এটি নৱজাত সন্তান পৰিয়াললৈ অহাৰ পিছতে পিতৃ মাতৃ , আত্মীয় স্বজনৰ অপাৰ আনন্দৰ লগতে নানা জল্পনা কল্পনা , আশা ভৰসাৰ মাজেৰে অনুসন্ধিৎসু মনত -- ভৱিষ্যতে কি হব , কি নহব,কেনেকৈ লালন পালন কৰিব , কেনেকৈ গঢ় দিব আদি নানা ডাৱনাৰ উদয় হয় ।
সন্তানৰ ভৱিষ্যত যিয়েই নহওক সকলো নিৰ্ভৰ কৰে জন্মৰে পৰা সন্তানে পোৱা জ্ঞান। এই জ্ঞানৰ বাবে পিতৃ মাতৃ বা পালন কৰ্তা জনেই হ'ল আদিগুৰু । তাৰ পিচতে নিৰ্ভৰ কৰে বিদ্যালয়ৰ শিক্ষাগুৰু , বন্ধু বান্ধৱ তথা সমাজৰ বিভিন্ন স্তৰৰ জেষ্ঠ্য কণিষ্ঠ সকলৰ পৰা পোৱা ভাল বেয়া, নৈতিক অনৈতিক ,ধৰ্ম অধৰ্মৰ জ্ঞান, বুদ্ধি, বিবেচনা সমুহ ।
আজিৰ শিক্ষিত সভ্য সমাজত নিজৰ সন্তানক লালন পালনৰ জ্ঞান কম বেচি পৰিমানে সকলোৰে আছে । তথাপি বাস্তৱ ক্ষেত্ৰত অতি যতনেৰে খুৱাই-পিন্ধাই,,পঢ়ুৱাই-শুনুৱাই , অধিক কষ্টেৰে ডাঙৰ দীঘল কৰা তেনে বহু সন্তানেই পৰিয়াল বা সমাজত আশা নকৰাকৈ একো একোটি ভিন্ন প্ৰতিচ্ছবিৰুপে দেখা দিয়ে ।
অভিভাৱকৰ সঠিক যতনেৰে লালন পালন কৰা একোজন সুসন্তানে পৰিয়াল তথা সমাজলৈ সুনাম কঢ়িয়াই অনাৰ বিপৰীতে হিয়াৰ আমঠু সদৃশ নিজৰ সন্তানক অধিক মৰম যতনেৰে পালন কৰা আজিৰ সমাজত দেখি অহা বহুতো সন্তানে পিতৃমাতৃ বা সমাজৰ বাবে কুলাঙ্গাৰ/ব্যভিচাৰ ৰূপত দেখা দিয়ে - যাৰ ফলত পিতৃ মাতৃ স্বজন পৰিয়াল হতাশাত ভুগিব লগা হয়।
সন্তানৰ পৰা পোৱা সুখ দুখ পুৰ্বজনমৰ কৰ্মফল বা ভাগ্যফলত হোৱা বুলি কলে ভাবিবলগীয়া একো নাই । তথাপি সন্তানৰ সুস্বাস্থ্য, সুশিক্ষা,সুধৰ্ম কৰ্ম নীতি আদৰ্শ জ্ঞান প্ৰদানৰ প্ৰতি জন্মদাতা বা অভিভাৱকৰেই প্ৰথম আৰু প্ৰধান নৈতিক দায়িত্ব ।
সন্তানৰ ০-৫ম বছৰ বয়সকালেই হৈছে প্ৰকৃতিজগত খনক দেখা ,চিনিপোৱা আৰু অপৈনত দেহৰ অংগপ্ৰত্যঙ্গ গঠনৰ সময় ।
এই ক্ষেত্ৰত প্ৰথম ছমাহ বয়স পৰ্যন্ত যথোচিত নিয়ম আৰু প্ৰয়োজন মতে মাতৃদুগ্ধ পান কৰোৱাটো নিতান্তই কৰ্তব্য । তাৰ বাবে মাতৃ গৰাকীৰ সুষম খাদ্য আৰু স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়াতো অতিকে প্ৰয়োজনীয় ।
👭 শিশুৰ স্বাস্থ্য-
সন্তানক ভাল মানুহ কৰি গঢ়ি তুলিবলৈ শিশুটিৰ স্বাস্থ্য আৰু মস্তিষ্ক গঠনৰ এই কালচোৱাত খাদ্য নীতি ও শিশুপালন বিধিৰ সম্যক জ্ঞান অনুসৰি যতন লোৱাটো বাঞ্চনীয় । বয়স বাঢ়ি অহাৰ লগেলগে বেচিভাগ ক্ষেত্ৰতে সন্তানৰ প্ৰতি অধিক স্নেহৰ বাবে বিজ্ঞাপন সমুহত দেখা অধিক ভিটামিন /প্ৰটিন /চৰ্বি/কেলৰী আৰু কেমিকেল যুক্ত বজাৰৰ লোভনীয় শিশুখাদ্য ,অধিক মিঠাই, মাছ,মাংস,কণী, মচলা যুক্ত গুৰুপাক আহাৰে শিশুটিক ৰুগীয়া তথা সৰ্বাংগীন বিকাশত বাধাস্বৰূপ হোৱা দেখা যায় ।
শিশুৰ খাদ্যৰ বিষয়ে চিকিৎসকৰ পৰামৰ্শ লোৱাতো ভাল ।
জানি থোৱা ভাল যে মানুহৰ স্বভাৱ চৰিত্ৰৰ ওপৰত খাদ্যৰ প্ৰভাৱ বাৰুকৈয়ে পৰে। আনহাতে শিশুৰ পাকস্থলি যথেস্থ কোমল আৰু স্পৰ্শকাতৰ হোৱাৰ বাবে সৰুবৰ নানাবিধ ৰোগ হব পাৰে । সেয়ে শিশুক অসময়ত ইটো সিটো খুউৱাৰ অভ্যাস নকৰাই সহজে হজম হব পৰা ঘৰুৱা তথা প্ৰাকৃতিক সুষম আৰু ঔষধি গুণযুক্ত খাদ্য (পৰা পক্ষত নিৰামিষ আহাৰ) খুউৱাটো সুন্দৰ স্বাস্থ্য আৰু সুস্থ্য মস্তিষ্ক গঠনৰ বাবে খুবেই উত্তম ।
পৰাপক্ষত দোকান বজাৰৰ লোভনীয় যিকোনো বস্তু নুখুৱাব নাইবা মৰমতে সেইবোৰ খুৱাই কু অভ্যাস নকৰাব ।
👭শিশুৰ ৰোগত সঠিক চিকিৎসা কৰাটো অতিকৈ প্ৰয়োজন । সেইবুলি সকলো ৰোগতে সঘনাই ঔষধ খুৱাব নালাগে । কিছুমান সৰুসুৰা ৰোগত হতাশ নহৈ সঠিক যতন ললে নিজে নিজেই বা প্ৰাকৃতিকভাৱেই ভাল হয়। ঘৰৰ বা বিজ্ঞ ব্যক্তিৰ ঘৰুৱা শুস্ৰুষা বা শিশুপালন বিধি-ৰ পুস্তিকাৰ দিহা মানিব পাৰে । ।( অধিক ঔষধ সেৱনে পাৰ্শ্বক্ৰিয়া ঘটাই হানি কৰাব পাৰে।)
⛔মনত ৰখা ভাল:-- খাদ্য শুদ্ধ আৰু সুষম হলে দেহ শুদ্ধ হয় , দেহ শুদ্ধ হলে মন, মন শুদ্ধ হলে চিন্তা শুদ্ধ হয় , চিন্তা শুদ্ধ হলে কৰ্ম শুদ্ধ হয় , কৰ্মৰ শুদ্ধতাই জীৱন ধন্য কৰে ।
দ্বিতীয়তে শিশুটি বয়সৰ লগে লগে নজনাক জনাৰ ,নেদেখাক দেখাৰ বা নিচিনাক চিনাৰ হেপাহৰ লগতে মানসিক দিশত বহুতো জ্ঞান আহৰন আৰু কল্পনাপ্ৰৱন হৈ পৰে । সমবয়সৰ সংগলাভ প্ৰিয় হৈ পৰে । এনে সময়ত পিতৃ মাতৃ বা জড়িত ব্যক্তিৰ ভুমিকা অধিক মহত্বপুৰ্ন ।
শিশুৱে কৰা উপৰ্যুপৰি প্ৰশ্নৰ উত্তৰ যথোচিত ভাৱে দিব। পৰাপক্ষত কাজিয়া,খং , বা অপ্ৰীতিকৰ পৰিস্থিতিৰ পৰা আতৰত ৰখা ভাল । মিছা কথা কোৱা , চুৰকৰা ,হিংসা কৰা আদিবোৰ যে বেয়া কাম আৰু কোনবোৰ ভাল কাম বুজাই দিব। সন্তানৰ স্বভাৱগত কিছু বেয়া লক্ষন দেখিলে সেইবোৰ আতৰাবলৈ চেষ্টা কৰিব ।
ভাল মানুহ কাক বোলে বেয়া কাক বোলে সুন্দৰকৈ বুজাব।
ভাল সংগত কি হয় বেয়া সংগত কি হয়,
ভাল কামৰ ফল আৰু বেয়া কামৰ ফল কি হয় , সৰুসুৰা সাধুকথা ,ধৰ্মীয় আখ্যান আদি শুনাই ভালদৰে বুজাই দিব।
বহুতো শিশুৱে খাওতে আমনি কৰা , ইবিধ সিবিধ খাব নোখোজা স্বভাৱ ।ভোক লাগিলে নিশ্চয় খাব।। সেয়ে অসময়ত বাহিৰা যেই সেই বস্তু নুখুৱাব ।
শিশুৱে মাত কথা বুজা হোৱাৰ পিছত
কি খাদ্য খালে ভাল , কি খাদ্য বেয়া ,কি ফল, পাচলি আদি কোনটো খালে ভাল বা বেয়া বুজাই কব । এনেবোৰ ভাল বেয়াৰ জ্ঞান শিশুকালতে শিকাই বুজাই দিয়াতো অতিকৈ প্ৰয়োজনীয় ।
পুৱা গধুলি ভগৱানক সেৱা প্ৰাৰ্থনা কৰা , ডাঙৰক সেৱা কৰা, কিবা ভুল কৰিলে ক্ষমা বিচৰা , আদি অভ্যাস সৰুৰে পৰা শিকালে শিশুৰ মানসিক ,আধ্যাত্মিক উন্নতি সাধন হয় ।
🌃লৰাছোৱালীয়ে হাঁহি স্ফুৰ্তি আমোদ প্ৰমোদ অতিকে ভাল পায়। আজিকালি টিভি/মোবাইল/কম্পিঊটাৰ যুগত প্ৰায়বোৰ শিশু এইবোৰতে ব্যস্ত থাকে । শাৰিৰীক আৰু মানসিক উন্নতিৰ দিশত অভিভাৱকে ভৱাতকৈ বেচি ক্ষতিহে কৰে । এনেবোৰ আমোদত অধিক সময় ব্যস্ত নাৰাখি অভিভাৱক সকলে শিশুৱে আনন্দ পোৱা অন্য কথাটো ব্যস্ত ৰাখিব পাৰে ।। দৰকাৰবোধে শিশুসুলভ মনোভাৱেৰে অভিভাৱক সকলে সিহঁতৰ সতে মিলি সমভাগী হলে আমোদ পায় ।
শিশুৱে শিশুৰ সংগ বিচাৰে । সেয়ে মাজে মাজে অইন শিশুৰ সংগসুখ দিয়া ,খেলাধুলা কৰা, ছবি অকা, নচা , গান গোৱা, মুকলিঠাইত ফুৰাচকা ,চৰাই চিৰিকতি জীৱজন্তু আদি চাব পালে মানসিক ভাৱে খুবেই আনন্দিত হয়।
শিশুটিক তথাকথিত এজন ভাল মানুহ কৰি গঢ় দিবলৈ সুশিক্ষা দিয়াতো অতিকে প্ৰয়োজন । সেয়ে পঢ়াশুনাৰ প্ৰতি অধিক উৎসাহ বঢ়াব । বহুতো শিশুৱে পঢ়াৰ আগ্ৰহ নকৰে , স্বভাৱগত দুষ্টালি কৰি ভাল পায় । অভিভাৱকে খং ৰাগ, মাৰধৰ নকৰি মৰমেৰে বুজনি দিব ।।
অন্যহাতে স্কুলত ভাল নম্বৰ ভাল নাম কৰাবলৈ সন্তানক পঢ়াৰ প্ৰতি একেৰাহে অধিক চাপ দিয়াটোও উচিত নহয় । মাজে মাজে জিৰণি দিয়ালে মগজুৰ বিকাশত সহায়ক হয় ।
⛔ উল্লেখনীয় বিষয়টো হ'ল--- আজকালিৰ শিক্ষাপদ্ধতিত ছাত্রসকলৰ প্ৰতি ইমানেই চাপ পৰিছে যে প্ৰায়বোৰ ছাত্রই এৰি অহা শ্ৰেণীৰ পাঠ সমূলি পাহৰে ।
বন্ধুবান্ধৱী সকল ,
বাবা মাইনাৰ মাক দেউতাক সকল
ভাগ্যফল বা কৰ্মফলমতে আপোনাৰ মৰমৰ ল'ৰা বা ছোৱালীজনী ডাঙৰ হৈ কি হব কোনেও নাজানো । নেতা হয় ,বিষয়া হয়, ব্যৱসায়ী হয় ,মন্ত্ৰী হয় ,ধনী হয়,দুখীয়া হয়,যিয়েই নহওক এজন ভাল মানুহ হওঁক।
✔প্ৰকৃতি জগতৰ সকলো গছ গছনি ,চৰাই চিৰিকতি, পোক পৰুৱা জীৱজন্তুৱে নিজৰ সন্তান বা পৰৱৰ্তী বংশধৰক অধিক মৰম যতনেৰে লালন পালন কৰাই নিজতকৈ উৎকৃষ্ট ৰুপত গঢ় দিব খোজাতো প্ৰকৃতিক ধৰ্ম ।
⛔ ➡পঢ়াত অধিক নম্বৰ পাই নাম কৰাই নহয় ,
অধম ছাত্রয়ো একালত গৈ সুখ্যাতি অৰ্জন কৰা বহুতো উদাহৰণ আছে ।
সেয়ে নিজে অত্যধিক কল্পনা প্ৰৱন হোৱাৰ আগতে আপোনাৰ শিশুটিৰ স্বাস্থ্য ,নৈতিক শিক্ষা দীক্ষা দানৰ প্ৰতি সচেতন হওঁক । পিতৃ, মাতৃ ,পৰিয়ালৰ মৰম যতন তথা সুসংগ ,সুকৰ্ম, চাৰিত্ৰিক ,আৰু নৈতিক শিক্ষা লাভৰ প্ৰতি গুৰুত্ব দিয়ক ।
শিশুৰ স্মৃতি শক্তি অতিকে প্ৰৱল । সেয়ে সৰুকালিতে আদিগুৰুৰ পৰা শিকা নৈতিক ,বৌদ্ধিক,আধ্যাত্মিক ,সামাজিক আদি সকলো কথা শিশুৰ অৱচেতন মনত চিৰদিনলৈ জমা হৈ ৰয় আৰু ডাঙৰ হৈ পৰৱৰ্তী জীৱনকালত তেনেবোৰ শিক্ষাই ভালপথ বেয়াপথ বাচনিত সহায়ক হব
বিঃদ্ৰঃ SMJ24 ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য যতীন দাসৰ দ্বাৰা প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment