত্তাই নিদিলে...., চাল্লা...,
: ছোৱালীবোৰ সঁচাই বৰ আচৰিত...! সকলো টকাৰ পাছত দৌৰি..., মোকেই চা না , পাঁচ বছৰ ভাল পাইছিলোঁ তাইক, তাইৰ বাবেই মই দোকান খুলিছিলোঁ , মদ ভাং সকলো এৰি দিছিলোঁ, কিন্তু কি পালোঁ মই....! মাষ্টৰ ল'ৰা পাই মোক লাৎ মাৰি গুচি গল...., Enjoy yourself Dost.... জীৱনটো উপভোগ কৰ , তাই এৰি যোৱা দিন ধৰি মই মদ , ভাং ,সকলো খাওঁ , মনটো পাতল লাগে, দুখবোৰ পাহৰি থাকিব পাৰি....,
: অনুজ ভাই তোৰ নিচা বেচি হৈছে, ব'ল , তোক ঘৰত নমাই থৈ যাম....
: নিচা হোৱা নাই..., মই খোজ কঢ়িয়ে যাম..., তই গৈ থাক....,
: ঠিক আছে ভাই গুড নাইট..., ধলং পলং কৰি কোনৰকম ঋত্বিক বাইকখনত উঠিল, বহুবাৰ চেষ্টা কৰিও সি বাইকখন ষ্টাৰ্ট কৰিব নোৱাৰিলে , ওচৰতে ৰৈ থকা লৰা এটাই বাইকখন ষ্টাৰ্ট কৰি দিলে.... thank you ভাই...., কিছুদূৰ যোৱাৰ পাছত আকৌ ষ্টাৰ্ট নোহোৱা হল, ঠেলি ঠেলিয়ে সি বাইকখন ঘৰ পোৱালেগৈ .., বাইকখন ষ্টেণ্ড কৰি অ'ত ত'ত ধৰি ভিতৰলৈ সোমাই গৈ নিজৰ বিচনাখনত ধমহকৈ পৰি দিলে...., কিছুসময়ৰ পাছত ঋত্বিকৰ নিচা ক্ৰমে ক্ৰমে বাহী গৈছিল, তেতিয়া সময় ৰাতি ন মান হৈছিল, তাৰ আকৌ নূপুৰলৈ মনত পৰিল..., জেপৰ পৰা ফোনটো উলিয়াই নূপুৰলৈ ফোন লগালে.... কিন্তু নূপুৰে ফোন ৰিচিভ নকৰিলে, নিচাত তাৰ টোপনি আহিল , ভাত পানী খাই নূপুৰ বিচনালৈ আহিল..., বিচনাত পৰিয়ে তাই মোবাইলটো চালে..., ঋত্বিকৰ পাঁচটা মিচকল, লগে লগেই নূপুৰে ঋত্বিকলৈ ফোন কৰিলে..... অভিমান কৰিছে, সেয়ে ফোন ৰিচিভ কৰা নাই, মেচেজ এটাকে কৰি দিওঁ..., sorry ঋত্বিক..., মই বৌৰ লগত পাকঘৰত আছিলোঁ, প্লীজ বেয়া নাপাবা..., তুমি শুলা চাগৈ ন ঋত্বিক....! হব শুই যোৱা , ময়ো শুই যাম এতিয়া, Good Night, Love You ......, মেচেজটো দিয়ে লাইতটো অফ কৰি নূপুৰ বিচনাত পৰিল..., মোবাইলত ঋত্বিকৰ ফটোখন বাৰে বাৰে চাই নানা সপোন দেখিবলৈ ধৰিলে.....,
( ক্ৰমশঃ )
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment