কৰ'না আক্ৰান্ত হোৱাৰ পিছৰে পৰা ক্ৰমাৎ স্বাস্থ্যৰ অৱনতি ঘটি আহিছে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ।বৰ্তমাত তেওঁৰ স্বাস্থ্যৰ অৱস্থা ইমানেই সংকতজনক হৈ পৰিছে যে তেওঁ এতিয়া মানুহ চিনিব পৰা অৱস্থাটো নাই। জি এম চি এইচত চিকিৎসাধীন হৈ থকা তৰুণ গগৈৰ অৱস্থাৰ আজি বুজ লৈ স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য আগ বঢ়াইছে যে, আজি আবেলিৰ পৰা তেওঁৰ অৱস্থা অতি শোচনীয় হৈ পৰিছে,তেওঁক কৃত্ৰিমভাৱে শ্বাহ-প্ৰশ্বাস লোৱাৰ ব্যৱস্থা কৰা হৈছে আৰু তেওঁৰ সকলো অংগই বিকল পৰিছে।তেওঁক বৰ্তমান উন্নত চিকিৎসাৰ বাবে দিল্লীলৈও নিব পৰা অৱস্থাত নাই আৰু অনাগত ৪৮ঘণ্টা তেওঁৰ বাবে খুবেই সংকটপূৰ্ণ।
ইয়াৰ পিছতে এতিয়া বিভিন্ন জনে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আশু আৰুগ্যৰ কামনা কৰিছে। আৰু SMJ24 ৰ তৰফৰ পৰাও তেখেত যাতে অতিশিঘ্ৰেই সুস্থ হৈ উঠে,তাৰেই কামনা কৰা হল।
No comments:
Post a Comment