কৃষ্ণ-কৃষ+ণ ৷“কৃষ” শব্দ পৃথিৱী বাচক ৷'ণ’-আনন্দ বুজায়,আনন্দত প্ৰবৰ্ত্তন কৰা ৷এই কৃষ আৰু ণ মিলি পৰমব্ৰহ্ম ৰূপ কৃষ্ণ নাম হৈছে ৷কৃষ্ণ নামে কেৱল আনন্দক বুজায় ৷
“কৃষ”শব্দ পৃথিৱী তথা প্ৰকৃতি বাচক ৷ইয়াতেই পঞ্চভূতৰ দ্বাৰা স্বেদজ,অণ্ডজ,উদ্ভিদজ,আৰু জৰায়ুজ-চাৰি প্ৰকাৰ প্ৰাণীৰ উৎপত্তি হয় ৷এই জড় পৃথিৱীত জড় দেহৰ মাজত বিৰাজ কৰি আছে 'ণ’ আনন্দৰ বীজ ৷এই আনন্দই সৃষ্টি মূল তত্ব আনন্দৰ পূৰ্ণমূৰ্ত্তি ৷সৃষ্টিৰ উৎপত্তি আৰু লয়ৰ স্থান পৰম ব্ৰহ্ম কৃষ্ণ আনন্দৰ মূৰ্ত্তি ৷পৃথিৱীৰ সকলো জীৱৰ জড় শৰীৰত পৰম ব্ৰহ্ম কৃষ্ণৰ অনন্ত আনন্দ কণা সংযোগ হৈ থকাৰ বাবেই সকলো প্ৰানী চৈতন্যময় হৈ আছে ৷এই চৈতন্যই আনন্দৰ প্ৰকাশ ৷কৃষ্ণ নাম ললে পৰমানন্দ সুখ মিলে ৷এই শিশু কৃষ্ণৰ মুখ গৰ্ভতে যশোদাই সমস্ত জগত দেখা পাইছিল,সেয়ে ঘোষাত কৈছে--“পৰম ব্ৰহ্ম ৰূপ কৃষ্ণ”
বিঃদ্ৰঃ SMJ24 ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য কমল লোচন পাঠকৰ দ্বাৰা প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment