তাই কিয় বেশ্যা হৈছিল আৰু তাইৰ হত্যাকাৰী কোন ( খণ্ড ১৫ ) ? Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, July 26, 2021

তাই কিয় বেশ্যা হৈছিল আৰু তাইৰ হত্যাকাৰী কোন ( খণ্ড ১৫ ) ? Assamese Storyboard

Assamese Storyboard

 

ভাগৱতী আচৰিত হ'ল । এয়া কি ! ৰূপালী দত্ত ই কালি ৰাতিৰ সেই গোপন অভিসাৰৰ সকলো ভিডিঅ' কৰি ৰাখিছিল । আৰু এতিয়া সেই ভিডিঅ' ভাগৱতী লৈ পঠাই দিছে ( Assamese Storyboard )।‌ য'ত ভাগৱতীৰ সম্পূৰ্ণ মুখ খন জিলিকি আছিল । ভাগৱতীয়ে বহুত ভয় খালে । এই ভিডিঅ' সামাজিক মাধ্যমত বিয়পি পৰাৰ পাছত থাকিব নে ভাগৱতীৰ চাকৰি ? থাকিব নে সংসাৰ । লগে লগে ভাগৱতীয়ে ৰূপালী দত্ত লৈ ফোন লগালে ।


- হেল্ল'

- মিছেছ দত্ত এইবোৰ আপুনি কি কৰিছে ?

- কি কৰিলোঁ !

- আপুনি আমাৰ গোপন অভিসাৰৰ ভিডিঅ' কিয় কৰিছে ?ইয়াৰ উদ্দেশ্য ?

- আপুনি থানাত ঘোচ কিয় লয় ? তাৰ উদ্দেশ্য !

- কিন্তু ঘোচ লোৱা আৰু এই কামটোৰ মাজত বহুত ডাঙৰ পাৰ্থক্য আছে ।

- একো পাৰ্থক্য নাই । 

- কিন্তু আপোনাৰ উদ্দেশ্য কি ?

- মোৰ উদ্দেশ্য হ'ল আপুনি আজিয়ে পলাশ হত্যাৰ অপৰাধত নিয়ৰ কাকতি আৰু ৰাধিকা হত্যাৰ অপৰাধত অংকুৰণ দত্তক এৰেষ্ট কৰিব লাগিব ।

- কি ! কিন্তু অংকুৰণ দত্ত আপোনাৰ সুহৃদ আছিলে ?

- আছিলে কিন্তু এতিয়া নহয় ।শুনক আৰু এটা চৰ্ত বাকি আছে ।

- কি চৰ্ত ! 

- আপুনি আপোনাৰ দৰমহা ৰ পঞ্চাছ শতাংশ প্ৰতি মাহে মোক দিব লাগিব ।

- কি ! এয়া অসম্ভৱ ।

- হয় নেকি ! ঠিক আছে তেন্তে মই এই ভিডিঅ' সামাজিক মাধ্যমত এৰি দিওঁ !

- নাই নাই এই কাম নকৰিব মিছেছ দত্ত । মই আপোনাক দিম ।

- নিদিলে গম পাব বিপদ আপোনাৰ । কাৰন আপুনি জানেই মোৰ কোনো নাই মই অকলশৰীয়া গতিকে মোৰ ভয় ও নাই ।

- আপুনি মোৰ লগত বিশ্বাস ঘাটকতা কৰিছে ।

- নাই কৰা । এতিয়া এইবোৰ ৰ বিনিময় ত মোৰ শৰীৰ আপোনাৰ । আপোনাৰ যেতিয়া মন তেতিয়া মোক পাব । আজি নিশা আকৌ আহিব ভাগৱতী মই ৰৈ থাকিম ।


               ভাগৱতী সমশ্যাত পৰিলে । যেন অসমীয়া ৰ এষাৰ কথা ভাগৱতীৰ লগত সম্পূৰ্ণ মিলিলে । " লোভে পাপ , পাপে মৃত্যু " এতিয়া ভাগৱতীৰ ও একে দশা । পইচা লৈ নিৰ্দোষী বুলি কোৱা নিয়ৰক এতিয়া আকৌ থানাত আনিব লাগিব । ওপৰৰ মানুহ ৰ লগত হাত থকা অংকুৰণ ক থানাত আনিব লাগিব । এয়া ৰূপালী দত্তৰ নিৰ্দেশ । নিশ্চয় এই কাম কৰিব লাগিব ।


                 নিয়ৰে পঢ়াৰ লগতে মাজে মাজে গান ও গাইছিল । গান গোৱা তাৰ হবি ।‌ তাৰ ৰুমত এখন গীতাৰ আছে । সময় পালে সি দুই এটা গান গুনাই থাকে । কিন্তু আজি কেইদিনমান ৰ পৰা সি গীতাৰত হাত থোৱা নাই । তাৰ হঠাৎ গীতাৰ খনলৈ চকু গ'ল । সংগীত ! এৰা দুখটো সংগীত ,সুখত ও সংগীত । জীৱন ৰ প্ৰতিটো ক্ষনত মানুহৰ জীৱন ত সংগীত ৰ প্ৰভাৱ থাকে । গীতাৰ খন দেখি তাৰ মনত পৰিলে আজি ৰাতিপুৱা ফেচবুকৰ পেজত দেখা এটা বিশেষ ভিডিঅ' ।এসময়ৰ এজন বিশেষ সংগিত শিল্পী সুৰকাৰ, গীতিকাৰ ,কণ্ঠ শিল্পী পিকু মালাকৰৰ জীৱন ৰ এই দুৰৱস্থাই তাৰ অন্তৰ আত্মাত হাহাকাৰ কৰি গৈছিল । ব্যস্ত যোৰহাট মহানগৰীৰ এটা ফুটপাথত গীত গাই মানুহৰ পৰা পোৱা সামন্য টকাৰে নিজৰ পেট পুৰাই আছে পিকু মালাকৰে । পিকু মালাকৰৰ কথা আগতে নিয়ৰে ও গম পোৱা নাছিল ।আৰু নোপোৱা টো স্বাভাৱিক । কাৰন তেখেত আছিল নব্বৈৰ দশকৰ এজন শিল্পী । যি পিকু মালাকৰ ইংৰাজী , হিন্দী ভাষাত ও পাকৈত । তেওঁ পাশ্চাত্য সংগীতৰ প্ৰতি ও আকৰ্ষিত আছিল । নিয়ৰ আজি নিজেই এজন অপৰাধী , তেনে স্থলত আজি সি পিকু মালাকৰৰ জীৱন ৰ কথা ও এবাৰ ভাৱিছে । আমাৰ এই অসম খনত কতো অলিয়ে - গলিয়ে , ফুটপাথে হাজাৰ প্ৰতিভা মৰহি গৈছে তাৰে এক জ্বলন্ত উদাহৰণ পিকু মালাকৰ ।  আচলতে প্ৰকৃত শিল্পী ৰ  হৃদয় বৰ উদাৰ , কোমল অন্তৰৰ এই শিল্পী বোৰক এটা সৰু আঘাতে ও বিপদ ঘটাব পাৰে । তেনে এজন শিল্পী পিকু মালাকৰ । সংগীতৰ সুৰৰ যাদুত মোহাছন্ন হোৱা পিকু মালাকৰ যেন আকৌ সুস্থ হৈ উঠি সৃষ্টি কৰে নব সুৰ তাকে কামনা কৰিলে নিয়ৰে ।


         ভাগৱতীয়ে থানা লৈ আহি চিঞৰ বাখৰ লগালে । বৰ্মন ,আহমেদ ইত্যাদি পুলিচ ফ'ৰ্চক আদেশ কৰিলে । অতিশিঘ্ৰে যেন নিয়ৰ কাকতি আৰু অংকুৰণ বৰাক এৰেষ্ট কৰি থানা লৈ আহে । ভাগৱতীৰ আদেশ শুনি এখন্তেক ও দেৰি নকৰি পুলিচ ফ'ৰ্চ ওলাই গ'ল । এই দুনিয়াত যি ভাগৱতী ক দমন কৰিব পৰা কোনো ব্যক্তি নাই এই ভাগৱতী ক আজি ৰূপালী দত্তৰ নিচিনা মহিলাই দমন কৰিছে । ভাগৱতীৰ নিজৰ ওপৰতে খং উঠিল । গুলি কৰি মাৰি পেলাব নেকি ৰূপালী দত্তক ! নাই তেনে কৰিলে আকৌ ভাগৱতী নিজে জেইলত থাকিব লাগিব । কি কৰা যায় ! উম আজি ৰাতি ৰূপালীৰ মোবাইল ৰ পৰা এই ভিডিঅ' টো ডিলিট কৰাৰ বাহিৰে বেলেগ উপায় নাই । সেইটো কামে কৰিব লাগিব ।


            কিছু সময় পাছত পুলিচ ফ'ৰ্চে নিয়ৰ আৰু অংকুৰণ ক গ্ৰেপ্তাৰ কৰি লৈ আহিলে । নিয়ৰ আৰু অংকুৰণ ক দেখাৰ লগে লগে ভাগৱতীয়ে এটা মিচিকিয়া হাহি মাৰিলে ।


- স্বাগতম মিষ্টাৰ কাকতি আৰু বৰা ।

ইতিমধ্যে নিয়ৰ আৰু অংকুৰণ পৃথকে পৃথকে খংত জ্বলি আহিছিল । বাঘ আৰু সিংহ ই আজি একেটা ঘাটতে পানী খাৱ । কাৰন দুয়োটা জীৱ হ'ল শক্তিশালী , সেয়েহে কোনেও কাকো ভয় নকৰে । আজি নিয়ৰ আৰু অংকুৰণ ৰ ও একে হ'ল । কাৰণ অংকুৰণে ইতিমধ্যে নিয়ৰক ৰাধিকা ৰ হত্যাকাণ্ড ৰ বাবে ও জগৰীয়া কৰিছিল । সেই কথা নিয়ৰে পাহৰা নাই ।

- ছাৰ আপুনি এইবোৰ কি খেল খেলিছে ।

নিয়ৰে ভাগৱতী ক সুধিছিল ।ভাগৱতীয়ে এটা তাৎছিল্যৰ হাহি‌ মাৰি নিয়ৰক কৈছিল ।

- ক্ৰিকেট । এই খন ক্ৰিকেট খেল । আম্পায়াৰে আপোনাক নট আউট দিছিল । কিন্তু ৰিভিউ পদ্ধতিত থাৰ্ড আম্পায়াৰৰ নিৰ্দেশ ত আপুনি আউট হৈ গ'ল মিষ্টাৰ কাকতি ।

- ছাৰ ধেমালি বাদ দিয়ক ।

- এয়া ধেমালি নহয় কাকতি । মিষ্টাৰ বৰা আপোনাৰ কি হল জানেনে !

অংকুৰণ নিমাত আছিল । কিন্তু ভিতৰি ভিতৰি খংত জ্বলি আছিল অংকুৰণ ।

- আপুনি এজন ভাল খেলুৱৈ মিষ্টাৰ বৰা । কিন্তু আপোনাৰ দুৰ্বল প্ৰদৰ্শন আপোনাৰ টিমত ধৰা পৰিছিল । সেয়েহে তদন্ত হ'ল । আৰু তদন্তৰ অন্তত প্ৰমাণ হ'ল আপুনি মেচ ফিক্সিং ত জড়িত ।

- আপুনি কি ক'ব বিচাৰিছে ছাৰ ?

অংকুৰণে ভাগৱতী ক প্ৰশ্ন কৰিছিল ।

- ৰাধিকা হত্যাকাণ্ড ৰ হত্যাকাৰী আপুনি ।

- what ! 

- উম । গতিকে এতিয়া আপুনি আমাৰ লক আপৰ আলহী ।

- মোক লক আপত ভৰাবলৈ কাৰ ইমান সাহস হ'ল ?,

- কিয় আপোনাক লক আপত ভৰাবলৈ সাহস লাগে নেকি ! বৰ্মন ইয়াক চোঁচৰাই নি লক আপত ভৰাই থোৱা ।

- মিষ্টাৰ ভাগৱতী আপুনি মোক চিনিয়ে পোৱা নাই ।

- ভালকৈ পাইছোঁ । এতিয়া জেইলৰ ভাত খাব সাজু হওক ।( Assamese Storyboard )


         বৰ্মন ,আহমেদ হতে গতিয়াই গতিয়াই নি অংকুৰণ ক লক আপত ভৰাই থলে ।


- ছাৰ এইবোৰ কি ! আপুনি মোৰ পৰা একলাখ টকা লৈ আকৌ কি নাটক কৰিছে ?

- উপায় নাই মিষ্টাৰ কাকতি । আপুনি সচা অপৰাধী যেতিয়া মই আপোনাক সহায় কৰিব নোৱাৰিম ।

- মিছা কথা , মই হত্যাকাৰী নহয় । আপুনি মোৰ পৰা মিছাতে টকালৈ ,,,,,

- আপোনাৰ পৰা যে মই টকা লৈছোঁ তাৰ প্ৰমাণ আপোনাৰ ওচৰত কিবা আছে ?

- তাৰমানে !

- শুনক মিছাতে মোক টকা দিয়া বুলি চিঞৰি লাভ নাই । কাৰণ প্ৰমান নোহোৱা কথা অনাৰ্থক ।


            বৰ্মন এইজনক ও ভৰাই থোৱা । ভাগৱতীৰ আদেশ মৰ্মে নিয়ৰক ও লক আপত ভৰাই থোৱা হল । এটা লক আপৰ ভিতৰত নিয়ৰ আৰু অংকুৰণ ।


                এজন সৎ , সাহসী পুলিচ অফিচাৰ মিষ্টাৰ বৰুৱা । বৰুৱা ৰ ওপৰত কাবেৰী ৰ এশ শতাংশ বিশ্বাস আছে । সেইদিনা কাবেৰী থানা লৈ আহিছিল নতুন অফিচাৰ ভাগৱতী ৰ লগত চিনাকী হ'ব । তেতিয়া ই স্পষ্ট হৈ পৰিছিল ভাগৱতী নামৰ মানুহ জন আচলতে কেনেকুৱা ।‌ কাবেৰী য়ে গম পাইছিল থানাত ৰাধিকা ৰ ডায়েৰী খন উদ্ধাৰ হৈছিল । উক্ত ডায়েৰী খন বিচাৰোঁতে কাবেৰী ক ভাগৱতীয়ে ওলোটাই দম হে দিছিলে । ভাগৱতীয়ে বুজাৱ খুজিছিল যে তাত ৰাধিকা ৰ ডায়েৰী উদ্ধাৰ হোৱা নাই । সেয়েহে কাবেৰী আজি বৰুৱা ৰ ফোন নং সংগ্ৰহ কৰি বৰুৱা ক লগ কৰিবলৈ আহিছে ।


- আহক মিছেছ কাবেৰী সোমায় আহক । বহক

- ধন্যবাদ ছাৰ ।

- ছাৰ আপোনাৰ খৱৰ ভাল নে ?

- মোৰ খৱৰ ভাল নহয় কাবেৰী । ইতিমধ্যে তাত মোক দিয়া বদনাম যে মিছা সেই কথা ডিপাৰ্টমেন্টে মোক অতিশিঘ্ৰে প্ৰমাণ কৰিবলৈ দিছে ।

- আপুনি চিন্তা নকৰিব । এই ক্ষেত্ৰত মই আপোনাক সহায় কৰিম ।

- ধন্যবাদ মিছেছ কাবেৰী ।

- পলাশ আৰু ৰাধিকাৰ প্ৰকৃত হত্যাকাৰী চিনাক্ত কৰনত আপুনি মোক সহায় কৰিব লাগিব ছাৰ ।

- নিশ্চয় কাবেৰী । মই ও সেয়া বিচাৰোঁ , এই হত্যাকাৰী চিনাক্ত হ'লে মোৰ বিৰুদ্ধে উঠা অভিযোগ যে মিছা সেয়া প্ৰমাণ হ'ব ।

- নিশ্চয় ছাৰ । নতুন অফিচাৰ ভাগৱতী য়ে ইতিমধ্যে নিয়ৰৰ পৰা এক লাখ টকা লৈছে ।

- হয় নেকি !

বৰুৱাই এটা ডাঙৰকৈ হাহি মাৰিলে ।

- ছাৰ আপুনি হাহিলে ?

- এৰা , হাহিছো । কিয় হাহিছো জানে আজিৰ সমাজত ভাল মানুহ বোৰ বদনামী হয় , আৰু জাগী অপৰাধী বোৰ সৎ হয় । মোৰ অৱস্থাটো চাওক আপুনি , মই নিজকে কোৱা নাই মই ভাল , মই মহান পুলিচ অফিচাৰ । কিন্তু মই এইটো কথা কম কাবেৰী মই ঘোচখোৰ অফিচাৰ নহয় , মই নিৰ্দোষী ক শাস্তি দিয়া অফিচাৰ নহয় । কিন্তু আজিৰ মানুহে আমাৰ দৰে মানুহ বোৰক বুজিব চেষ্টা নকৰিলে । আৰু আমাক বেছি কৈ বদনামী কৰাৰ ষড়যন্ত্ৰ কৰে অপৰাধী বোৰে ।

- মই আপোনাৰ অৱস্থাটো বুজিছো । 

- উম এইবোৰ বাদ দিয়া । এতিয়া আমাৰ বিয়টোলৈ আহা ।

- ছাৰ মই শুনিছিলো ৰাধিকা ৰ এখন ডায়েৰী উদ্ধাৰ হৈছিল । কিন্তু সেই দিনা বৰ্মন দাৰ মুখত গম পালোঁ ভাগৱতী য়ে হেনো ডায়েৰী খন জ্বলাই দিলে ।

- কি ! নিশ্চয় ভাগৱতীয়ে অপৰাধী ৰ পৰা টকা লৈছে ।

- আমি ডায়েৰী খন পালে অপৰাধী বিচাৰিবলৈ সহজ হ'ল হৈ ছাৰ ।

- এৰা , এটা কথা জানা নিয়ৰ বৰ ভাল ল'ৰা । সি অপৰাধী নহয় ।

- হয় ছাৰ । নিয়ৰৰ দৰে ভাল লৰাটো বদধামী হ'ল ।

- এই বদনাম আমি মচিব লাগিব ।

- ছাৰ সেইদিনা থানাত আপোনাৰ কথা কৈ বৰ্মন দাই খুব কান্দিলে ।

- এৰা মই ও কান্দিছো । কাৰন সেই খিনি মোৰ মৰমৰ ষ্টাফ আছিলে ।

- ছাৰ সকলো বাদ দিয়ক । এতিয়া আমাৰ লক্ষ্য অন্ত এখন কুৰুক্ষেত্ৰ ।

- এৰা , এয়া ন্যায়ৰ যুদ্ধ,ধৰ্ম ৰক্ষাৰ যুদ্ধ , সততাৰ যুদ্ধ । এই যুদ্ধত জয় পাণ্ডৱৰ অনিবাৰ্য কাবেৰী ।


                    ক্ৰমশঃ © ৰাগ ৰঞ্জন

Assamese Storyboard

এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - https://www.smj24.in/search/label/Radhika?&max-results=7


(ধাৰাবাহিক খন প্ৰতি দিনেদিনৰ ঠিক ১২ বজাত প্ৰকাশ পায়। সেয়ে  নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )

আগলৈ…



Assamese Storyboard

গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।( Assamese Storyboard )

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages